--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্বৰ ভিতৰতে সৰ্ব্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে স্বাধীনোত্তৰ কালৰ পৰা ভাৰতে বিশ্ব ৰাজনীতিত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে। ইন্দিৰা গান্ধীৰ প্ৰধানমন্ত্ৰীত্ব কালত জৰুৰীকালীন অৱস্থা ঘোষণা কৰি চৰকাৰৰ বিৰোধী তথা সমালোচকসকলক নিৰ্যাতন চলোৱাৰ বাদে ভাৰতীয় ৰাজনীতিৰ ইতিহাসত গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি তেনে কোনো বিশেষ ভাবুকি অহাৰ তথ্য নাই। কিন্তু ২০১৪ চনৰ পাছত ভাৰতৰ গণতান্ত্ৰিক চৰিত্ৰ সংকটাপন্ন হৈছে বুলি সততে অভিযোগ উঠি আহিছে। 

দেশৰ জনসাধাৰণৰ ব্যক্তি স্বতন্ত্ৰতাত কুঠাৰাঘাত কৰি বিজেপি চৰকাৰে ভাৰতীয় গণতন্ত্ৰলৈ ভাবুকি কঢ়িয়াই আনিছে বুলি অভিযোগ উত্থাপিত হৈছে। চৰকাৰক সমালোচনা কৰা মানেই ৰাষ্ট্ৰদ্ৰোহীৰ অভিধা দি বিজেপিয়ে তেনে ব্যক্তিৰ বিৰুদ্ধে কঠোৰ আইনৰ অধীনত গোচৰ তৰা এক সহজলভ্য দৃশ্য হৈ পৰিছে। 

বিজেপিৰ শাসনকালত দেশত অঘোষিত জৰুৰীকালীন অৱস্থাৰ সৃষ্টি হৈছে বুলি অভিযোগ কৰি বিজেপি চৰকাৰৰ শাসনতন্ত্ৰক স্বৈৰাচ্ছাৰী আখ্যা দি দেশৰ কেইবাগৰাকীও প্ৰখ্যাত বুদ্ধিজীৱি, সামাজিক তথা মানৱ অধিকাৰ কৰ্মীয়ে কাৰাবাস খাটিবলগীয়া হৈছে।

২০১৮ চনত এনেদৰেই ভীমা কোৰেগাঁও বা এলগাৰ পৰিষদ গোচৰত অভিযুক্ত কৰি বিজেপি চৰকাৰে জেললৈ প্ৰেৰণ কৰিছিল বহুকেইগৰাকী বুদ্ধিজীৱি, অধিবক্তা, সামাজিক তথা মানৱ অধিকাৰ কৰ্মীক। ভীমা কোৰেগাঁও যুদ্ধৰ দ্বিশতবৰ্ষৰ প্ৰাকমুহূৰ্তত পুনেৰ শনিবাৰৱাড়া দুৰ্গত ২০১৭ চনৰ ৩১ ডিচেম্বৰত এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। উল্লেখ্য যে স্থানীয় দলিত লোকসকলে ভীমা কোৰেগাঁও যুঁদ্ধক ব্ৰাহ্মণ্যবাদৰ বিৰুদ্ধে দলিতৰ বিজয়ৰ প্ৰতীক বুলি আখ্যা দিয়ে। 

ভীমা কোৰেগাঁও যুদ্ধ বিজয়ৰ গৌৰৱৰ লগত সঙ্গতি ৰাখি অনুষ্ঠিত কৰা উক্ত অনুষ্ঠানটোত দেশৰ কেইবাগৰাকীও প্ৰখ্যাত সাহিত্যিক, বুদ্ধিজীৱি, অধিবক্তা, দলিত নেতা, মানৱ অধিকাৰ কৰ্মীয়ে অংশগ্ৰহণ কৰিছিল। অনুষ্ঠানটোৰ পিছদিনাই ভীমা কোৰেগাঁৱত এক হিংসাত্মক ঘটনা সংঘটিত হয়। 

৩১ ডিচেম্বৰত অনুষ্ঠিত হোৱা অনুষ্ঠানত দিয়া উচতনিমূলক ভাষণে এই হিংসাত্মক ঘটনাৰ সৃষ্টি কৰে বুলি অভিযোগ কৰি পুনে আৰক্ষীয়ে অনুষ্ঠানটোত অংশগ্ৰহণ কৰা কেইবাজনো ব্যক্তিক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে অভিযুক্তসকল মাওবাদীৰ সৈতে সম্পৰ্কিত বুলি অভিযোগ কৰি UAPA ৰ দৰে কঠোৰ আইনৰ অধীনত গোচৰ ৰুজু কৰে।

এনেদৰেই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনৰ ৰোষৰ বলি হৈছিল দেশৰ প্ৰখ্যাত মানৱ অধিকাৰ কৰ্মী, জনজাতীয় আৰু দলিত অধিকাৰ কৰ্মী ফাদাৰ ষ্টেন স্বামী। ভীমা কোৰেগাঁও হিংসাৰ সৈতে সম্পৰ্কৰ অভিযোগত ২০২০ চনৰ ৮ অক্টোবৰত বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ (UAPA)ৰ অধীনত স্বামীক গ্ৰেপ্তাৰ কৰা হৈছিল। দেশৰ নিষ্পেষিত আৰু শোষিত জনসাধাৰণৰ অধিকাৰৰ প্ৰশ্নৰে চৰকাৰক ব্যতিব্যস্ত কৰি তোলাৰ বাবেই সন্ত্ৰাসবাদীৰ টেগ লগাই গ্ৰেপ্তাৰ কৰা হ’ল ষ্টেন স্বামীক। হৈ পৰিল দেশৰ ভিতৰতে সন্ত্ৰাসবাদীৰ অভিযোগত অভিযুক্ত আটাইতকৈ বয়ষ্ক ব্যক্তি।

ষ্টেন স্বামীয়ে ঝাৰখণ্ডত আদিবাসী অধিকাৰৰ প্ৰচাৰৰ বাবে কেইবাটাও সংগঠন প্ৰতিষ্ঠা কৰিছিল। এই প্ৰান্তীয় বৰ্গৰ মানুহখিনিৰ ভূমি সংগ্ৰাম আৰু মানৱ অধিকাৰৰ হকে যুঁজত নামি পৰিছিল স্বামী। স্বামীৰ এই অধিকাৰৰ যুঁজত খৰ্গহস্ত হৈ পৰে বিজেপিৰ চৰকাৰ। কেন্দ্ৰীয় স্বতন্ত্ৰ সংস্থা NIA ৰ হাতোৰা লগাই মাওবাদীৰ সৈতে সম্পৰ্কৰ অভিযোগত কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ল ৮৪ বছৰীয়া মানৱ অধিকাৰৰ অক্লান্ত যুঁজাৰুজনক। তথাপিও হাৰ নামানিল স্বামীয়ে। কাৰাগাৰৰ ভিতৰৰ পৰাই চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে স্বামী।

পাৰ্কিনছন ৰোগত আক্ৰান্ত স্বামীয়ে ২০২১ চনৰ পৰা সুদীৰ্ঘ ৯ মাহ কাৰাবন্দী জীৱন কটাইছিল। স্বাস্থ্যৰ ক্ৰমাগত অৱনতিৰ বাবে ষ্টেন স্বামীয়ে কেইবাবাৰো জামিন আবেদন কৰিছিল যদিও বাৰে বাৰে তেওঁৰ আবেদন প্ৰত্যাখ্যান কৰা হৈছিল। কাৰাবন্দী অৱস্থাতেই তেওঁৰ স্বাস্থ্য সংকটজনক হৈ পৰাৰ বাবে ৪ জুলাইত তেওঁক ভেণ্টিলেটৰত ৰখাৰ ব্যৱস্থা কৰা হয় যদিও পিছদিনাই তেওঁৰ মৃত্যু হয়।
 

স্বামীৰ মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছিল। প্ৰশাসনিক ব্যৱস্থা তথা কাৰাগাৰ কৰ্তৃপক্ষৰ অৱহেলাৰ বাবেই স্বামীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল বুলিও অভিযোগ উত্থাপন হৈছিল। স্বামীৰ সৈতে একে গোচৰতে কাৰাবন্দী হৈ থকা আন এগৰাকী মানৱ অধিকাৰ কৰ্মী সাগৰ তাতিয়াৰামে কিছুদিন পূৰ্বে স্পষ্টৰূপত স্বামীৰ মৃত্যুৰ বাবে জগৰীয়া কৰিছিল কাৰাগাৰ কৰ্তৃপক্ষক। কাৰাগাৰ প্ৰশাসনৰ দুৰ্ব্যৱহাৰ আৰু অমানৱীয় আচৰণৰ বাবেই ষ্টেন স্বামীৰ মৃত্যু হোৱা বুলি দাবী কৰিছিল তাতিয়াৰামে।

চৰকাৰৰ চকুত সন্ত্ৰাসবাদী এইগৰাকী সমাজকৰ্মী, জনজাতীয় আৰু দলিত অধিকাৰ কৰ্মী ফাদাৰ ষ্টেন স্বামীক যোৱা ২ জুনত মৰণোত্তৰভাৱে মাৰ্টিন এনালছ বঁটা ২০২২ ৰে সন্মানিত কৰা হৈছে। চুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত মাৰ্টিন এনালছ ফাউণ্ডেচনৰ দ্বাৰা প্ৰদান কৰা এই বঁটাক মানৱ অধিকাৰ ৰক্ষকসকলৰ বাবে নোবেল বঁটা হিচাপে গণ্য কৰা হয়।

অৱশ্যে ফাদাৰ ষ্টেন স্বামীক ২০২১ চনতে এই বঁটাৰ বাবে মনোনীত কৰা হৈছিল, কিন্তু ইয়াৰ পূৰ্বেই তেওঁৰ মৃত্যু হোৱাৰ বাবে যোৱা বৰ্ষত তেওঁক সন্মানিত কৰিব পৰা নগ’ল বুলি মাৰ্টিন এনালছ এৱাৰ্ডৰ জুৰী অধ্যক্ষ হান্স থুলেনে এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিয়ে।

যোৱা ৩০ মে’ত থুলেনে এই বঁটাৰ বাবে ষ্টেন স্বামীৰ নাম মনোনয়ন কৰি কৈছিল যে জুৰীয়ে মানৱ অধিকাৰৰ ক্ষেত্ৰত ফাদাৰ ষ্টেন স্বামীৰ অৱদানৰ ওপৰত আলোকপাত কৰিব বিচাৰিছিল। ভাৰতীয় কৰ্তৃপক্ষৰ দ্বাৰা তেওঁক অন্যায়ভাৱে কাৰাৰুদ্ধ কৰি ৰাখিলেও মানৱ অধিকাৰৰ ক্ষেত্ৰত স্বামীৰ অৱদান অস্বীকাৰ কৰিব নোৱাৰি বুলি মন্তব্য কৰিছিল থুলেনে।

উল্লেখ্য যে বিশ্বৰ দহটা আগশাৰীৰ মানৱ অধিকাৰ বেচৰকাৰী সংগঠনক লৈ গঠিত জুৰীয়ে মানৱ অধিকাৰ ৰক্ষকসকলৰ মাজৰ পৰা বাৰ্ষিক বঁটা বিজয়ীৰ নাম বাছনি কৰে। ইংলেণ্ডৰ মানৱ অধিকাৰ কৰ্মী মাৰ্টিন এনালছৰ নামত এই বঁটা প্ৰদান কৰা হয়।

১৯৯১ চনত এনালছৰ মৃত্যুৰ পিছত তেওঁৰ স্মৃতিত মানৱ অধিকাৰ ৰক্ষা আৰু প্ৰচাৰৰ বাবে সকলো প্ৰতিকূলতা অতিক্ৰম কৰি ব্যতিক্ৰমী নিদৰ্শন দাঙি ধৰা কোনো ব্যক্তিবিশেষ বা মানৱ অধিকাৰ সংগঠনক মাৰ্টিন এনালছ বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হয়।

ষ্টেন স্বামীৰ লগতে চলিত বৰ্ষত আন তিনিজন লোকক মাৰ্টিন এনালছ পুৰস্কাৰৰ বাবে নিৰ্বাচিত কৰা হৈছিল। বুৰ্কিনা ফাছোৰ হিংসাত্মক সংঘৰ্ষৰ সময়ত সংঘটিত মানৱ অধিকাৰৰ উলংঘনৰ বিষয়ে ফাদিল কাৰ মানৱ অধিকাৰ কৰ্মী ডাঅ’দা ডিয়াল’, ভিয়েটনামৰ সাংবাদিক ফান ডান ট্ৰাং আৰু বাহৰেইনৰ আব্দুল হাদি আল খাৱাজাক এই সন্মান প্ৰদান কৰা হৈছে।

ভাৰত চৰকাৰৰ দ্বাৰা সন্ত্ৰাসবাদীৰ অভিধাৰে ৮৪ বছৰ বয়সতো নিৰ্যাতনৰ সন্মুখীন হোৱা ষ্টেন স্বামীয়ে দেশৰ মানৱ অধিকাৰৰ যুঁজখনত এক অনন্য নজিৰ স্থাপন কৰি গৈছে। আপোচহীন, নিৰ্ভীক আৰু প্ৰান্তীয় নিষ্পেষিত জনগণৰ কণ্ঠস্বৰূপ ষ্টেন স্বামীৰ প্ৰতি আগবঢ়োৱা এই মাৰ্টিন এনালছ সন্মানে স্বামীৰ এই অধিকাৰৰ যুঁজখনৰ ঐতিহাসিক সত্যতা আৰু প্ৰাসঙ্গিকতাক এক অনন্য মাত্ৰা প্ৰদান কৰিছে।
  
FOLLOW US F
POPULAR
FEATURE
TRENDY
মধ্য প্রাচ্যৰ পৰিস্থিতিয়ে বিশ্বলৈ বিনাশ মাতি আনিব পাৰে:ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান গুটাৰেছ
জুলাইত পৰিবহণ বিভাগৰ 'সম্পূৰ্ণ সেৱা মাহ'
UPSC পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা সকলক আছুৱে কৰিব সহায়
যদি আপুনি বৃদ্ধ বয়সলৈকে সুস্থ আৰু ফিট হৈ থাকিব বিচাৰে তেন্তে এই কাম কৰক
তিনিচুকীয়া  স্ক্ৰেপিং প্ৰতিষ্ঠানত চুৰি ডাম্পাৰ উদ্ধাৰৰ অভিযোগ
পাকিস্তানলৈ বোৱা সিন্ধুৰ জলধাৰাৰ গতি পৰিৱৰ্তন কৰিব ৰাজস্থানলৈ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত