--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ক'ভিডসৃষ্ট পৰিৱেশৰ বাবে এইবাৰ গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত বান্ধি দিয়া হৈছে কঠোৰ নিয়মাৱলী৷ সীমিত অতিথি তথা জনসাধাৰণৰ অংশগ্ৰহণে এইবাৰ দিল্লীত অনুষ্ঠিত হ'ব গণৰাজ্য দিৱস৷ এইবাৰৰ অনুষ্ঠানত নাথাকিব কোনো বিদেশৰ মুখ্য অতিথিও৷ ইয়াৰ উপৰি এই বছৰৰ গণতন্ত্ৰ দিৱসৰ অনুষ্ঠানত ক'ভিডৰ সংক্ৰমণ বৃদ্ধিৰ হেতুকে দৰ্শকৰ মাজত কোনো শিশুক দেখিবলৈ পোৱা নাযাব। দিল্লী আৰক্ষীয়ে জাৰি কৰা নিৰ্দেশনাৱলী অনুসৰি ১৫ বছৰৰ তলৰ শিশুসকলক গণতন্ত্ৰ দিৱসৰ কুচকাৱাজত উপস্থিত থাকিবলৈ বাধা আৰোপ কৰিছে। ইয়াৰ উপৰি যিসকল লোকে সম্পূৰ্ণৰূপে টিকাকৰণ কৰা হোৱা নাই, তেওঁলোকক ২৬ জানুৱাৰীত অনুষ্ঠানস্থলীত অনুমতি দিয়া নহ'ব। ইয়াৰ পৰাই জানিব পৰা গৈছে যে অনুষ্ঠানটোত ১৮ বছৰৰ তলৰ কোনো দৰ্শনাৰ্থী নাথাকিব কিয়নো এই মাহতহে ১৫ৰ পৰা ১৮ বছৰৰ ভিতৰত কিশোৰসকলৰ বাবে টিকাকৰণ অভিযান আৰম্ভ হৈছিল। উল্লেখ্য যে, এই ক'ভিড নিৰ্দেশনাৱলীসমূহ পালন কৰাটো সকলোৰে বাবে বাধ্যতামূলক৷ লগতে মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব বজাই ৰখাতো কঠোৰ লক্ষ্য ৰাখিব দিল্লী আৰক্ষীয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক