--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাটৰ ভদোদৰা ষ্টেচনত 'ৰেইজ' ছবিখনৰ প্ৰচাৰৰ সময়ত এজন ব্যক্তিৰ মৃত্যু হৈছিল।এই ঘটনাটোক কেন্দ্ৰ কৰি গুজৰাট উচ্চ ন্যায়ালয়ত চলি আছিল এটা গোচৰ। আদালতে ২০১৭চনৰ গোচৰটো আজি খাৰিজ কৰে। ফলস্বৰূপে, শ্বাহৰূখ খানে প্ৰায় পাঁচ বছৰ পিছত আইনী বিপাকৰ পৰা সকাহ লাভ কৰিছে।

স্মৰ্তব্য যে, ২০১৭চনৰ ২৩ জানুৱাৰীত বলীউডৰ কিং খানে তেওঁৰ ছবি 'ৰেইজ'ৰ প্ৰচাৰৰ বাবে গুজৰাটৰ ভদোদৰা ষ্টেচনলৈ গৈছিল ৰে’লেৰে। ৰে’লখন ষ্টেচন পোৱাৰ পিছত শ্বাহৰূখে স্মাইলী বল আৰু টি-ছাৰ্ট দলিয়াইছিল। ইফালে  কিং খানক এবাৰ ওচৰৰ পৰা চোৱাৰ হাবিয়াস আনফালে টি-চাৰ্ট আৰু স্মাইলী বল সংগ্ৰহৰ বাবে হেতাওপৰা। সামগ্রিকভাৱে, ষ্টেচনত হুলস্থূল পৰিৱেশৰ সৃষ্টি হৈছিল। পৰিস্থিতি ইমানেই উত্তেজনাপূৰ্ণ হৈ পৰিছিল যে আৰক্ষীয়ে লাঠী চাৰ্জো কৰিবলগীয়া হৈছিল। অনুৰাগীৰ হেটাওপৰাৰ মাজতে ঘটনাস্থলীত এজন শ্বাহৰূখ অনুৰাগীৰ মৃত্যু হৈছিল।

এগৰাকী অনুৰাগীৰ মৃত্যুৰ বাবে ভদোদৰাৰ নিম্ন আদালতত গোচৰ ৰুজু কৰা হৈছিল শ্বাহৰূখ খানৰ বিৰুদ্ধে। গোচৰটো সন্দৰ্ভত শ্বাহৰূখক মাতি পঠোৱা হৈছিল আদালতলৈ। কিং খানে গুজৰাট উচ্চ ন্যায়ালয়ত এই গোচৰটোৰ প্ৰত্যাহ্বান জনাই আন এটা গোচৰ ৰুজু কৰিছিল। সেই গোচৰটোৰে শুনানি আছিল বুধবাৰে।

গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নিখিল কাৰিয়েলৰ আগত কিং খানৰ অধিবক্তাই দাবী কৰে যে, ষ্টেচনত হোৱা হুলস্থুলৰ কোনো প্ৰমাণ নাই। আদালতে মানুহজনৰ মৃত্যুৰ কাৰণ পৰীক্ষা কৰিছিল। দেখা গৈছে যে মানুহজন হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল।’ ঘটনাটোৰ বিভিন্ন দিশ পৰীক্ষা-নিৰীক্ষা কৰাৰ পাছত ন্যায়াধীশে গোচৰটো খাৰিজ কৰে। ভদোদৰা ষ্টেচনত সেই ব্যক্তিজনৰ মৃত্যুৰ বাবে শ্বাহৰূখ দায়ী নহয় বুলি ঘোষণা কৰাৰ পাছত  স্বাভাৱিকতে স্বস্তিৰ নিশ্বাস পেলাইছে বলীউড বাদশ্বাহে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ