--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মানুহে যেতিয়া এখন গাড়ী লোৱাৰ কথা ভাবে তেন্তে পাঁচজন বা সাতজন লোক আৰামেৰে বহিব পৰা গাড়ী এখনেই প্ৰয়োজন অনুসৰি নিৰ্বাচন কৰে। আজিকালি চহৰীয়া জীৱনত সহায়ক হোৱাকৈ আজিকালি সাধাৰণতে মানুহে সৰু গাড়ী কিনাটোৱেই পচন্দ কৰে। কিন্তু আজি এনে এখন গাড়ীৰ কথা ক’ব খোজা হৈছে যিখনৰ ভিতৰত থকা সা-সুবিধাবোৰৰ বিষয়ে জানিলে আপোনাৰো চকু কপালত উঠিব। শুনিবলৈ আচহুৱা আৰু আচৰিত যেন লাগিলেও এনে এখন গাড়ীৰ কথা ক’ব খোজা যিখনৰ ভিতৰতে আছে ছুইমিং পুল, চাদত আছে হেলিপেড। তদুপৰি গাড়ীখনৰ ভিতৰত একেলগে উঠিব পাৰে অৰ্ধশতাধিক মানুহ। এই বিশেষ গাড়ীখনৰ নাম হৈছে আমেৰিকান ড্ৰীম। বিশ্বৰ আটাইতকৈ দীঘল গাড়ীৰ ভিতৰত এইখনো অন্যতম। গাড়ীখনৰ দৈৰ্ঘ্য হৈছে ১০০ ফুট। আৰু ইয়াৰ চকাৰ সংখ্যা হৈছে ২৬টা। গাড়ীখনৰ ভিতৰত ছুইমিং পুল থকাৰ লগতে ইয়াৰ চাদতে আছে হেলিপেড। বিশ্বৰ দীৰ্ঘতম গাড়ী হিচাপে আমেৰিকান ড্ৰীমৰ নাম গীনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছত সন্নিৱিষ্ট হৈ আছিল। কিন্তু এইবাৰ নিজৰেই ৰেকৰ্ড ভংগ কৰি এই গাড়ীখনে নতুন ৰেকৰ্ড সৃষ্টি কৰিছে। এতিয়া গাড়ীখনৰ দৈৰ্ঘ্য ১০০ফুটলৈ বৃদ্ধি কৰা হৈছে। গাড়ীখনত একেবাৰতে ৭৫জন লোক বহিব পাৰে। ‘ডেইলী ষ্টাৰ’ত প্ৰকাশিত বাতৰি অনুসৰি এই আমেৰিকান ড্ৰীম নিৰ্মাণ কৰিছিল কেলিফ’ৰ্নিয়াৰ বাসিন্দা এজন কাৰ কাষ্টমাইজাৰে। তেওঁৰ নাম হৈছে জয় অহৰ্বাৰ্গ। প্ৰথমে ষাঠি ফুট দীঘলকৈ নিৰ্মাণ কৰা এই গাড়ীখন বিশ্ব ৰেকৰ্ডৰ বাবে ১০০ ফুটলৈ বঢ়াই দিয়ে। হলীউডৰ ভালেমান চলচ্চিত্ৰতো এই গাড়ীখন ব্যৱহাৰ কৰা হৈছে। BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও

বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা