--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ সপোনৰ গাড়ীখন কিনিবলৈ মহিন্দ্ৰা শ্বৰূমত উপস্থিত হৈছিল এজন কৃষক। কৃষকজনৰ দুজনমান বন্ধুও তেওঁৰ লগত গৈছিল। কিন্তু পৰিতাপৰ বিষয় যে মহিন্দ্ৰা শ্বৰূমৰ এগৰাকী ছেলছমেনে কৃষকজনৰ সাজপাৰ দেখি ইমান দামী গাড়ী কিনিবলৈ আহিছে বুলি উপহাস কৰে। কৃষকজনক ঠাট্টা কৰি একপ্ৰকাৰ অপমান কৰে ছেলছমেনজনে। কিন্তু ইয়াৰ পাছতেই কৃষকজনে যি কৰিলে সেয়া দেখি শ্বৰূমত উপস্থিত সকলো লোক অবাক লাগে। কৃষকজনৰ নাম কেম্পেগৌড়া আৰএল। এই ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ টুমকুৰত। কেম্পেগৌড়া পেছাত এজন পান খেতিয়ক। কেম্পেগৌড়াই সদৰী কৰা অনুসৰি তেওঁ যেতিয়া শ্বৰূমত SUV গাড়ীখন কিনিবৰ বাবে এগৰাকী ছেলছমেনৰ লগত কথা পাতিব বিছাৰিছিল, তেতিয়া এজন ছেলছমেনে কেম্পেগৌড়াৰ সাজপাৰ দেখি ঠাট্টা কৰি কয় ''পকেটত ১০ টকা আছে নে নাই ঠিক নাই তেওঁ আক কিনিবলৈ আহিছে SUV গাড়ী।'' ইয়াৰ পাছত হাঁহি হাঁহি ছেলছমেনজনে কেম্পেগৌড়াক কয় ''আপুনি যদি ৩০ মিনিটৰ ভিতৰত ১০ লাখ টকা কেছ আনি দিয়ে আমি আপোনাক গাড়ীখন আজিয়েই ডেলিভাৰী দিম।'' কেম্পেগৌড়াই ছেলছমেনজনৰ ঠাট্টাভৰা কথা শুনি তৎক্ষণাৎ তাৰ পৰা গুচি গ'ল আৰু অলপ সময়ৰ ভিতৰতে ১০ লাখ টকা আনি ছেলছমেনজনৰ আগত হাজিৰ হয়। এইবাৰ কেম্পেগৌড়াই কয় যে ''মই আপুনি কোৱা মতেই কেছ ১০ লাখ টকা আনি দিলোঁ, এতিয়া আপুনি আপোনাৰ কথা ৰাখক, মোক এতিয়াই SUV গাড়ীখনৰ ডেলিভাৰী দিয়ক।'' ইয়াৰ পাছতেই শ্বৰূমটোত হাহাকাৰ লাগে। এই কাণ্ড দেখি সকলো স্তম্ভিত হৈ পৰে। ছেলছমেনজন লাজত ৰঙা-চিঙা পৰে। অৱশেষত শ্বৰূমৰ মেনেজাৰে কেম্পেগৌড়াক কয় যে এখন গাড়ী ডেলিভাৰীৰ বাবে কমেও ২-৩ দিনৰ প্ৰয়োজন।  ঘটনাটো যোৱা শুকুৰবাৰে সংঘটিত হৈছিল। ইয়াৰপাছত শ্বৰূম কৰ্তৃপক্ষই শনিবাৰে আৰু দেওবাৰে চৰকাৰী বন্ধৰ কথা উল্লেখ কৰি গাড়ীখন ৩ দিনলৈকে ডেলিভাৰী দিব পৰা নাযাব বুলি কয়। এই কথাত কৃষক কেম্পেগৌড়া আৰু তেওঁৰ বন্ধুবৰ্গৰ খং উঠে আৰু গাড়ী়খন নোলোৱাকৈ শ্ব'ৰুম এৰিবলৈ অস্বীকাৰ কৰে। কেম্পেগৌড়াই আনকি শ্ব'ৰুমৰ সন্মুখত ধৰ্ণা দিম বুলিও সতৰ্কবাণী দিয়ে। কেম্পেগৌড়াই অৱশেষত আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে কেম্পেগৌড়াক বুজনি দিয়ে আৰু ছেলছমেনজনে তেওঁক ক্ষমা বিচাৰে। আৰক্ষীৰ বুজনি আৰু ছেলছমেনজনে ক্ষমা খোজাত বন্ধুবৰ্গৰ সৈতে শ্বৰূম ত্যাগ কৰি ঘৰলৈ উভতে কেম্পেগৌড়া। কৰ্ণাটকৰ এই ঘটনা বৰ্তমান সমগ্ৰ দেশজুৰি চৰ্চিত হৈ পৰিছে। আৰু পঢ়কঃ ‘বেডমেন’ৰ সংগ্ৰামী কাহিনীঃ ঘৰে-ঘৰে চাবোন বিকি স্কুলৰ মাচুল দিছিল গুলচন গ্ৰোভাৰে

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক