--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাটৰ ভদোদৰা ষ্টেচনত 'ৰেইজ' ছবিখনৰ প্ৰচাৰৰ সময়ত এজন ব্যক্তিৰ মৃত্যু হৈছিল।এই ঘটনাটোক কেন্দ্ৰ কৰি গুজৰাট উচ্চ ন্যায়ালয়ত চলি আছিল এটা গোচৰ। আদালতে ২০১৭চনৰ গোচৰটো আজি খাৰিজ কৰে। ফলস্বৰূপে, শ্বাহৰূখ খানে প্ৰায় পাঁচ বছৰ পিছত আইনী বিপাকৰ পৰা সকাহ লাভ কৰিছে।

স্মৰ্তব্য যে, ২০১৭চনৰ ২৩ জানুৱাৰীত বলীউডৰ কিং খানে তেওঁৰ ছবি 'ৰেইজ'ৰ প্ৰচাৰৰ বাবে গুজৰাটৰ ভদোদৰা ষ্টেচনলৈ গৈছিল ৰে’লেৰে। ৰে’লখন ষ্টেচন পোৱাৰ পিছত শ্বাহৰূখে স্মাইলী বল আৰু টি-ছাৰ্ট দলিয়াইছিল। ইফালে  কিং খানক এবাৰ ওচৰৰ পৰা চোৱাৰ হাবিয়াস আনফালে টি-চাৰ্ট আৰু স্মাইলী বল সংগ্ৰহৰ বাবে হেতাওপৰা। সামগ্রিকভাৱে, ষ্টেচনত হুলস্থূল পৰিৱেশৰ সৃষ্টি হৈছিল। পৰিস্থিতি ইমানেই উত্তেজনাপূৰ্ণ হৈ পৰিছিল যে আৰক্ষীয়ে লাঠী চাৰ্জো কৰিবলগীয়া হৈছিল। অনুৰাগীৰ হেটাওপৰাৰ মাজতে ঘটনাস্থলীত এজন শ্বাহৰূখ অনুৰাগীৰ মৃত্যু হৈছিল।

এগৰাকী অনুৰাগীৰ মৃত্যুৰ বাবে ভদোদৰাৰ নিম্ন আদালতত গোচৰ ৰুজু কৰা হৈছিল শ্বাহৰূখ খানৰ বিৰুদ্ধে। গোচৰটো সন্দৰ্ভত শ্বাহৰূখক মাতি পঠোৱা হৈছিল আদালতলৈ। কিং খানে গুজৰাট উচ্চ ন্যায়ালয়ত এই গোচৰটোৰ প্ৰত্যাহ্বান জনাই আন এটা গোচৰ ৰুজু কৰিছিল। সেই গোচৰটোৰে শুনানি আছিল বুধবাৰে।

গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নিখিল কাৰিয়েলৰ আগত কিং খানৰ অধিবক্তাই দাবী কৰে যে, ষ্টেচনত হোৱা হুলস্থুলৰ কোনো প্ৰমাণ নাই। আদালতে মানুহজনৰ মৃত্যুৰ কাৰণ পৰীক্ষা কৰিছিল। দেখা গৈছে যে মানুহজন হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল।’ ঘটনাটোৰ বিভিন্ন দিশ পৰীক্ষা-নিৰীক্ষা কৰাৰ পাছত ন্যায়াধীশে গোচৰটো খাৰিজ কৰে। ভদোদৰা ষ্টেচনত সেই ব্যক্তিজনৰ মৃত্যুৰ বাবে শ্বাহৰূখ দায়ী নহয় বুলি ঘোষণা কৰাৰ পাছত  স্বাভাৱিকতে স্বস্তিৰ নিশ্বাস পেলাইছে বলীউড বাদশ্বাহে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ