--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অমানৱীয়তা আৰু নিকৃষ্ট মানসিকতাক সকলো সীমাই যেন এতিয়া চেৰাই যাবলৈ আৰম্ভ কৰিছে একাংশ লোকে। নিজৰ পৈশাচিক প্ৰবৃত্তি উদঙাই দি এইসকল লোকে লজ্জানত কৰি আহিছে মানৱ সমাজক। শিশুৰ পৰা বয়োজ্যেষ্ঠলৈ বিভিন্ন সময়ত নাৰী নিৰ্যাতনৰ বলি হৈ অহাৰ খবৰে সকলোকে ভাৰাক্ৰান্ত কৰি অহাৰ সময়তে এইবাৰ অবোধ পশুক যৌন নিৰ্যাতন চলোৱাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। চাৰিজনকৈ লোকে এটি দামুৰি পোৱালি বলাৎকাৰ কৰাৰ লগতে নানা অমানৱীয় অত্যাচাৰ চলোৱাৰ ঘটনাই এতিয়া সকলোকে ক্ষুব্ধ আৰু লজ্জানত কৰি তুলিছে। এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ আলোৱাৰ জিলাত। এই ঘটনাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় অঞ্চলটোত। এই ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে, পথৰ ওপৰত শুই থকা এটা দমুৰি পোৱালিক যৌন নিৰ্যাতন চলাইছে এজন লোকে। আন এজনে দামুৰিটোৱে চিঞৰিব নোৱৰাকৈ মুখত সোপা মাৰি ধৰিছে। ঘটনা সংঘটিত হোৱাৰ সময়ত আন দুজন লোক সেই স্থানত উপস্থিত আছিল আৰু তাৰে এজনে ভিডিঅ’ প্ৰস্তুত কৰি ভাইৰেল কৰিছিল। চাৰিওজন অভিযুক্তকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ঘটনাৰ বিষয়ে পোহৰলৈ অহাৰ পাছতে ফাটেহ মহম্মদ নামৰ এজন লোকে অভিযুক্তকেইজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। আলোৱাৰৰ চোপাংকী নামৰ ঠাইখনত এই পাশৱিক ঘটনা সংঘটিত কৰিছিল লোককেইজনে। অভিযোগ লাভ কৰাৰ পাছতে ৰাজস্থান আৰক্ষীয়ে জুবেইৰ, তালিম, ৱাৰিছ আৰু চুনাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। অভিযুক্ত যুৱককেইজন ২০ৰ পৰা ২২ বছৰ বয়সৰ বুলি আৰক্ষীয়ে সদৰি কৰিছে। দুষ্কৃতিকাৰীকেইজনে বিকৃত কামনা চৰিতাৰ্থ কৰিবলৈ এই পাশৱিক কাৰ্য সংঘটিত কৰিছিল বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে। আলোৱাৰৰ আৰক্ষী অধীক্ষক শান্তনু কে সিঙে প্ৰকাশ কৰে যেস অভিযুক্তকেইজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৭৭নং ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। নিৰ্যাতনৰ বলি হোৱা দামুৰি পোৱালিটোৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰে। এই ঘটনাৰ পাছতে স্থানীয় লোকসকল ক্ষুব্ধ বৈ পৰে। বুধবাৰে সহস্ৰাধিক লোকে প্ৰতিবাদী সমদল উলিয়াই আলোৱাৰ জিলাৰ প্ৰশাসনক স্মাৰক পত্ৰ প্ৰদান কৰে আৰু অভিযুক্ত লোককেইজনক দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী জনায়। ঘটনা সংঘটিত  হোৱা আলোৱাৰ জিলাৰ তিজাৰাত ঘটনাৰ প্ৰতিবাদৰ বাবে ৫ হাজাৰ লোক সমবেত হোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। বিভিন্ন ধৰ্মৰ লোকে এই প্ৰতিবাদত অংশ লয়। পাছত ব্যাপকসংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া হয়। এই ঘটনাৰ পাছত অঞ্চলটোৰ দোকান-পোহাৰ বন্ধ হৈ পৰিছে। ইফালে, স্থানীয় অধিবক্তাসকলে অভিযুক্তৰ হৈ আদালতত ওকালতি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অসাধাৰণ স্মৃতিশক্তি! মাত্ৰ ১ বছৰ ১০ মাহ বয়সতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত যমুনামুখৰ আৰহাম আহমেদৰ
বাঘবৰত কিশোৰীক ধৰ্ষ*ণ কৰি হ*ত্যা; ৩ কিশোৰক আটক
ধিঙৰ ডুমডুমীয়াত কুখ্যাত গৰু চোৰ হামিদ আলী আৰু ছাদ্দাম হুছেইনক আটক
বতৰৰ সতর্কবাণী পদ্ধতিত বিৰক্ত দেশবাসী
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য