--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বাধীনতা দিৱসৰ দৰে গণৰাজ্য দিৱসো প্ৰতিজন ভাৰতীয়ৰ বাবে এক অতি গুৰুত্বপূৰ্ণ আৰু গৌৰৱান্বিত দিন। এক দীঘলীয়া সংগ্ৰামৰ পিছত, ভাৰতে ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতা লাভ কৰে। যি স্বাধীনতা হৈছে দেশৰ বীৰ পুত্ৰ, স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু ৰক্তপাতৰ ফল। ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ সংবিধান কাৰ্যকৰী হয় আৰু তেতিয়াৰ পৰাই ২৬ জানুৱাৰী দিনটো গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়। দিল্লীৰ ৰাজপথত প্ৰতিবছৰে এক ৰঙীন অনুষ্ঠানৰ সৈতে ভাৰতীয় গণৰাজ্য দিৱস উদযাপন কৰা হয়। এই বছৰ দেশে ৭৩ সংখ্যক গণৰাজ্য দিৱস পালন কৰিব আৰু ইয়াৰ বাবে দিল্লীৰ ৰাজপথত প্ৰায় সাজু কৰি তোলা হৈছে৷ এতিয়া নতুন দিল্লীয়ে নতুন পোছাক পিন্ধিব। দিল্লীৰ ৰাজপথত এতিয়া গণৰাজ্য দিৱসৰ শেষ মুহূৰ্তৰ প্ৰস্তুতি চলি আছে। কোভিড পৰিস্থিতিৰ বাবে, যোৱা দুবছৰ ধৰি অনুস্তুপিয়াকৈ গণৰাজ্য দিৱস উদযাপন কৰা হৈছে। এইবাৰো ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ ইণ্ডিয়া গেটত পালন কৰা হ’ব গণৰাজ্য দিৱস৷ এইবাৰ কাজাখস্তান, কিৰগিজস্তান, তাজিকিস্তান, তুৰ্কমেনিস্তান আৰু উজবেকিস্তানৰ বিশিষ্ট ব্যক্তিসকলে গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। অৱশ্যে, ক’ৰোনাৰ বদ্ধিত সংক্ৰমণৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি, এইবাৰ ২৪,০০০ ৰ পৰিৱৰ্তে মাত্ৰ ৪,০০০ লোকক ৰাজপথত একত্ৰিত হ'বলৈ অনুমতি দিয়া হৈছে। একে সময়তে, প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনাইছে যে ১৫ বছৰৰ তলৰ কোনো শিশু আৰু ভেকছিন গ্ৰহণ নকৰা লোকসকলে এই বছৰ পেৰেডত অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰিব। ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহে ইতিমধ্যে তথ্য লাভ কৰিছে যে সন্ত্ৰাসবাদীয়ে এই বছৰ গণৰা জ্য দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিশিষ্ট অতিথিসকলক আক্ৰমণৰ পৰিকল্পনা কৰিছে। শেহতীয়াকৈ, চোৰাংচোৱা সংস্থাৰ দ্বাৰা ন পৃষ্ঠাৰ এক প্ৰতিবেদন প্ৰস্তুত কৰা হৈছিল। প্ৰতিবেদন অনুসৰি, উগ্ৰপন্থীসকলে গণৰাজ্য দিৱসত প্ৰধানমন্ত্ৰী আৰু বিশিষ্ট অতিথিসকলক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে। ফলস্বৰূপে, দিল্লীত এতিয়া নিৰাপত্তাৰ দিশটোৰ প্ৰতি বিশেষভাৱে চকু ৰাখিছে নিৰাপত্তাৰক্ষীয়ে। সূত্ৰ অনুসৰি, আফগানিস্তান বা পাকিস্তান সীমান্তত অৱস্থিত উগ্ৰপন্থী গোটসমূহে আক্ৰমণৰ পৰিকল্পনা কৰি আছে। ২৬ জানুৱাৰী অৰ্থাৎ গণৰাজ্য দিৱসৰ মহত্ব? দেশে স্বাধীনতা লাভ কৰা প্ৰায় আঢ়ৈ বছৰৰ পিছত, দেশৰ সংবিধান প্ৰস্তুত কৰা হৈছিল। ১৯৪৭ চনত, বি.আৰ আম্বেদকাৰৰ অধ্যক্ষতাত খচৰা সমিতি গঠন কৰা হৈছিল। ১৯৪৭ চনৰ ৪ নৱেম্বৰত আম্বেদকাৰৰ নেতৃত্বত খচৰা সমিতিয়ে প্ৰথম ভাৰতীয় সংবিধানৰ খচৰা দাখিল কৰে। পিছত, ১৯৫০ চনৰ ২৬ জানুৱাৰীত এই সংবিধান দেশৰ জনসাধাৰণৰ বাবে সংবিধান কাৰ্যকৰী হয়। ২৬ জানুৱাৰীৰ দিনটোক মহাত্মা গান্ধীয়ে 'স্বাধীনতা সংকল্প দিৱস' হিচাপে নামাকৰণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্বকালৰ অভিলেখ ভংগ! এইবাৰ ধনতেৰছত সমগ্র দেশত ১.২৫ লাখ কোটিতকৈ অধিক টকাৰ সামগ্ৰী বিক্রী
পৰকীয়া প্ৰেমৰ ভয়ংকৰ কাণ্ড! পত্নীক চকীত বান্ধি পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই হ*ত্যা স্বামীৰ
আজি ভূত চতুৰ্দশী; ১৪ গচ চাকি জ্বলোৱা আৰু ১৪ বিধ শাক খোৱাৰ পৰম্পৰা কিয় প্ৰচলিত?
ৰোগত আক্ৰান্ত হৈ হতাশ মহিলা; পুত্ৰৰ সৈতে ১৮ মহলাৰ পৰা জাঁপ দি ল’লে চৰম সিদ্ধান্ত
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; ৯ নৱেম্বৰত পুনৰ ১০০০ কোটিৰ ঋণ ল’ব ৰাজ্য চৰকাৰে
টেঙাখাতৰ অইল ইণ্ডিয়াৰ ITFত ভয়ংকৰ অগ্নিকাণ্ড; এজনৰ মৃত্যু, কেইবাজনো গুৰুতৰভাৱে আহত, এজন সন্ধানহীন
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
মুজফ্ফৰনগৰত মৰ্মান্তিক ঘটনা! বিদ্যালয়ৰ খেল-ধেমালি প্ৰতিযোগিতাত ভাগ লওতে ১০ বছৰীয়া ছাত্ৰৰ হাৰ্ট এটেকত মৃত্যু
বিদ্যুৎ বিলৰ পৰা ৰেহাই পাব জনপ্রতিনিধিয়ে
জীয়াভৰলীত উভৈনদী দুষ্প্রাপ্য শিলঘৰীয়া মাছ
বৰা চাউল জলপানৰ স্বাস্থ্য উপকাৰিতা আৰু পুষ্টিগুণ
নেপালত ভয়ংকৰ ঘটনা! অৱতৰণৰ সময়তে দুখন হেলিকপ্টাৰৰ সংঘৰ্ষ; মৃত্যুক সাবটিলে ভাৰতীয় পৰ্যটকে