--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ সপোনৰ গাড়ীখন কিনিবলৈ মহিন্দ্ৰা শ্বৰূমত উপস্থিত হৈছিল এজন কৃষক। কৃষকজনৰ দুজনমান বন্ধুও তেওঁৰ লগত গৈছিল। কিন্তু পৰিতাপৰ বিষয় যে মহিন্দ্ৰা শ্বৰূমৰ এগৰাকী ছেলছমেনে কৃষকজনৰ সাজপাৰ দেখি ইমান দামী গাড়ী কিনিবলৈ আহিছে বুলি উপহাস কৰে। কৃষকজনক ঠাট্টা কৰি একপ্ৰকাৰ অপমান কৰে ছেলছমেনজনে। কিন্তু ইয়াৰ পাছতেই কৃষকজনে যি কৰিলে সেয়া দেখি শ্বৰূমত উপস্থিত সকলো লোক অবাক লাগে। কৃষকজনৰ নাম কেম্পেগৌড়া আৰএল। এই ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ টুমকুৰত। কেম্পেগৌড়া পেছাত এজন পান খেতিয়ক। কেম্পেগৌড়াই সদৰী কৰা অনুসৰি তেওঁ যেতিয়া শ্বৰূমত SUV গাড়ীখন কিনিবৰ বাবে এগৰাকী ছেলছমেনৰ লগত কথা পাতিব বিছাৰিছিল, তেতিয়া এজন ছেলছমেনে কেম্পেগৌড়াৰ সাজপাৰ দেখি ঠাট্টা কৰি কয় ''পকেটত ১০ টকা আছে নে নাই ঠিক নাই তেওঁ আক কিনিবলৈ আহিছে SUV গাড়ী।'' ইয়াৰ পাছত হাঁহি হাঁহি ছেলছমেনজনে কেম্পেগৌড়াক কয় ''আপুনি যদি ৩০ মিনিটৰ ভিতৰত ১০ লাখ টকা কেছ আনি দিয়ে আমি আপোনাক গাড়ীখন আজিয়েই ডেলিভাৰী দিম।'' কেম্পেগৌড়াই ছেলছমেনজনৰ ঠাট্টাভৰা কথা শুনি তৎক্ষণাৎ তাৰ পৰা গুচি গ'ল আৰু অলপ সময়ৰ ভিতৰতে ১০ লাখ টকা আনি ছেলছমেনজনৰ আগত হাজিৰ হয়। এইবাৰ কেম্পেগৌড়াই কয় যে ''মই আপুনি কোৱা মতেই কেছ ১০ লাখ টকা আনি দিলোঁ, এতিয়া আপুনি আপোনাৰ কথা ৰাখক, মোক এতিয়াই SUV গাড়ীখনৰ ডেলিভাৰী দিয়ক।'' ইয়াৰ পাছতেই শ্বৰূমটোত হাহাকাৰ লাগে। এই কাণ্ড দেখি সকলো স্তম্ভিত হৈ পৰে। ছেলছমেনজন লাজত ৰঙা-চিঙা পৰে। অৱশেষত শ্বৰূমৰ মেনেজাৰে কেম্পেগৌড়াক কয় যে এখন গাড়ী ডেলিভাৰীৰ বাবে কমেও ২-৩ দিনৰ প্ৰয়োজন।  ঘটনাটো যোৱা শুকুৰবাৰে সংঘটিত হৈছিল। ইয়াৰপাছত শ্বৰূম কৰ্তৃপক্ষই শনিবাৰে আৰু দেওবাৰে চৰকাৰী বন্ধৰ কথা উল্লেখ কৰি গাড়ীখন ৩ দিনলৈকে ডেলিভাৰী দিব পৰা নাযাব বুলি কয়। এই কথাত কৃষক কেম্পেগৌড়া আৰু তেওঁৰ বন্ধুবৰ্গৰ খং উঠে আৰু গাড়ী়খন নোলোৱাকৈ শ্ব'ৰুম এৰিবলৈ অস্বীকাৰ কৰে। কেম্পেগৌড়াই আনকি শ্ব'ৰুমৰ সন্মুখত ধৰ্ণা দিম বুলিও সতৰ্কবাণী দিয়ে। কেম্পেগৌড়াই অৱশেষত আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে কেম্পেগৌড়াক বুজনি দিয়ে আৰু ছেলছমেনজনে তেওঁক ক্ষমা বিচাৰে। আৰক্ষীৰ বুজনি আৰু ছেলছমেনজনে ক্ষমা খোজাত বন্ধুবৰ্গৰ সৈতে শ্বৰূম ত্যাগ কৰি ঘৰলৈ উভতে কেম্পেগৌড়া। কৰ্ণাটকৰ এই ঘটনা বৰ্তমান সমগ্ৰ দেশজুৰি চৰ্চিত হৈ পৰিছে। আৰু পঢ়কঃ ‘বেডমেন’ৰ সংগ্ৰামী কাহিনীঃ ঘৰে-ঘৰে চাবোন বিকি স্কুলৰ মাচুল দিছিল গুলচন গ্ৰোভাৰে

FOLLOW US F
POPULAR
FEATURE
TRENDY
শিক্ষা বিভাগৰ সমৱেশৰ ঠিকাত গুৰুতৰ অনিয়মৰ অভিযোগ,৭০% পলিয়েষ্টাৰৰ ইউনিফর্মে গৰমত দহিব কণ কণ শিক্ষার্থীক
ধনৰ অভাৱত বাতিল নিবিদা; ২৮ এপ্রিলত ১০০০ কোটিৰ ঋণ ল’ব অসম চৰকাৰে
আমেৰিকা-ইৰানৰ যুদ্ধক লৈ ৰাষ্ট্ৰসংঘৰ আশংকা; দাৰিদ্র্য সীমাৰেখাৰ তললৈ যাব বিশ্বৰ ৩ কোটি লোক
ইৰানী সেনাৰ আক্ৰমণত বিধ্বস্ত মার্কিন সামৰিক ঘাটি
আধাৰ কাৰ্ড এতিয়াৰে পৰা জন্মৰ তাৰিখৰ প্ৰমাণ নহয়: UIDAI-ৰ নতুন নিৰ্দেশনা
নয়দাত চাইবাৰ প্ৰৱঞ্চকৰ জাল: 'ডিজিটেল এৰেষ্ট'ৰ ভয় দেখুৱাই বৃদ্ধৰ পৰা লুটিলে ৮৫ লাখ টকা
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ