--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লতা মংগেশকাৰ (Lata Mangeshkar)। এই নামটোৰ অবিহনে ভাৰতীয় সংগীত পৃথিৱীখনৰ কথা কেতিয়াও কল্পনা কৰিব নোৱাৰি। সাক্ষাৎ যেন দেৱী সৰস্বতী আছিল লতা মংগেশকাৰ, যি কথা প্ৰতিজন ভাৰতীয়ই অনুভৱ কৰে। সুৰ সম্ৰাজ্ঞী লতা মংগেশকাৰে জীৱনজোৰা মূল্যবোধক সদায়ে গুৰুত্ব প্ৰদান কৰি আহিছিল। শেহতীয়াকৈ লতাজীৰ ভগ্নী আশা ভোচলেই লতা মংগেশকাৰৰ মূল্যবোধৰ এক কথা প্ৰকাশ কৰিছে। 

মুম্বাইত অনুষ্ঠিত প্ৰথম 'লতা দীননাথ মংগেশকাৰ' বঁটা প্ৰদান অনুষ্ঠানত আশা ভোচলেই এই কাহিনীটো প্ৰকাশ কৰিছিল। তেওঁ কৈছিল যে এবাৰ বিয়া এখনত গান গোৱাৰ প্ৰস্তাৱ আহিছিল লতা মংগেশকাৰলৈ। তাত গান গোৱাৰ বিনিময়ত লতাজীক বিশাল পৰিমাণৰ ধন দিয়াৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছিল। এই প্ৰস্তাৱ একেষাৰতে নাকচ কৰিছিল লতাজীয়ে। প্ৰস্তাৱটো নাকচ কৰি তেওঁ কৈছিল-''১০ কোটি ডলাৰ দিলেও মই বিয়াত গান নাগাওঁ, বেয়া নাপাব।'' 

উল্লেখ্য যে লতা মংগেশকাৰে সদায় কণ্ঠশিল্পীসকলৰ সন্মানৰ বাবে যুঁজ দি আহিছিল। লতা দিদিৰ প্ৰচেষ্টাৰ বাবেই গায়ক-গায়িকাসকলৰ নাম ৰেকৰ্ডত উল্লেখ কৰিবলৈ আৰম্ভ কৰিছিল। প্ৰথমবাৰৰ বাবে গায়িকাগৰাকীয়ে গোৱা 'আয়েগা আনাৱালা' গানটোত গায়িকাগৰাকীৰ নাম উল্লেখ কৰা হৈছিল। তাৰপাছত পৰ্দাত থকা গায়ক-গায়িকাসকলৰ নাম তেওঁৰ প্ৰচেষ্টাতে যোগ দিয়া হৈছিল। পাছলৈ কণ্ঠশিল্পীসকলৰ ৰয়েল্টিৰ বিষয়টোও সকলোৰে দৃষ্টিগোচৰ কৰিছিল লতা মংগেশকাৰে। 

সংগীত আছিল লতা মংগেশকাৰৰ ধ্যান। সেয়েহে তেওঁ ১০৪ ডিগ্ৰী জ্বৰ উঠাৰ পাছতো কামৰ পৰা ছুটি লোৱা নাছিল। ২০২২ বৰ্ষৰ ৬ ফেব্ৰুৱাৰীত ৯২ বছৰ বয়সত সকলোকে কন্দুৱাই 'নাইটিংগেল অৱ ইণ্ডিয়া' লতা মংগেশকাৰে পৰলোকলৈ গমন কৰে।

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ