--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৰাজ্যৰ শিক্ষা খণ্ডৰ বাবে সুখবৰ। অসমৰ ১০০খন বিদ্যালয় নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰখনে ৪৫৫ কোটি টকা ব্যয় কৰিব।

ডিজিটেল ডেস্ক: ৰাজ্যৰ শিক্ষা খণ্ডৰ বাবে সুখবৰ। অসমৰ ১০০খন বিদ্যালয় নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰখনে ৪৫৫ কোটি টকা ব্যয় কৰিব। একেদৰে গুৱাহাটীত নির্মাণকার্য চলাই থকা নতুন চিকিৎসা মহাবিদ্যালয়খনৰ বাবেও বাজেট বৃদ্ধি কৰা হৈছে।


মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হয়।


বৈঠকৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে ৰাজ্যৰ বিভিন্ন জিলাত মুঠ ১০০খন বিদ্যালয় নিৰ্মাণ কৰা হ'ব। ইয়াৰ বাবে কেবিনেটে ৪৫৫ কোটি টকাৰ অনুমোদন দিছে।


একেদৰে কেবিনেটে এম এম চি এইচ আৰু কালাপাহাৰ চৌহদক কেন্দ্ৰ কৰি ৮০০খন বিছনাযুক্ত সাধাৰণ চিকিৎসালয়ৰ সৈতে এখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ বাবে ১,২০১.১৬ কোটি টকাৰ সংশোধিত বাজেটতো প্রশাসনিক অনুমোদন প্রদান কৰিছে বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু