--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এবছৰ নহয়, দুবছৰ নহয়, এশ বছৰৰ পিছত অৰুণাচল প্ৰদেশত পুনৰ পোৱা গ’ল বিৰল উদ্ভিদ 'লিপষ্টিক ট্ৰি' । ইয়াক এসময়ত 'ইণ্ডিয়ান লিপষ্টিক প্লাণ্ট' বা ইণ্ডিয়ান লিপষ্টিক প্লাণ্ট বুলি জনা গৈছিল। বটানিকেল চাৰ্ভে অৱ ইণ্ডিয়াৰ গৱেষকসকলে অৰুণাচল প্ৰদেশৰ আজৱান জিলাত এই বিৰল প্ৰজাতিৰ গছ বিচাৰি পাইছে।

 ১৯১২ চনত ব্ৰিটিছ উদ্ভিদ বিজ্ঞানী ষ্টিফেন ট্ৰটে ডুন্নেই প্ৰথমে এই বিৰল গছ বিধ চিনাক্ত কৰিছিল। 'লিপষ্টিক ট্ৰি'ৰ ৰঙা ৰঙৰ ফুলবোৰৰ বাবেই গছজোপাৰ এনে নাম দিয়া হৈছিল ৷কাৰণ সেই গছৰ ফুলবোৰ  দেখাত  লিপষ্টিকৰ দৰে। অৱশ্যে, এই উদ্ভিদৰ বৈজ্ঞানিক নাম হৈছে এচিনান্থাছ মুদ্ৰাকাৰিয়া ডান।

 বিজ্ঞান আলোচনী এখনত এদল  গৱেষকে প্ৰকাশ কৰা মতে ১৯১২ চনৰ পৰা ভাৰতত 'লিপষ্টিক ট্ৰি'  দেথা যোৱা নাছিল।  এচিনান্থুছ শব্দটো গ্ৰীক শব্দ আইচাইন বা আইচিনৰ পৰা আহিছে। যাৰ অৰ্থ হৈছে লাজ। এন্থৰ অৰ্থ হৈছে ফুল।  অক্টোবৰ মাহৰ পৰা এই গছত ফুল ফুলে। 

 বিশেষজ্ঞসকলৰ মতে, এই প্ৰজাতিৰ গছবোৰ সাধাৰণতে চিৰসেউজ অৰণ্যৰ মাজত গজে। আৰ্দ্ৰ পৰিৱেশ এই গছৰ বাবে অনুকূল।  'লিপষ্টিক ট্ৰি'-এ সকলো নিজকে পৰিৱেশৰ সৈতে খাপ খুৱাই ল’ব নোৱাৰে। অৰুণাচলৰ আজৱান জিলাত মাজে মাজে ভূমিস্খলন হয়। তদুপৰি পাহাৰ ভাঙি  ৰাস্তা, কংক্ৰিটৰ ঘৰ, বজাৰ আদি নিৰ্মাণ কৰাৰ ফলত 'লিপষ্টিক ট্ৰি'ৰ বাবে পৰিবেশ নোহোৱা হৈ পৰিছে। 

এনেবোৰ কাৰকে 'লিপষ্টিক ট্ৰি'ৰ অস্তিত্বলৈ ভাবুকি কঢ়িয়াই আনিছে৷  পাহাৰত আধুনিকতাৰ পৰশ পৰাৰ লগে লগে  এই গছজোপা লাহে লাহে হেৰাই গৈছিল। এইবাৰ, গৱেষকসকলে 'লিপষ্টিক ট্ৰি'  অলপ অপ্ৰত্যাশিতভাৱে বিচাৰি পালে। 

অৰুণাচলত বিভিন্ন প্ৰজাতিৰ গছ পুনৰ আৱিষ্কাৰ হৈছে৷ যিয়ে ৰাজ্যখনৰ সমৃদ্ধ জৈৱ বৈচিত্ৰ্যৰ পৰিচয় দাঙি ধৰি আহিছে৷ 
 
FOLLOW US F
POPULAR
FEATURE
TRENDY
শিল্পীকা বৰদলৈৰ ৰাষ্ট্ৰীয় স্বীকৃতিক লৈ উৎফুল্ল যোৰহাটবাসী
ৰাছিয়াৰ কাষত মার্কিন পাৰমাণৱিক ছাবমেৰিন মোতায়েনৰ নিৰ্দেশ
ড° নগেন শইকীয়া, চৈয়দ চাদুল্লাক বাসগৃহতে সাক্ষাৎ সোণোৱালৰ
ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত জঘন্য ঘটনা ; ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ ওপৰত যৌন উৎপীড়ন
শীঘ্ৰেই ভাৰতৰ মানচিত্ৰৰ পৰা অদৃশ্য হ'ব হিমাচল প্রদেশ
প্ৰসংগ: ডিব্ৰুগড়ৰ উত্তম গগৈৰ হত্যাকাণ্ড ; ছুপাৰি কিলাৰক ১০ লাখ টকা দি হত্যা ব্যৱসায়ীজনক...