--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মানুহে যেতিয়া এখন গাড়ী লোৱাৰ কথা ভাবে তেন্তে পাঁচজন বা সাতজন লোক আৰামেৰে বহিব পৰা গাড়ী এখনেই প্ৰয়োজন অনুসৰি নিৰ্বাচন কৰে। আজিকালি চহৰীয়া জীৱনত সহায়ক হোৱাকৈ আজিকালি সাধাৰণতে মানুহে সৰু গাড়ী কিনাটোৱেই পচন্দ কৰে। কিন্তু আজি এনে এখন গাড়ীৰ কথা ক’ব খোজা হৈছে যিখনৰ ভিতৰত থকা সা-সুবিধাবোৰৰ বিষয়ে জানিলে আপোনাৰো চকু কপালত উঠিব। শুনিবলৈ আচহুৱা আৰু আচৰিত যেন লাগিলেও এনে এখন গাড়ীৰ কথা ক’ব খোজা যিখনৰ ভিতৰতে আছে ছুইমিং পুল, চাদত আছে হেলিপেড। তদুপৰি গাড়ীখনৰ ভিতৰত একেলগে উঠিব পাৰে অৰ্ধশতাধিক মানুহ। এই বিশেষ গাড়ীখনৰ নাম হৈছে আমেৰিকান ড্ৰীম। বিশ্বৰ আটাইতকৈ দীঘল গাড়ীৰ ভিতৰত এইখনো অন্যতম। গাড়ীখনৰ দৈৰ্ঘ্য হৈছে ১০০ ফুট। আৰু ইয়াৰ চকাৰ সংখ্যা হৈছে ২৬টা। গাড়ীখনৰ ভিতৰত ছুইমিং পুল থকাৰ লগতে ইয়াৰ চাদতে আছে হেলিপেড। বিশ্বৰ দীৰ্ঘতম গাড়ী হিচাপে আমেৰিকান ড্ৰীমৰ নাম গীনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছত সন্নিৱিষ্ট হৈ আছিল। কিন্তু এইবাৰ নিজৰেই ৰেকৰ্ড ভংগ কৰি এই গাড়ীখনে নতুন ৰেকৰ্ড সৃষ্টি কৰিছে। এতিয়া গাড়ীখনৰ দৈৰ্ঘ্য ১০০ফুটলৈ বৃদ্ধি কৰা হৈছে। গাড়ীখনত একেবাৰতে ৭৫জন লোক বহিব পাৰে। ‘ডেইলী ষ্টাৰ’ত প্ৰকাশিত বাতৰি অনুসৰি এই আমেৰিকান ড্ৰীম নিৰ্মাণ কৰিছিল কেলিফ’ৰ্নিয়াৰ বাসিন্দা এজন কাৰ কাষ্টমাইজাৰে। তেওঁৰ নাম হৈছে জয় অহৰ্বাৰ্গ। প্ৰথমে ষাঠি ফুট দীঘলকৈ নিৰ্মাণ কৰা এই গাড়ীখন বিশ্ব ৰেকৰ্ডৰ বাবে ১০০ ফুটলৈ বঢ়াই দিয়ে। হলীউডৰ ভালেমান চলচ্চিত্ৰতো এই গাড়ীখন ব্যৱহাৰ কৰা হৈছে। BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক