--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেইদিনমান আগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেশৰ মুখ্য ভাষা হিচাপে হিন্দীৰ পক্ষ লোৱা দেখা গৈছিল। কিন্তু গৃহমন্ত্ৰীগৰাকীৰ এনে সিদ্ধান্তৰ বিৰোধিতা কৰিছিল দক্ষিণৰ প্ৰসিদ্ধ সংগীত পৰিচালক এ আৰ ৰহমানে। ইফালে, বলীউড আৰু দক্ষিণ চলচ্চিত্ৰৰ মাজত এখন শীতল যুদ্ধও আৰম্ভ হোৱা দেখা গৈছে। এখনৰ পাছত আনখন দক্ষিণৰ ছবিয়ে সমগ্ৰ দেশৰ চিনেমা-প্ৰেমীসকলৰ হৃদয় জয় কৰাৰ পিছত, বলীউডৰ জয় যাত্ৰা কোনোৱাখিনিত স্তিমিত হোৱা যেন অনুভৱ কৰিবলৈ লৈছে একাংশই! এনে পৰিস্থিতিত দিনদিয়েক আগেয়ে 'মাখী' খ্যাত কানাড়া অভিনেতা কিচ্চা সুদীপে এই বিতৰ্কক আৰু অধিক উচতনি দিয়া দেখা গৈছে। তেওঁ কয়, ‘হিন্দী এতিয়া ৰাষ্ট্ৰ ভাষা নহয়।’কানাড়া অভিনেতাজনৰ এনে বিৰূপ মন্তব্যৰ পাছতে অভিনেতাজনক উভতি ধৰিছে বলীউড তাৰকা অজয় দেৱগনে।

এটা টুইটত কিচ্চা সুদীপক টেগ কৰি অজয়ে প্ৰশ্ন কৰিছে যে, ‘যদি হিন্দী ৰাষ্ট্ৰ ভাষা নহয়, তেন্তে দক্ষিণৰ চলচ্চিত্ৰসমূহ হিন্দী ভাষাত কিয় মুক্তি দিয়া হৈছে?’

শেহতীয়াকৈ, এখনৰ  পিছত আনখন দক্ষিণৰ চলচ্চিত্ৰই দৰ্শকৰ হৃদয় জয় কৰিছে। ইয়াৰ ভিতৰত আছে  কেজিএফ চেপ্টাৰ ২। সুদীপে শেহতীয়াকৈ এটা অনুষ্ঠানত কেজিএফ চেপ্টাৰ ২ ৰ কলা-কুশলী সকলক প্ৰশংকা কৰি কৈছিল যে, ‘সকলোৱে কৈছে যে কানাড়া উদ্যোগত এখন সৰ্বভাৰতীয় চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে। মই অলপ সংশোধন কৰিব বিচাৰো। হিন্দী ৰাষ্ট্ৰ ভাষা নহয়। তদুপৰি, বলীউডেও আজিকালি সৰ্বভাৰতীয় চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ লৈছে। তেওঁলোকে সফলতা পাবলৈ তেলেগু আৰু তামিল ভাষাত চলচ্চিত্ৰৰ ডাবিং কৰিছে। তথাপি আশানুৰূপ ফলাফল লাভ কৰিব পৰা নাই। আজি আমি নিৰ্মাণ কৰি থকা চলচ্চিত্ৰসমূহ সমগ্ৰ বিশ্বৰ দৰ্শকে চাইছে।’

কিচ্চা সুদীপৰ এই মন্তব্যই আচৰিত কৰি তুলিছে অজয় দেৱগনক। হিন্দী ভাষা আৰু বলীউডৰ ওপৰত সুদীপৰ মন্তব্যৰ পাছত সোচ্চাৰ হৈ পৰিছে অজয়। সুদীপক লক্ষ্য কৰি অজয়ৰ টুইট, ‘ভাই, যদিও হিন্দী আমাৰ ৰাষ্ট্ৰ ভাষা নহয়, তেতিয়াহ’লে তোমাৰ মাতৃভাষাত নিৰ্মিত চলচ্চিত্ৰবোৰ হিন্দীত কিয় ডাবিং  কৰা হৈছে? হিন্দী হৈছে আমাৰ মাতৃভাষা। আৰু ৰাষ্ট্ৰীয় ভাষা। চিৰকাল থাকিব। জন গণ মন। ’


দক্ষিণৰ তাৰকাজনে অজয়ৰ মন্তব্যৰ উত্তৰত কেইবাটাও টুইট পোষ্ট কৰা দেখা গৈছে। তেওঁ কয়, ‘মই যি প্ৰসংগত এই কথা কৈছিলো, সেয়া সম্পূৰ্ণ বেলেগ। মই ভাবো আপুনি এইটো অনুভৱ কৰিব পাৰিছে। মই কাকো আঘাত কৰিবলৈ বা বিতৰ্ক সৃষ্টি কৰিবলৈ এই কথা কোৱা নাছিলো। মই সকলো ভাষাক সন্মান কৰোঁ। এই বিতৰ্ক ইয়াতে শেষ হ'বলৈ দিয়ক। মই আপোনাক সন্মান কৰোঁ।’ অৱশ্যে, আন এটা টুইটত সুদীপে অজয়ক কয়, ‘আপুনি হিন্দীত টুইট কৰিছে। মই সেইটো বুজি পাইছো। যিহেতু মই হিন্দীক সন্মান কৰোঁ, মই শিকিবলৈ চেষ্টা কৰি আছোঁ। কিন্তু যদি মই আপোনাক কানাড়াত উত্তৰ দিলো হয়...! আমি কি ভাৰতীয় নহয় নেকি, ছাৰ!’

সুদীপৰ এই মন্তব্যৰ পিছত অজয়ৰ কণ্ঠত তুলনামূলকভাৱে কোমল সুৰৰ প্ৰতিধ্বনি শুনিবলৈ পোৱা যায়। অজয়ে কয়, ‘আপুনি মোৰ বন্ধু। ভুল বুজাবুজি দূৰ হোৱাই ভালে হ’ল। মই চলচ্চিত্ৰ উদ্যোগৰ একতাত বিশ্বাস কৰোঁ। আমি আমাৰ ভাষাৰ দৰে প্ৰতিটো ভাষাকে সন্মান কৰোঁ। ’

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ