--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ক'ভিডসৃষ্ট পৰিৱেশৰ বাবে এইবাৰ গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত বান্ধি দিয়া হৈছে কঠোৰ নিয়মাৱলী৷ সীমিত অতিথি তথা জনসাধাৰণৰ অংশগ্ৰহণে এইবাৰ দিল্লীত অনুষ্ঠিত হ'ব গণৰাজ্য দিৱস৷ এইবাৰৰ অনুষ্ঠানত নাথাকিব কোনো বিদেশৰ মুখ্য অতিথিও৷ ইয়াৰ উপৰি এই বছৰৰ গণতন্ত্ৰ দিৱসৰ অনুষ্ঠানত ক'ভিডৰ সংক্ৰমণ বৃদ্ধিৰ হেতুকে দৰ্শকৰ মাজত কোনো শিশুক দেখিবলৈ পোৱা নাযাব। দিল্লী আৰক্ষীয়ে জাৰি কৰা নিৰ্দেশনাৱলী অনুসৰি ১৫ বছৰৰ তলৰ শিশুসকলক গণতন্ত্ৰ দিৱসৰ কুচকাৱাজত উপস্থিত থাকিবলৈ বাধা আৰোপ কৰিছে। ইয়াৰ উপৰি যিসকল লোকে সম্পূৰ্ণৰূপে টিকাকৰণ কৰা হোৱা নাই, তেওঁলোকক ২৬ জানুৱাৰীত অনুষ্ঠানস্থলীত অনুমতি দিয়া নহ'ব। ইয়াৰ পৰাই জানিব পৰা গৈছে যে অনুষ্ঠানটোত ১৮ বছৰৰ তলৰ কোনো দৰ্শনাৰ্থী নাথাকিব কিয়নো এই মাহতহে ১৫ৰ পৰা ১৮ বছৰৰ ভিতৰত কিশোৰসকলৰ বাবে টিকাকৰণ অভিযান আৰম্ভ হৈছিল। উল্লেখ্য যে, এই ক'ভিড নিৰ্দেশনাৱলীসমূহ পালন কৰাটো সকলোৰে বাবে বাধ্যতামূলক৷ লগতে মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব বজাই ৰখাতো কঠোৰ লক্ষ্য ৰাখিব দিল্লী আৰক্ষীয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম