--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বলীউড চিনেমা চাই অনুপ্ৰাণিত হয় নেকি আপুনি ? সাৱধান হওক৷ চিনেমাৰ কায়দা তথা বিভিন্ন ষ্টাইল অনুসৰণ কৰিবলৈ গৈ দুজন যুৱকে সংঘটিত কৰিছে এক হত্যাকাণ্ড৷ প্ৰথমে অপহৰণ, তাৰ পাছত মুক্তিপনৰ বাবে টকা দাবী আৰু শেষত হত্যাকাণ্ড৷ উত্তৰ দিল্লীৰ চি বুৰাৰীত দুজন যুৱকে এজন ১৮ বছৰীয়া ল'ৰাক অপহৰণ কৰি দাবী কৰিছিল ১০ লাখ মুক্তিপণ৷ অভিযুক্ত দুয়োজন যুৱককে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ঘটনা সন্দৰ্ভত৷ ডিচিপি (উত্তৰ) সাগৰ সিং কালচিয়ে জনোৱা মতে বুৰাৰীৰ বাসিন্দা অভিযুক্তদুয়োজন ১৯ বছৰ বয়সৰ আছিল৷ লগতে তেওঁলোকে বলীউডৰ 'অপহৰণ' নামৰ ছবিখন চাই অনুপ্ৰাণিত হৈছে৷ হত্যাৰ বলি হোৱা যুৱকজনৰ নাম ৰোহন বুলি জানিব পৰা গৈছে৷ আনহাতে, আৰক্ষীয়ে কৈছিল যে ভুক্তভোগী ৰোহনৰ বন্ধু অভিযুক্তৰ এজন শ্ব'ৰুমত চাফাইকৰ্মী হিচাপে কাম কৰি আছিল। অভিযুক্তজনে ৰোহনক এটা জন্মদিনৰ পাৰ্টিলৈ লৈ যায় আৰু তেওঁলোকে ১০ লাখ টকাৰ মুক্তিপণ দাবী কৰাৰ পৰিকল্পনা কৰে। দেওবাৰে নিশা প্ৰায় ১১.৩০ বজাত ঘৰলৈ ঘূৰি নহাত ৰোহনৰ পৰিয়ালে আৰক্ষীৰ কাষ চাপিছিল৷ 'ৰোহনৰ ফোনৰ অৱস্থান উত্তৰ প্ৰদেশৰ মোৰাদাবাদত পোৱা গৈছিল। প্ৰায় ২০০ টা চিচিটিভি বিশ্লেষণ কৰা হৈছিল আৰু বুধবাৰে পুৱতি নিশা এজন অভিযুক্তক আটক কৰা হৈছিল," কালচিয়ে কয়। আটকাধীন যুৱকজনৰ তথ্যৰ ভিত্তিতে হৰিত বিহাৰৰ পৰা মৃতদেহটো উদ্ধাৰ কৰা হৈছিল আৰু গ্ৰেপ্তাৰ কৰা হৈছিল অভিযুক্তজনক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত