--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বলীউড চিনেমা চাই অনুপ্ৰাণিত হয় নেকি আপুনি ? সাৱধান হওক৷ চিনেমাৰ কায়দা তথা বিভিন্ন ষ্টাইল অনুসৰণ কৰিবলৈ গৈ দুজন যুৱকে সংঘটিত কৰিছে এক হত্যাকাণ্ড৷ প্ৰথমে অপহৰণ, তাৰ পাছত মুক্তিপনৰ বাবে টকা দাবী আৰু শেষত হত্যাকাণ্ড৷ উত্তৰ দিল্লীৰ চি বুৰাৰীত দুজন যুৱকে এজন ১৮ বছৰীয়া ল'ৰাক অপহৰণ কৰি দাবী কৰিছিল ১০ লাখ মুক্তিপণ৷ অভিযুক্ত দুয়োজন যুৱককে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ঘটনা সন্দৰ্ভত৷ ডিচিপি (উত্তৰ) সাগৰ সিং কালচিয়ে জনোৱা মতে বুৰাৰীৰ বাসিন্দা অভিযুক্তদুয়োজন ১৯ বছৰ বয়সৰ আছিল৷ লগতে তেওঁলোকে বলীউডৰ 'অপহৰণ' নামৰ ছবিখন চাই অনুপ্ৰাণিত হৈছে৷ হত্যাৰ বলি হোৱা যুৱকজনৰ নাম ৰোহন বুলি জানিব পৰা গৈছে৷ আনহাতে, আৰক্ষীয়ে কৈছিল যে ভুক্তভোগী ৰোহনৰ বন্ধু অভিযুক্তৰ এজন শ্ব'ৰুমত চাফাইকৰ্মী হিচাপে কাম কৰি আছিল। অভিযুক্তজনে ৰোহনক এটা জন্মদিনৰ পাৰ্টিলৈ লৈ যায় আৰু তেওঁলোকে ১০ লাখ টকাৰ মুক্তিপণ দাবী কৰাৰ পৰিকল্পনা কৰে। দেওবাৰে নিশা প্ৰায় ১১.৩০ বজাত ঘৰলৈ ঘূৰি নহাত ৰোহনৰ পৰিয়ালে আৰক্ষীৰ কাষ চাপিছিল৷ 'ৰোহনৰ ফোনৰ অৱস্থান উত্তৰ প্ৰদেশৰ মোৰাদাবাদত পোৱা গৈছিল। প্ৰায় ২০০ টা চিচিটিভি বিশ্লেষণ কৰা হৈছিল আৰু বুধবাৰে পুৱতি নিশা এজন অভিযুক্তক আটক কৰা হৈছিল," কালচিয়ে কয়। আটকাধীন যুৱকজনৰ তথ্যৰ ভিত্তিতে হৰিত বিহাৰৰ পৰা মৃতদেহটো উদ্ধাৰ কৰা হৈছিল আৰু গ্ৰেপ্তাৰ কৰা হৈছিল অভিযুক্তজনক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন