--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশৰ ভিতৰতে আটাইতকৈ বেছি সুৰা আৰু ধঁপাতজাতীয় সামগ্ৰী ব্যৱহাৰ হয় উত্তৰ পূবত। এই উদ্বেগজনক তথ্য প্ৰকাশ পাইছে শেহতীয়া এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ অধ্যয়নত। গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ ফালৰ পৰা এই ৰাষ্ট্ৰীয় প্ৰতিবেদনখন প্ৰকাশ কৰা হৈছে। 

ভাৰতীয় চিকিৎসা পৰিষদৰ অধীনত বেংগালুৰুৰ ৰাষ্ট্ৰীয় ৰোগ তথ্য আৰু গৱেষণা কেন্দ্ৰই এই অধ্যয়ন চলাইছিল। এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে উত্তৰ-পূব ভাৰতত যিকোনো প্ৰকাৰৰ ধপাতৰ সেৱনৰ হাৰ বৰ্তমান ৪৫.৭ শতাংশৰো অধিক  ইয়াৰ ভিতৰত ধোঁৱাযুক্ত ধঁপাতৰ হাৰ হৈছে ১৫.৫ শতাংশ আৰু ধোঁৱাবিহীন ধঁপাতৰ ব্যৱহাৰ ৩৩.৬ শতাংশৰো অধিক। একেদৰে, পুৰুষ আৰু মহিলা উভয়কে ধৰি উত্তৰ-পূবত সুৰা সেৱনৰ প্ৰৱণতাও অতি বেছি। ৰাষ্ট্ৰীয় গড়তকৈ এই হাৰ প্ৰায় দুগুণ বুলি কোৱা হৈছে প্ৰতিবেদনখনত। সুৰা সেৱনৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় গড় ১২ শতাংশ বুলি প্ৰকাশ কৰা হৈছে যদিও তাৰ তুলনাত উত্তৰ পূবত এই হাৰ দুগুণ বুলি কোৱা হৈছে উত্তৰ পূবত এই হাৰ ২২.৩ শতাংশ বুলি প্ৰতিবেদনখনত কোৱা হৈছে। এই অধ্যয়নটোত লগতে প্ৰকাশ কৰা হৈছে যে, উত্তৰ-পূৰ্বাঞ্চলৰ ১৮ ৰ পৰা ৬৯ বছৰ বয়সৰ ৩৫.২ শতাংশ পুৰুষে সুৰাপান কৰে

এই প্ৰতিবেদনখনত লগতে প্ৰকাশ কৰা হৈছে যে, উত্তৰ পূবৰ লোকসকলৰ মাজত এনচিডি ৰিস্ক ফেক্টৰ যেনে ওবেচিটী, ৰক্তচাপ বৃদ্ধি আৰু মধুমেহৰ দৰে সমস্যাও  হাৰ হৈছে ক্ৰমে ৩.৭ শতাংশ, ৩১.৮ শতাংশ আৰু ১০.৭ শতাংশ। উত্তৰ পূবৰ লোকসকলৰ মাজত অত্যধিক ওজন, ওবেচিটী, চেণ্ট্ৰেল ওবেচিটীৰ হাৰ হৈছে ক্ৰমে ২২.৪, ৩.৭ আৰু ২৯ শতাংশ। 

 এই প্ৰতিবেদনখন প্ৰকাশ পাইছে বিএমচি পাব্লিক হেলথত ৩১ মে’ৰ দিনটোত। বিবিচিআইৰ সঞ্চালক ডাঃ অমল চন্দ্ৰ কাকতিয়ে প্ৰকাশ কৰিছে যে, দেশত এতিয়া ৰোগৰ পেটাৰ্ন বা ধৰণ সলনি হৈছে। সংক্ৰামক ৰোগ, অপুষ্টি, প্ৰসূতিকালীন আৰু শৈশৱত হোৱা ৰোগ আদিৰ সলনি এতিয়া এনচিডি সৃষ্ট ৰোগৰ বোজা বাঢ়িছে। যেনে, হাইপাৰ টেনচন, ডায়েবিটিছ আৰু কেন্সাৰ। উদ্বেগজনক তথ্যটো হৈছে যে, এনচিডি সৃষ্ট ৰোগে ২০১৯ চনত দেশত ৬৫ শতাংশ লোকৰ মৃত্যুৰ কাৰণ হৈ পৰিছে। এনে ক্ষেত্ৰত উত্তৰ পূবৰ লোকসকলৰ মাজত এলকহল আৰু ধঁপাতৰ ব্যৱহাৰৰ প্ৰৱতা বৃদ্ধি হোৱাটো উদ্বেগৰ কাৰণ হৈ পৰিছে। 

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে