--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এবছৰ নহয়, দুবছৰ নহয়, এশ বছৰৰ পিছত অৰুণাচল প্ৰদেশত পুনৰ পোৱা গ’ল বিৰল উদ্ভিদ 'লিপষ্টিক ট্ৰি' । ইয়াক এসময়ত 'ইণ্ডিয়ান লিপষ্টিক প্লাণ্ট' বা ইণ্ডিয়ান লিপষ্টিক প্লাণ্ট বুলি জনা গৈছিল। বটানিকেল চাৰ্ভে অৱ ইণ্ডিয়াৰ গৱেষকসকলে অৰুণাচল প্ৰদেশৰ আজৱান জিলাত এই বিৰল প্ৰজাতিৰ গছ বিচাৰি পাইছে।

 ১৯১২ চনত ব্ৰিটিছ উদ্ভিদ বিজ্ঞানী ষ্টিফেন ট্ৰটে ডুন্নেই প্ৰথমে এই বিৰল গছ বিধ চিনাক্ত কৰিছিল। 'লিপষ্টিক ট্ৰি'ৰ ৰঙা ৰঙৰ ফুলবোৰৰ বাবেই গছজোপাৰ এনে নাম দিয়া হৈছিল ৷কাৰণ সেই গছৰ ফুলবোৰ  দেখাত  লিপষ্টিকৰ দৰে। অৱশ্যে, এই উদ্ভিদৰ বৈজ্ঞানিক নাম হৈছে এচিনান্থাছ মুদ্ৰাকাৰিয়া ডান।

 বিজ্ঞান আলোচনী এখনত এদল  গৱেষকে প্ৰকাশ কৰা মতে ১৯১২ চনৰ পৰা ভাৰতত 'লিপষ্টিক ট্ৰি'  দেথা যোৱা নাছিল।  এচিনান্থুছ শব্দটো গ্ৰীক শব্দ আইচাইন বা আইচিনৰ পৰা আহিছে। যাৰ অৰ্থ হৈছে লাজ। এন্থৰ অৰ্থ হৈছে ফুল।  অক্টোবৰ মাহৰ পৰা এই গছত ফুল ফুলে। 

 বিশেষজ্ঞসকলৰ মতে, এই প্ৰজাতিৰ গছবোৰ সাধাৰণতে চিৰসেউজ অৰণ্যৰ মাজত গজে। আৰ্দ্ৰ পৰিৱেশ এই গছৰ বাবে অনুকূল।  'লিপষ্টিক ট্ৰি'-এ সকলো নিজকে পৰিৱেশৰ সৈতে খাপ খুৱাই ল’ব নোৱাৰে। অৰুণাচলৰ আজৱান জিলাত মাজে মাজে ভূমিস্খলন হয়। তদুপৰি পাহাৰ ভাঙি  ৰাস্তা, কংক্ৰিটৰ ঘৰ, বজাৰ আদি নিৰ্মাণ কৰাৰ ফলত 'লিপষ্টিক ট্ৰি'ৰ বাবে পৰিবেশ নোহোৱা হৈ পৰিছে। 

এনেবোৰ কাৰকে 'লিপষ্টিক ট্ৰি'ৰ অস্তিত্বলৈ ভাবুকি কঢ়িয়াই আনিছে৷  পাহাৰত আধুনিকতাৰ পৰশ পৰাৰ লগে লগে  এই গছজোপা লাহে লাহে হেৰাই গৈছিল। এইবাৰ, গৱেষকসকলে 'লিপষ্টিক ট্ৰি'  অলপ অপ্ৰত্যাশিতভাৱে বিচাৰি পালে। 

অৰুণাচলত বিভিন্ন প্ৰজাতিৰ গছ পুনৰ আৱিষ্কাৰ হৈছে৷ যিয়ে ৰাজ্যখনৰ সমৃদ্ধ জৈৱ বৈচিত্ৰ্যৰ পৰিচয় দাঙি ধৰি আহিছে৷ 
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ