--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মই ভাঙি পৰিছোঁ, ভিতৰি মৰি গৈছোঁ… আকস্মিকভাৱে হেৰাই গৈছে আপোনজন। এদিনৰ পূৰ্বে তেওঁলোকে কটাইছিল নিকটতম মুহূৰ্ত। ভেলেণ্টাইন ডে’ত তেওঁলোকে কটোৱা মধুৰতম সময়ৰ আলোকচিত্ৰ হৈ পৰিছিল ভাইৰেল। কিন্তু এই সুখৰ মুহূৰ্ত যে খুব ক্ষন্তেকীয়া আছিল সেইকথা ধাৰণাও কৰিব পৰা নাছিল এই প্ৰেমিক যুগলে। প্ৰেমিকাৰে সুখ-আনন্দৰ মধুৰ মুহূৰ্ত কটোৱাৰ এদিনৰ পাছতে হেৰাই গৈছিল পঞ্জাবী অভিনেতা তথা কৃষক আন্দোলনৰ নেতা দীপ সিদ্ধু। অতি দুৰ্ভাগ্যজনক কথাটো আছিল যে, প্ৰেমিকা ৰীনা ৰাইৰ চকুৰ সন্মুখতে হেৰাই গৈছিল দীপ সিদ্ধু। দুয়ো একেখন গাড়ীৰে ভ্ৰমণ কৰি থকা অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত হৈছিল তেওঁলোকৰ স্ক’ৰপিঅ’ গাড়ীখন। শোকাৱহ পথ দুৰ্ঘটনাটোত থিতাতে প্ৰাণ হেৰুৱাইছিল পঞ্জাবী অভিনেতা তথা সমাজকৰ্মী দীপ সিদ্ধুৱে। মঙলবাৰে নিশাৰ ভাগত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। কিন্তু তেওঁৰ কাষৰ আসনত বহি থকা ৰীনাৰ জীৱন ৰক্ষা পৰে। গাড়ীৰ এয়াৰ বেগৰ বাবে তেওঁ গুৰুতৰ আঘাত নোপোৱাকৈ ৰক্ষা পৰে। আজি তেওঁ প্ৰেমাস্পদক স্মৰণ কৰি এটা অতি মৰ্মস্পৰ্শ বাৰ্তা দিছে। প্ৰেমিক সিদ্ধুক স্মৰণ কৰি তেওঁ লিখিছে, ‘মই ভাঙি পৰিছোঁ। অন্তৰৰ পৰা মই মৰি গৈছোঁ। প্লিজ মোৰ কাষলৈ ঘূৰি আহা। তুমিও জীৱনত মোক কেতিয়াও এৰি নাযাওঁ বুলি প্ৰতিশ্ৰুতি দিছিলা। মই তোমাক ভাল পাওঁ জান, মোৰ অন্তৰৰ মানুহ, তুমি মোৰ হৃদয়ৰ স্পন্দন। মই জানো তুমি মোৰ সৈতে সদায় আছা। আমি একেলগে ভৱিষ্যতৰ পৰিকল্পনা কৰিছিলোঁ কিন্তু এতিয়া তুমি আঁতৰি গ’লা। আত্মাৰ সংগীয়ে কেতিয়াও কাকো এৰি নাযায় আৰু মই তোমাক জীৱনৰ সিপাৰে আকৌ লগ পাম।’ উল্লেখ্য যে, প্ৰবাসী অভিনেত্ৰী ৰীনা ৰায় আৰু দীপ সিদ্ধুৱে ২০১৮চনত ‘ৰাগ পঞ্জাবী’ নামৰ এখন ছবিত অভিনয় কৰিছিল। ‘দেশী’ নামৰ আন এটা প্ৰকল্পতো তেওঁলোকে একেলগে কাম কৰিছিল। কামৰ মাজেৰেই তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্কই গঢ় লয় আৰু তেওঁলোকে ভৱিষ্যতৰ পৰিকল্পনাও একেলগে কৰিছিল বুলি ৰীনাই তেওঁৰ পোষ্টত সদৰি কৰিছে। এতিয়া তেওঁলোকৰ এই কৰুণ বিচ্ছেদে বহুতৰে চকু সেমেকাই তুলিছে। উল্লেখ্য যে, যোৱা বছৰ কৃষক আন্দোলনৰ সৈতে চামিল হৈ বিতৰ্কৰ কেন্দ্ৰ হৈ পৰিছিল দীপ সিদ্ধু। যোৱা বছৰৰ গণৰাজ্য দিৱসৰ দিনা দিল্লীত কৃষকৰ প্ৰতিবাদৰ সময়ত লালকিল্লাত হোৱা হিংসাত্মক কাৰ্যত দীপ সিদ্ধুকো অভিযুক্ত কৰা হৈছিল আৰু তেওঁ একাধিকবাৰ গ্ৰেপ্তাৰ হ’বলগীয়া হৈছিল। কাৰাগাৰৰ পৰা জামিনত মুকলি হৈ থকা অভিনেতাগৰাকীৰ এই আকস্মিক মৃত্যুৱে কাৰুণ্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, গুৰুগ্ৰামত থকা অবেৰয় হোটেলত দুয়ো আগদিনা একেলগে আছিল। তেওঁলোকৰ ভেলেণ্টাইন ডে’ৰ দিনাৰ ভালেমান আলোকচিত্ৰ ভাইৰেলো হৈ পৰিছিল সিদ্ধুৰ মৃত্যুৰ পাছতে। দুৰ্ঘটনাৰ দিনা নিশা ৭.৩০বজাত গুৰুগ্ৰামৰ পৰা ওলাই তেওঁলোকে বাডিল টোল প্লাজাৰ পৰা কেএমপি পথেৰে গৈ আছিল। কুণ্ডিল-মানেছাৰ-পালৱাল এক্সপ্ৰেছ ৱে’ত তেওঁলোকৰ গাড়ীখন এখন ট্ৰাকৰ পিছফালে খুন্দা মাৰে আৰু থিতাতে দীপ সিদ্ধু নিহয় হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ