--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৰাজ্যৰ শিক্ষা খণ্ডৰ বাবে সুখবৰ। অসমৰ ১০০খন বিদ্যালয় নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰখনে ৪৫৫ কোটি টকা ব্যয় কৰিব।

ডিজিটেল ডেস্ক: ৰাজ্যৰ শিক্ষা খণ্ডৰ বাবে সুখবৰ। অসমৰ ১০০খন বিদ্যালয় নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰখনে ৪৫৫ কোটি টকা ব্যয় কৰিব। একেদৰে গুৱাহাটীত নির্মাণকার্য চলাই থকা নতুন চিকিৎসা মহাবিদ্যালয়খনৰ বাবেও বাজেট বৃদ্ধি কৰা হৈছে।


মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হয়।


বৈঠকৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে ৰাজ্যৰ বিভিন্ন জিলাত মুঠ ১০০খন বিদ্যালয় নিৰ্মাণ কৰা হ'ব। ইয়াৰ বাবে কেবিনেটে ৪৫৫ কোটি টকাৰ অনুমোদন দিছে।


একেদৰে কেবিনেটে এম এম চি এইচ আৰু কালাপাহাৰ চৌহদক কেন্দ্ৰ কৰি ৮০০খন বিছনাযুক্ত সাধাৰণ চিকিৎসালয়ৰ সৈতে এখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ বাবে ১,২০১.১৬ কোটি টকাৰ সংশোধিত বাজেটতো প্রশাসনিক অনুমোদন প্রদান কৰিছে বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ