--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লতা মংগেশকাৰ (Lata Mangeshkar)। এই নামটোৰ অবিহনে ভাৰতীয় সংগীত পৃথিৱীখনৰ কথা কেতিয়াও কল্পনা কৰিব নোৱাৰি। সাক্ষাৎ যেন দেৱী সৰস্বতী আছিল লতা মংগেশকাৰ, যি কথা প্ৰতিজন ভাৰতীয়ই অনুভৱ কৰে। সুৰ সম্ৰাজ্ঞী লতা মংগেশকাৰে জীৱনজোৰা মূল্যবোধক সদায়ে গুৰুত্ব প্ৰদান কৰি আহিছিল। শেহতীয়াকৈ লতাজীৰ ভগ্নী আশা ভোচলেই লতা মংগেশকাৰৰ মূল্যবোধৰ এক কথা প্ৰকাশ কৰিছে। 

মুম্বাইত অনুষ্ঠিত প্ৰথম 'লতা দীননাথ মংগেশকাৰ' বঁটা প্ৰদান অনুষ্ঠানত আশা ভোচলেই এই কাহিনীটো প্ৰকাশ কৰিছিল। তেওঁ কৈছিল যে এবাৰ বিয়া এখনত গান গোৱাৰ প্ৰস্তাৱ আহিছিল লতা মংগেশকাৰলৈ। তাত গান গোৱাৰ বিনিময়ত লতাজীক বিশাল পৰিমাণৰ ধন দিয়াৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছিল। এই প্ৰস্তাৱ একেষাৰতে নাকচ কৰিছিল লতাজীয়ে। প্ৰস্তাৱটো নাকচ কৰি তেওঁ কৈছিল-''১০ কোটি ডলাৰ দিলেও মই বিয়াত গান নাগাওঁ, বেয়া নাপাব।'' 

উল্লেখ্য যে লতা মংগেশকাৰে সদায় কণ্ঠশিল্পীসকলৰ সন্মানৰ বাবে যুঁজ দি আহিছিল। লতা দিদিৰ প্ৰচেষ্টাৰ বাবেই গায়ক-গায়িকাসকলৰ নাম ৰেকৰ্ডত উল্লেখ কৰিবলৈ আৰম্ভ কৰিছিল। প্ৰথমবাৰৰ বাবে গায়িকাগৰাকীয়ে গোৱা 'আয়েগা আনাৱালা' গানটোত গায়িকাগৰাকীৰ নাম উল্লেখ কৰা হৈছিল। তাৰপাছত পৰ্দাত থকা গায়ক-গায়িকাসকলৰ নাম তেওঁৰ প্ৰচেষ্টাতে যোগ দিয়া হৈছিল। পাছলৈ কণ্ঠশিল্পীসকলৰ ৰয়েল্টিৰ বিষয়টোও সকলোৰে দৃষ্টিগোচৰ কৰিছিল লতা মংগেশকাৰে। 

সংগীত আছিল লতা মংগেশকাৰৰ ধ্যান। সেয়েহে তেওঁ ১০৪ ডিগ্ৰী জ্বৰ উঠাৰ পাছতো কামৰ পৰা ছুটি লোৱা নাছিল। ২০২২ বৰ্ষৰ ৬ ফেব্ৰুৱাৰীত ৯২ বছৰ বয়সত সকলোকে কন্দুৱাই 'নাইটিংগেল অৱ ইণ্ডিয়া' লতা মংগেশকাৰে পৰলোকলৈ গমন কৰে।

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ