--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • পূৰ্বতে 'হায়াৰ এডেকুশ্যন কমিছন অব ইণ্ডিয়া (এইচ ই চি আই) বিধেয়ক ৰূপে জনাজাত এই বিধেয়কৰ বৰ্তমান পুনৰ নামকৰণ কৰা হৈছে 'বিকশিত ভাৰত শিক্ষা অধীক্ষণ বিধেয়ক।

ডিজিটেল ডেস্ক: ভাৰতৰ উচ্চ শিক্ষা খণ্ডত হ'ব বৃহত্তম গাঁথনিগত পৰিৱৰ্তন। কেন্দ্রীয় কেবিনেটে অনুমোদন জনাইছে এখন বিধেয়কত, যিখন বিধেয়কত সকলো 'নন-মেডিকেল' আৰু 'নন-ল' উচ্চ শিক্ষাক এখন মঞ্চলৈ আনি ইউ জি চি, এ আই চি টি ই, এন চি টি ইৰ ঠাইত এক উচ্চ শিক্ষাৰ নিয়ন্ত্ৰকৰ প্ৰস্তাৱ দিয়া হৈছে। 


পূৰ্বতে 'হায়াৰ এডেকুশ্যন কমিছন অব ইণ্ডিয়া (এইচ ই চি আই) বিধেয়ক ৰূপে জনাজাত এই বিধেয়কৰ বৰ্তমান পুনৰ নামকৰণ কৰা হৈছে 'বিকশিত ভাৰত শিক্ষা অধীক্ষণ বিধেয়ক।' শুকুৰবাৰে কেবিনেটে অনুমোদন জনোৱা এই বিধেয়কে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ (এন ই পি ২০২০) মূল উদ্দেশ্য পূৰ কৰিছে। সেয়া হৈছে বিভিন্ন নিয়ন্ত্রকে পৰিচালনা কৰাৰ সলনি একে নিয়ন্ত্ৰকৰ অধীনলৈ অনা। 


অৱশ্যে মেডিকেল আৰু আইন কলেজবোৰ ইয়াৰ পৰিসৰৰ ভিতৰত নাথাকিব। অৱশ্যে বিত্তৰ দিশটো নতুন নিয়ন্ত্ৰকৰ অধীনলৈ নাহিব। সেয়া প্রশাসনিক মন্ত্ৰ্যালয়ৰ অধীনতে থাকিব। চৰকাৰে পাছত এক পৃথক উচ্চ শিক্ষা পুঁজি যোগান প্রাধিকৰণ গঠন নকৰালৈকে বর্তমান শিক্ষা মন্ত্ৰ্যালয়ৰ উচ্চ শিক্ষা বিভাগে তদাৰক কৰাৰ দৰেই বিত্তৰ দিশটো চলি থাকিব। 


উল্লেখযোগ্য যে কেইবা দশক ধৰি ভাৰতৰ উচ্চ শিক্ষাৰ ব্যৱস্থা পৃথক পৃথক সংস্থাৰ নিয়ন্ত্ৰণত আছে। বিশ্ববিদ্যালয় অনুদান আয়োগ বা ইউ জি চিয়ে নিয়ন্ত্ৰণ কৰে অ-কাৰিকৰী উচ্চ শিক্ষা খণ্ড। এ আই চি টি ই-এ নিয়ন্ত্রণ কৰে কাৰিকৰী শিক্ষা খণ্ড আৰু এন চি টি ই-এ পৰিচালনা কৰে শিক্ষকৰ শিক্ষা।


উল্লেখযোগ্য যে এই প্ৰস্তাৱিত বিধেয়কৰ বিৰুদ্ধে বিৰোধী দল আৰু বিশ্ববিদ্যালয় তথা মহাবিদ্যালয়ৰ শিক্ষকসকলে বিৰোধিতা কৰি আহিছে। যোৱা সোমবাৰেও দিল্লীৰ যন্তৰ মন্তৰত অল ইণ্ডিয়া ফেডাৰেশ্যন অব্ ইউনিভাৰ্ছিটি এণ্ড কলেজ টীচাৰ্ছ অর্গেনাইজেশ্যনে (এ আই এফ ইউ চি টি অ') এই বিধেয়কৰ প্রতিবাদী সমাৱেশ আয়োজন কৰিছিল।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ