--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশৰ ভিতৰতে আটাইতকৈ বেছি সুৰা আৰু ধঁপাতজাতীয় সামগ্ৰী ব্যৱহাৰ হয় উত্তৰ পূবত। এই উদ্বেগজনক তথ্য প্ৰকাশ পাইছে শেহতীয়া এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ অধ্যয়নত। গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ ফালৰ পৰা এই ৰাষ্ট্ৰীয় প্ৰতিবেদনখন প্ৰকাশ কৰা হৈছে। 

ভাৰতীয় চিকিৎসা পৰিষদৰ অধীনত বেংগালুৰুৰ ৰাষ্ট্ৰীয় ৰোগ তথ্য আৰু গৱেষণা কেন্দ্ৰই এই অধ্যয়ন চলাইছিল। এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে উত্তৰ-পূব ভাৰতত যিকোনো প্ৰকাৰৰ ধপাতৰ সেৱনৰ হাৰ বৰ্তমান ৪৫.৭ শতাংশৰো অধিক  ইয়াৰ ভিতৰত ধোঁৱাযুক্ত ধঁপাতৰ হাৰ হৈছে ১৫.৫ শতাংশ আৰু ধোঁৱাবিহীন ধঁপাতৰ ব্যৱহাৰ ৩৩.৬ শতাংশৰো অধিক। একেদৰে, পুৰুষ আৰু মহিলা উভয়কে ধৰি উত্তৰ-পূবত সুৰা সেৱনৰ প্ৰৱণতাও অতি বেছি। ৰাষ্ট্ৰীয় গড়তকৈ এই হাৰ প্ৰায় দুগুণ বুলি কোৱা হৈছে প্ৰতিবেদনখনত। সুৰা সেৱনৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় গড় ১২ শতাংশ বুলি প্ৰকাশ কৰা হৈছে যদিও তাৰ তুলনাত উত্তৰ পূবত এই হাৰ দুগুণ বুলি কোৱা হৈছে উত্তৰ পূবত এই হাৰ ২২.৩ শতাংশ বুলি প্ৰতিবেদনখনত কোৱা হৈছে। এই অধ্যয়নটোত লগতে প্ৰকাশ কৰা হৈছে যে, উত্তৰ-পূৰ্বাঞ্চলৰ ১৮ ৰ পৰা ৬৯ বছৰ বয়সৰ ৩৫.২ শতাংশ পুৰুষে সুৰাপান কৰে

এই প্ৰতিবেদনখনত লগতে প্ৰকাশ কৰা হৈছে যে, উত্তৰ পূবৰ লোকসকলৰ মাজত এনচিডি ৰিস্ক ফেক্টৰ যেনে ওবেচিটী, ৰক্তচাপ বৃদ্ধি আৰু মধুমেহৰ দৰে সমস্যাও  হাৰ হৈছে ক্ৰমে ৩.৭ শতাংশ, ৩১.৮ শতাংশ আৰু ১০.৭ শতাংশ। উত্তৰ পূবৰ লোকসকলৰ মাজত অত্যধিক ওজন, ওবেচিটী, চেণ্ট্ৰেল ওবেচিটীৰ হাৰ হৈছে ক্ৰমে ২২.৪, ৩.৭ আৰু ২৯ শতাংশ। 

 এই প্ৰতিবেদনখন প্ৰকাশ পাইছে বিএমচি পাব্লিক হেলথত ৩১ মে’ৰ দিনটোত। বিবিচিআইৰ সঞ্চালক ডাঃ অমল চন্দ্ৰ কাকতিয়ে প্ৰকাশ কৰিছে যে, দেশত এতিয়া ৰোগৰ পেটাৰ্ন বা ধৰণ সলনি হৈছে। সংক্ৰামক ৰোগ, অপুষ্টি, প্ৰসূতিকালীন আৰু শৈশৱত হোৱা ৰোগ আদিৰ সলনি এতিয়া এনচিডি সৃষ্ট ৰোগৰ বোজা বাঢ়িছে। যেনে, হাইপাৰ টেনচন, ডায়েবিটিছ আৰু কেন্সাৰ। উদ্বেগজনক তথ্যটো হৈছে যে, এনচিডি সৃষ্ট ৰোগে ২০১৯ চনত দেশত ৬৫ শতাংশ লোকৰ মৃত্যুৰ কাৰণ হৈ পৰিছে। এনে ক্ষেত্ৰত উত্তৰ পূবৰ লোকসকলৰ মাজত এলকহল আৰু ধঁপাতৰ ব্যৱহাৰৰ প্ৰৱতা বৃদ্ধি হোৱাটো উদ্বেগৰ কাৰণ হৈ পৰিছে। 

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ