--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান যুৱ-প্ৰজন্মৰ মাজত প্ৰধান আৰু একমাত্ৰ শত্ৰু কোন বুলি যদি কোৱা হয়, সেয়া প্ৰথমে আমাৰ মনলৈ মোবাইল গেমৰ কথাকে আহে। সময়ে সময়ে নানাধৰণৰ মোবাইল গেমৰ আবিৰ্ভাৱ হৈ থাকে আৰু প্ৰতিটো গেমৰে জনপ্ৰিয়তা কম-বেছি পৰিমাণে থাকে৷ এতিয়া কথাটো হ’ল যে এই মোবাইল গেমৰ প্ৰতি আকৰ্ষিত নৱ-প্ৰজন্মৰ মাজত অত্যধিক দেখিবলৈ পোৱা যায়৷ আবিষ্কৃত প্ৰতিটো গেমেই সমাজত এটা বেয়া প্ৰভাৱ পেলাই আহিছে তাৰ জ্বলন্ত উদাহৰণ দুটামান বছৰৰ আগত ব্লু হুৱাইল নামৰ মোবাইল গেমটো। এই গেম খেলি শ শ কিশোৰে আত্মহত্যা কৰিছিল৷ এইবিলাকৰ উপৰি যুৱ-প্ৰজন্ম আজিকালি মোবাই ল গেমৰ প্ৰতি ইমানেই বেছি আসক্ত হৈ পৰিছে যে, তেওঁলোকে নিজৰ দৈনন্দিন কৰি থকা কাম-কাজ কৰিব লাগে বুলি পাহৰি যায়, বহুতে আকৌ চাকৰি পৰ্যন্ত হেৰুৱাব লগা হৈছে একমাত্ৰ মোবাইল গেমৰ বাবে। শেহতীয়াকৈ মোবাই ল গেমৰ আসক্তিয়ে ২ বন্ধুৰ জীৱনলৈ নমাই আনিলে কাল অমানিশা। খবৰ অনুসৰি দুয়োজন বন্ধুৱে কাণত হেডফোন লৈ ৰে’ল লাইনৰ কাষত বহি মোবাইল গেম খেলি আছিল। খেলখন ইমানেই নিচাগ্ৰস্ত হৈ পৰিছিল যে, দুই বন্ধুৱে ৰে’ল আহি থকাৰ এটা শব্দও তেওঁলোকে শুনা নাছিল। ইয়াৰ পাছতে ৰে’লৰ খুন্দাত দুয়োজন বন্ধুৰ অকাল মৃত্যু ঘটে। দুৰ্ঘটনাৰ শেষমুহূৰ্তত তেওঁলোকৰ মাথোঁ এটা শব্দই উচ্চাৰিত হৈছিল, ‘‘আমি মৰিলো’’। এই শোকাৱহ ঘটনাটো বিহাৰৰ জয়নগৰত সংঘটিত হৈছে। দুৰ্ঘটনাত মৃত্যু হোৱা যুৱক দুজন ক্ৰমে সৌৰভ মাৰিক আৰু ৰেজাউল শ্বেখ বুলি চিনাক্ত কৰা হৈছে। তেওঁলোক দুয়োৰে ঘৰ বাহুৰু অঞ্চলত। জানিব পৰা মতে সৌৰভ মাৰিক দক্ষিণ বৰাসাত ধ্ৰুবচান্দ হালদাৰ মহাবিদ্যালয়ৰ তৃতীয় বৰ্ষৰ ছাত্ৰ। আনহাতে, ৰেজাউল শ্বেইখে এটা ব্যক্তিগত কোম্পানীত কাম কৰে। আজি পুৱা দুয়োজন বন্ধুৱে তেওঁলোকৰ চাইকেল লৈ ঘৰৰ পৰা ওলাই গৈছিল। তাৰ পাছত তেওঁলোকৰ মৃতদেহ ৰে’লপথত উদ্ধাৰ কৰা হৈছে। প্ৰত্যক্ষদৰ্শীৰ মতে, দুয়োজন বন্ধুৱে মোবাইল গেমত ব্যস্ত থকাৰ বাবে মৃত্যুক সাৱটিলে। প্ৰত্যক্ষদৰ্শীৰ মতে, দুয়োজন বন্ধুৱে কাণত হেডফোন লৈ ৰে’ললাইনৰ কাষত মোবাইল গেম খেলি আছিল। সেই সময়তে চিয়ালদা দক্ষিণ শাখাৰ এখন ৰে’লে দুয়োকে খুন্দা মাৰিছিল আৰু দুয়োজন বন্ধুৰ থিতাতে মৃত্যু ঘটিছে। বিহাৰৰ এই ঘটনাটোৱে সমগ্ৰ দেশবাসীৰ মাজত শোকৰ ছাঁ পেলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ