--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পশ্চিমবংগৰ মুৰ্শিদাবাদ জিলাৰ এখন দূৰৱৰ্তী গাঁৱৰ বাসিন্দা বিশ্বনাথ সৰকাৰে অলপতে তেওঁ পালন কৰা ১০০ বছৰীয়া জন্মদিনে চৰ্চা লাভ কৰিছে সৰ্বত্ৰে। পেছাত তেওঁ আছিল এজন কৃষক। তেওঁৰ পত্নীৰ নাম আছিল সুৰোধৱানী সৰকাৰ, তেওঁৰ বয়স প্ৰায় ৯০ বছৰ। দম্পতীৰ আছিল ছয়টা সন্তান, ২৩টা নাতি-নাতিনী আৰু ১০জন পৰিনাতি-নাতিনীয়ে অনুষ্ঠানটো উদযাপন কৰিবলৈ এক বেলেগধৰণৰ বিশাল বিবাহৰ পৰিকল্পনা কৰিছিল। পৰিকল্পনা মৰ্মে দম্পতীয়ে বুধবাৰে পুনৰ বিবাহপাশত আবদ্ধ হৈছিল। বিশ্বনাথ সৰকাৰে ১৯৫৩ চনত সুৰোধৱাণীক বিয়া কৰাইছিল। সৰকাৰ দম্পতীৰ বোৱাৰী গীতা সৰকাৰে কয়, ‘কেইমাহমান আগতে ছ’চিয়েল মিডিয়াত একেধৰণৰ কিবা এটা দেখি মোৰ মনলৈ নতুন বিবাহৰ ধাৰণা আহিছিল। ইয়াৰ পাছতে মই পৰিয়ালৰ আন সদস্যসকলৰ সৈতে ধাৰণাটো বিষয়ে আলোচনা কৰিছিলো। সকলোৱে মোক এই অনন্য বিবাহৰ ব্যৱস্থা কৰিবলৈ সমৰ্থন আৰু সহযোগ কৰিলে।’ বছৰীয়া পৰিয়ালৰ সকলোৰে বাবে আছিল এক বিশাল সমাৱেশৰ দিন। দম্পতীৰ সন্তান, নাতি-নাতিনী আৰু পৰিনাতি-নাতিনী যি চাকৰিৰ বাবে আন ৰাজ্যত বাস কৰিছিল। তেওঁলোকো অনুষ্ঠানটো উদযাপন কৰিবলৈ গাঁৱলৈ উভতি আহিছিল। এগৰাকী নাতি পিণ্টো মণ্ডলে কৈছিল, ‘বিয়াত কইনাগৰাকী মাক-দেউতাকৰ ঘৰৰ পৰা দৰাৰ পৰিয়াললৈ আহে।’ গতিকে আমি সেই অনুসৰি পৰিকল্পনা কৰিছিলো। আমাৰ ককা-আইতা জিয়াগঞ্জৰ বেনিয়াপুকুৰ গাঁৱত বাস কৰে। আমাৰ পৈতৃক ঘৰটো বামুনিয়া গাঁৱত প্ৰায় ৫ কিলোমিটাৰ দূৰত। মোৰ আইতাক দুদিন আগতে তালৈ লৈ যোৱা হৈছিল।’ বামুনিয়াত, নাতিনীয়ে কইনাৰ দৰে বিয়াৰ বাবে আইতাক সাজু কৰি তুলিছিল। তেওঁলোকক মেকআপত সহায় কৰিছিল। একে সময়তে নাতিটোৱে বেনিয়াপুকুৰত দৰাক সাজু কৰি তুলিছিল। বুধবাৰে, বিশ্বনাথক ভইবামুনিয়ালৈ লৈ যোৱা হৈছিল। দৰা ঘোঁৰাগাড়ীত ঘৰত উপস্থিত হোৱাৰ লগে লগে আতচবাজী আৰু ফটকা জ্বলাই উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছিল। সকলোৱে নতুন ধুতি-কুৰ্তা আৰু শাৰী পিন্ধি সাজু দেখাইছিল। দম্পতীৰ মালা বিনিময় কৰিছিল। ফুলৰ পৰিৱৰ্তে, মুদ্ৰা নোটৰ মালা তৈয়াৰ কৰা হৈছিল। মুঠতে বিবাহৰ সকলো পৰম্পৰা পালন কৰা হৈছিল। ১০০ বছৰীয়া ককায়ে কয়, ‘মই প্ৰায় ৭০ বছৰ আগতে সুৰোধৱানীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিলো। বুধবাৰে মই মোৰ সন্তান আৰু নাতি-নাতিনীৰ উপস্থিতিত তেওঁক পুনৰ বিয়া কৰালো।’ মোৰ ল’ৰা-ছোৱালী, নাতি-নাতিনীয়ে বিয়া উপলক্ষে এটা বিশাল নৈশ ভোজনৰো আয়োজন কৰিছিল। গাঁওবাসীসকলৰ মাজতো বিয়াৰ উৎসাহ দেখিবলৈ পোৱা গৈছিল। ডাঙৰ জীয়ৰী আৰতি মণ্ডলে কয়, ‘কেৱল ভাগ্যৱানসকলেহে তেওঁলোকৰ পিতৃ-মাতৃৰ বিয়া চোৱাৰ সুযোগ পায়। আজি মই মোৰ পিতৃ-মাতৃৰ বিবাহ দেখিবলৈ পাই বহুত সুখী।’ অনুষ্ঠানৰ শেষত বিশ্বনাথে তেওঁৰ নৱবিবাহিত কইনাৰ সৈতে একেখন ঘোঁৰাগাড়ীত বেনিয়াপুকুৰলৈ ঘৰলৈ উভতি আহে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
নাটোৰ ভাবুকিৰ মাজতে ৰাছিয়া-ভাৰত-চীনৰ ত্রিদেশীয় জোঁট পুনৰুজ্জীৱিতকৰণৰ প্ৰচেষ্টা
আমেৰিকাৰ অধিকাংশ প্রাপ্তবয়স্ক লোকক উপকৃত কৰা নাই ট্রাম্পৰ নীতিয়ে
ATMৰ পৰা পইছা উলিওৱাৰ সময়ত আপুনি কৰে নেকি এইকেইটা কাম ? যদি কৰে পৰিব আপোনাৰ ভয়ংকৰ বিপদ
বিমান উৰণৰ পূৰ্বে পায়লটে ব্যৱহাৰ কৰিব নোৱাৰে এইকেইটা বস্তু ; জানো আহক কি এই বিশেষ বস্তু...
দিল্লীৰ ২০খন বিদ্যালয়ত বোমাৰ ভাবুকি, তৎপৰতাৰে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত
আপুনি চাহ ভাল পাই নে ? যদি ভাল পাই তেন্তে জীৱনত এবাৰ হ'লেও চাই আহক এইসমূহ ঠাই
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে