--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অমানৱীয়তা আৰু নিকৃষ্ট মানসিকতাক সকলো সীমাই যেন এতিয়া চেৰাই যাবলৈ আৰম্ভ কৰিছে একাংশ লোকে। নিজৰ পৈশাচিক প্ৰবৃত্তি উদঙাই দি এইসকল লোকে লজ্জানত কৰি আহিছে মানৱ সমাজক। শিশুৰ পৰা বয়োজ্যেষ্ঠলৈ বিভিন্ন সময়ত নাৰী নিৰ্যাতনৰ বলি হৈ অহাৰ খবৰে সকলোকে ভাৰাক্ৰান্ত কৰি অহাৰ সময়তে এইবাৰ অবোধ পশুক যৌন নিৰ্যাতন চলোৱাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। চাৰিজনকৈ লোকে এটি দামুৰি পোৱালি বলাৎকাৰ কৰাৰ লগতে নানা অমানৱীয় অত্যাচাৰ চলোৱাৰ ঘটনাই এতিয়া সকলোকে ক্ষুব্ধ আৰু লজ্জানত কৰি তুলিছে। এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ আলোৱাৰ জিলাত। এই ঘটনাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় অঞ্চলটোত। এই ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে, পথৰ ওপৰত শুই থকা এটা দমুৰি পোৱালিক যৌন নিৰ্যাতন চলাইছে এজন লোকে। আন এজনে দামুৰিটোৱে চিঞৰিব নোৱৰাকৈ মুখত সোপা মাৰি ধৰিছে। ঘটনা সংঘটিত হোৱাৰ সময়ত আন দুজন লোক সেই স্থানত উপস্থিত আছিল আৰু তাৰে এজনে ভিডিঅ’ প্ৰস্তুত কৰি ভাইৰেল কৰিছিল। চাৰিওজন অভিযুক্তকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ঘটনাৰ বিষয়ে পোহৰলৈ অহাৰ পাছতে ফাটেহ মহম্মদ নামৰ এজন লোকে অভিযুক্তকেইজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। আলোৱাৰৰ চোপাংকী নামৰ ঠাইখনত এই পাশৱিক ঘটনা সংঘটিত কৰিছিল লোককেইজনে। অভিযোগ লাভ কৰাৰ পাছতে ৰাজস্থান আৰক্ষীয়ে জুবেইৰ, তালিম, ৱাৰিছ আৰু চুনাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। অভিযুক্ত যুৱককেইজন ২০ৰ পৰা ২২ বছৰ বয়সৰ বুলি আৰক্ষীয়ে সদৰি কৰিছে। দুষ্কৃতিকাৰীকেইজনে বিকৃত কামনা চৰিতাৰ্থ কৰিবলৈ এই পাশৱিক কাৰ্য সংঘটিত কৰিছিল বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে। আলোৱাৰৰ আৰক্ষী অধীক্ষক শান্তনু কে সিঙে প্ৰকাশ কৰে যেস অভিযুক্তকেইজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৭৭নং ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। নিৰ্যাতনৰ বলি হোৱা দামুৰি পোৱালিটোৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰে। এই ঘটনাৰ পাছতে স্থানীয় লোকসকল ক্ষুব্ধ বৈ পৰে। বুধবাৰে সহস্ৰাধিক লোকে প্ৰতিবাদী সমদল উলিয়াই আলোৱাৰ জিলাৰ প্ৰশাসনক স্মাৰক পত্ৰ প্ৰদান কৰে আৰু অভিযুক্ত লোককেইজনক দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী জনায়। ঘটনা সংঘটিত  হোৱা আলোৱাৰ জিলাৰ তিজাৰাত ঘটনাৰ প্ৰতিবাদৰ বাবে ৫ হাজাৰ লোক সমবেত হোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। বিভিন্ন ধৰ্মৰ লোকে এই প্ৰতিবাদত অংশ লয়। পাছত ব্যাপকসংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া হয়। এই ঘটনাৰ পাছত অঞ্চলটোৰ দোকান-পোহাৰ বন্ধ হৈ পৰিছে। ইফালে, স্থানীয় অধিবক্তাসকলে অভিযুক্তৰ হৈ আদালতত ওকালতি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
চাহৰ জনমূৰি ব্যৱহাৰ বৃদ্ধিৰ লক্ষ্যৰে 'মিছন ১ কে' অভিযান
Axiom-4 মুকলি কৰাৰ পিছতে সুভাংশু শুক্লাৰ বাবে প্ৰধানমন্ত্ৰীৰ মোদীৰ বিশেষ বাৰ্তা
স্নায়ুজনিত ৰোগত আক্ৰান্ত বলীউডৰ ভাইজান
এই ৩ টা ফল দৈনিক খালে ছাল জিলিকি উঠে
বহনক্ষম উন্নয়ন, শীৰ্ষৰ ১০০ দেশৰ তালিকাত ভাৰত
কুঁৱাত পৰা গৰু পোৱালিক বচাবলৈ গৈ ৫ জনৰ মৃত্যু
মগজুৱে নিজাববীয়াকৈ বেয়া স্মৃতিবোৰ মচি পেলায় নেকি? গৱেষণাত প্ৰকাশ চাঞ্চল্যকৰ তথ্য
তিতাবৰৰ এটা পৰিয়ালত অদৃশ্য শক্তিৰ উপদ্ৰৱ
স্বামী আৰু কিশোৰী কন্যাক এৰি পৰকীয়া প্ৰেমৰ বাবে পলাই গ'ল মহিলা
ষ্টাৰশ্বিপৰ অগ্নি পৰীক্ষাৰ সময়তে ইলন মাস্কৰ SpaceX কেন্দ্ৰত বিস্ফোৰণ
সন্ত্রাসবাদৰ পৃষ্ঠপোষকতা কৰা ৰাষ্ট্ৰৰ বিৰুদ্ধে সৰৱ প্ৰধানমন্ত্ৰী মোদী
গভীৰ সংকটত পাকিস্তানৰ কৃষক
হিন্দুৱে গৰু মাংস কিয় কিয় থ'ব? থ'লে গাহৰিৰ মাংস থ'ব: হিমন্ত বিশ্ব শর্মা
ব্যস্ততাপূৰ্ণ জীৱনত যোগৰ প্ৰয়োজনীয়তা কিমান? জানো আহক বিশেষজ্ঞৰ পৰা...