--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দুগৰাকী ভাতৃ৷ ইজনে-সিজনক সাৱটি দুয়োগৰাকীয়ে মাথো কান্দিছিল৷ এটি মহামিলন ! সুদীৰ্ঘ ৭৪ বৰ্ষৰ পাছত পাকিস্তানী ভাতৃক কৰাৰ সুবিধা পালে ভাৰতৰ এগৰাকী ব্যক্তিয়ে৷ ১৯৪৭চনৰ ঘটনা এয়া৷ ব্ৰিটিছৰ কৱলৰ পৰা মুক্ত হৈ প্ৰথমবাৰলৈ স্বাধীনতাৰ জয়গান গাইছিল ভাৰতে৷ মুকলি আকাশৰ তলত দুহাত মেলি চিঞৰিছিল ' আমি স্বাধীন ভাৰত'৷ কিন্তু এনে সময়তেই ব্ৰিটিছৰ বিভেদকামী নীতিৰ প্ৰকোপত দ্বিখণ্ডিত হৈ পৰিছিল ভাৰতৰ প্ৰবিত্ৰ ভূমি৷ বিভাজিত হৈছিল দুই ভাই; ভাৰত আৰু পাকিস্তান৷ ভাৰতৰ পৰা আশ্ৰু বিদায় মাগিছিল পাকিস্তানে৷ কেৱল বিভাজন হোৱা নাছিল দুখন দেশ৷ সলনি হৈ পৰিছিল মানুহৰ চিন্তা-ধাৰাও৷ তেনেসময়ৰ পৰা নিজ ভ্ৰাতৃক লগ পাৱলৈ অপেক্ষা কৰি আছিল এজন ব্যক্তিয়ে৷ ১৯৪৭ চনত পৃথক হোৱা দুগৰাকী ভাতৃ ২০১৯ চনত পুনৰ মিলন হয় কৰতাৰপুৰ চাহিব কৰিডৰত৷ তেওঁলোক হৈছে চিক্কা খান আৰু ভায়েক মুহাম্মাদ ছিদ্দিক ৷ ২০১৯ চনত সাক্ষাৎ হোৱাৰ দুবছৰ পাছত নতুন দিল্লীৰ পাকিস্তান উচ্চ আয়োগে শুকুৰবাৰে চিক্কা খানক তেওঁৰ ভায়েক মুহাম্মাদ ছিদ্দিক আৰু পাকিস্তানৰ পৰিয়ালৰ আন সদস্যসকলক লগ কৰিবলৈ ভিছা জাৰি কৰে। আৰু তাৰপাছতেই এই খবৰে দুয়োজনকেই কৰি তোলে আনন্দিত৷ এই মহানিলনৰ সন্দৰ্ভত পাকিস্তান উচ্চআয়োগে শুকুৰবাৰে কয়, '২০১৯ চনৰ নৱেম্বৰত পাকিস্তানৰ দ্বাৰা ভিছা-মুক্ত কৰতাৰপুৰ চাহিব কৰিডৰৰ ঐতিহাসিক মুকলিয়ে কেনেকৈ মানুহক ইজনে সিজনক সাক্ষাৎ কৰিলে তাৰ এক শক্তিশালী দৃষ্টান্ত হৈছে দুয়োজন ভাতৃৰ কাহিনী।' ৭০ বছৰ বয়সৰ এজন বৃদ্ধ ব্যক্তি, চিক্কাই তেওঁৰ গোটেই জীৱনটো সেই মুহূৰ্তৰ বাবে অপেক্ষা কৰি অতিবাহিত কৰিছিল৷ কেতিয়া তেওঁৰ ভায়েকক এবাৰ চাৱ পাৰিব? অৱশেষত সোমবাৰে কৰতাৰপুৰ গুৰুদ্বাৰাত দেখা সাক্ষাৎ হৈছিল দুয়োগৰাকীৰ। উল্লেখ্য যে জানুৱাৰী মাহৰ আৰম্ভণীতেই চিক্কাই অনুৰোধ কৰি কৈছিল 'অনুগ্ৰহ কৰি মোক ভিছা দিয়ক। মই যিমান সম্ভৱ সোনকালে মোৰ ভাইটিৰ ওচৰলৈ যাব বিচাৰো,' ৷ ভাৰত-পাকিস্তান বিভাজন হোৱাৰ পাছত চিক্কা আৰু তেওঁৰ মাকক এফালে আৰু তেওঁৰ জ্যেষ্ঠ ভাতৃ মুহাম্মাদ ছিদ্দিক খান আৰু পিতৃক পাকিস্তানৰ ফালে ভাগ হৈ পৰিছিল ৷ তাৰপাছত কেতিয়াবা একেলগে থাকিব বুলি কল্পনা কৰাও কঠিন হৈ পৰিছিল পৰিয়ালটোৰ বাবে৷ এনেসময়তেই দেৱসূত হিচাপে থিয় দিছিল এজন ইউটিউবাৰ৷ পাকিস্তানৰ এজন ইউটিউবাৰ নাছিৰ ধিলনে ছাদিকৰ এই সন্দৰ্ভত এটি ভিডিঅ' আপলোড কৰিছিল৷ যিটো ভিডিঅ'ই ছ'চিয়েল মিডিয়াত তোলপাৰ লগাইছিল৷ তাৰপাছত দুয়ো ভ্ৰাতৃলৈ আহিছিল সেই মহেন্দ্ৰক্ষণ৷ উল্লেখ্য যে, ইউটিউবাৰ ধিলনে বিভাজিত হোৱা পাকিস্তান আৰু ভাৰতৰ দুয়োখন পাঞ্জাৱত পাঁচ লাখৰো অধিক গ্ৰাহকৰ সৈতে পাঞ্জাৱী লেহাৰ নামৰ এটা ইউটিউব চেনেল চলাইছিল৷ য'ত বিভাজনৰ কাহিনী, পাঞ্জাৱী সংস্কৃতি আৰু ঐতিহ্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল। ধিলনে ২০১৯ চনত তেওঁৰ কামৰ অংশ হিচাপে পাকিস্তানৰ ফৈজালাবাদ জিলাৰ বোগ্ৰান গাঁৱৰ মাজেৰে পাৰ হৈ গৈ আছিল যেতিয়া তেওঁ বৃদ্ধ ছাদিকৰ কাহিনী শুনিছিল, কেনেকৈ ১৯৪৭ চনৰ গ্ৰীষ্মকালত, তেওঁ আৰু তেওঁৰ পিতৃয়ে তেওঁৰ সৰু ভায়েক আৰু মাতৃৰ অবিহনে ভাৰতীয় পঞ্জাৱত তেওঁৰ মাতৃগৃহ এৰিছিল। আৰু একেটা পৰিয়ালে কেনেকৈ বিভাজিত হৈ বেলেগ বেলেগ দেশত থাকিবলগীয়া হৈছিল। ধিলনে এইদৰে কৈছিল যে, 'চাদিকে দৃঢ়ভাৱে বিশ্বাস কৰিছিল যে তেওঁৰ ভায়েক এতিয়াও জীয়াই আছে আৰু মোক তেওঁক সহায় কৰিবলৈ অনুৰোধ কৰিছিল।' ইউটিউবাৰে এটা ভিডিঅ' প্ৰস্তুত কৰিছিল আৰু চাদিকৰ পৰিয়ালৰ বিষয়ে তথ্য বিচাৰি ইয়াক ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। এদিনৰ ভিতৰতে, তেওঁক ফুলেৱালৰ গ্ৰাম্য চিকিৎসক আৰু দুগ্ধজাত সামগ্ৰীৰগৰাকী জগচিৰ সিঙে যোগাযোগ কৰিছিল। তেওঁ কৈছিল যে, চাদিক নামৰ ব্যক্তিজন আছিল হাবিব ওৰফে চিক্কা খান, যি তেওঁলোকৰ গাঁৱত বাস কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
হোজাইত চাঞ্চল্য; প্ৰেমিকৰ ব্লেকমেইলৰ বলি হৈ কীটনাশক দ্ৰব্য সেৱন কৰি কিশোৰীৰ আত্ম*হনন
২১ জুনৰ নীট-ইউ জিৰ প্ৰৱেশ-পত্ৰ জাৰি
জলবায়ুৰ পৰিৱৰ্তন; সংকটৰ গৰাহত হিমালয়ৰ পৰিৱেশতন্ত্র
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
Advertisement