--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেইদিনমান আগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেশৰ মুখ্য ভাষা হিচাপে হিন্দীৰ পক্ষ লোৱা দেখা গৈছিল। কিন্তু গৃহমন্ত্ৰীগৰাকীৰ এনে সিদ্ধান্তৰ বিৰোধিতা কৰিছিল দক্ষিণৰ প্ৰসিদ্ধ সংগীত পৰিচালক এ আৰ ৰহমানে। ইফালে, বলীউড আৰু দক্ষিণ চলচ্চিত্ৰৰ মাজত এখন শীতল যুদ্ধও আৰম্ভ হোৱা দেখা গৈছে। এখনৰ পাছত আনখন দক্ষিণৰ ছবিয়ে সমগ্ৰ দেশৰ চিনেমা-প্ৰেমীসকলৰ হৃদয় জয় কৰাৰ পিছত, বলীউডৰ জয় যাত্ৰা কোনোৱাখিনিত স্তিমিত হোৱা যেন অনুভৱ কৰিবলৈ লৈছে একাংশই! এনে পৰিস্থিতিত দিনদিয়েক আগেয়ে 'মাখী' খ্যাত কানাড়া অভিনেতা কিচ্চা সুদীপে এই বিতৰ্কক আৰু অধিক উচতনি দিয়া দেখা গৈছে। তেওঁ কয়, ‘হিন্দী এতিয়া ৰাষ্ট্ৰ ভাষা নহয়।’কানাড়া অভিনেতাজনৰ এনে বিৰূপ মন্তব্যৰ পাছতে অভিনেতাজনক উভতি ধৰিছে বলীউড তাৰকা অজয় দেৱগনে।

এটা টুইটত কিচ্চা সুদীপক টেগ কৰি অজয়ে প্ৰশ্ন কৰিছে যে, ‘যদি হিন্দী ৰাষ্ট্ৰ ভাষা নহয়, তেন্তে দক্ষিণৰ চলচ্চিত্ৰসমূহ হিন্দী ভাষাত কিয় মুক্তি দিয়া হৈছে?’

শেহতীয়াকৈ, এখনৰ  পিছত আনখন দক্ষিণৰ চলচ্চিত্ৰই দৰ্শকৰ হৃদয় জয় কৰিছে। ইয়াৰ ভিতৰত আছে  কেজিএফ চেপ্টাৰ ২। সুদীপে শেহতীয়াকৈ এটা অনুষ্ঠানত কেজিএফ চেপ্টাৰ ২ ৰ কলা-কুশলী সকলক প্ৰশংকা কৰি কৈছিল যে, ‘সকলোৱে কৈছে যে কানাড়া উদ্যোগত এখন সৰ্বভাৰতীয় চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে। মই অলপ সংশোধন কৰিব বিচাৰো। হিন্দী ৰাষ্ট্ৰ ভাষা নহয়। তদুপৰি, বলীউডেও আজিকালি সৰ্বভাৰতীয় চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ লৈছে। তেওঁলোকে সফলতা পাবলৈ তেলেগু আৰু তামিল ভাষাত চলচ্চিত্ৰৰ ডাবিং কৰিছে। তথাপি আশানুৰূপ ফলাফল লাভ কৰিব পৰা নাই। আজি আমি নিৰ্মাণ কৰি থকা চলচ্চিত্ৰসমূহ সমগ্ৰ বিশ্বৰ দৰ্শকে চাইছে।’

কিচ্চা সুদীপৰ এই মন্তব্যই আচৰিত কৰি তুলিছে অজয় দেৱগনক। হিন্দী ভাষা আৰু বলীউডৰ ওপৰত সুদীপৰ মন্তব্যৰ পাছত সোচ্চাৰ হৈ পৰিছে অজয়। সুদীপক লক্ষ্য কৰি অজয়ৰ টুইট, ‘ভাই, যদিও হিন্দী আমাৰ ৰাষ্ট্ৰ ভাষা নহয়, তেতিয়াহ’লে তোমাৰ মাতৃভাষাত নিৰ্মিত চলচ্চিত্ৰবোৰ হিন্দীত কিয় ডাবিং  কৰা হৈছে? হিন্দী হৈছে আমাৰ মাতৃভাষা। আৰু ৰাষ্ট্ৰীয় ভাষা। চিৰকাল থাকিব। জন গণ মন। ’


দক্ষিণৰ তাৰকাজনে অজয়ৰ মন্তব্যৰ উত্তৰত কেইবাটাও টুইট পোষ্ট কৰা দেখা গৈছে। তেওঁ কয়, ‘মই যি প্ৰসংগত এই কথা কৈছিলো, সেয়া সম্পূৰ্ণ বেলেগ। মই ভাবো আপুনি এইটো অনুভৱ কৰিব পাৰিছে। মই কাকো আঘাত কৰিবলৈ বা বিতৰ্ক সৃষ্টি কৰিবলৈ এই কথা কোৱা নাছিলো। মই সকলো ভাষাক সন্মান কৰোঁ। এই বিতৰ্ক ইয়াতে শেষ হ'বলৈ দিয়ক। মই আপোনাক সন্মান কৰোঁ।’ অৱশ্যে, আন এটা টুইটত সুদীপে অজয়ক কয়, ‘আপুনি হিন্দীত টুইট কৰিছে। মই সেইটো বুজি পাইছো। যিহেতু মই হিন্দীক সন্মান কৰোঁ, মই শিকিবলৈ চেষ্টা কৰি আছোঁ। কিন্তু যদি মই আপোনাক কানাড়াত উত্তৰ দিলো হয়...! আমি কি ভাৰতীয় নহয় নেকি, ছাৰ!’

সুদীপৰ এই মন্তব্যৰ পিছত অজয়ৰ কণ্ঠত তুলনামূলকভাৱে কোমল সুৰৰ প্ৰতিধ্বনি শুনিবলৈ পোৱা যায়। অজয়ে কয়, ‘আপুনি মোৰ বন্ধু। ভুল বুজাবুজি দূৰ হোৱাই ভালে হ’ল। মই চলচ্চিত্ৰ উদ্যোগৰ একতাত বিশ্বাস কৰোঁ। আমি আমাৰ ভাষাৰ দৰে প্ৰতিটো ভাষাকে সন্মান কৰোঁ। ’

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ