--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান যুৱ-প্ৰজন্মৰ মাজত প্ৰধান আৰু একমাত্ৰ শত্ৰু কোন বুলি যদি কোৱা হয়, সেয়া প্ৰথমে আমাৰ মনলৈ মোবাইল গেমৰ কথাকে আহে। সময়ে সময়ে নানাধৰণৰ মোবাইল গেমৰ আবিৰ্ভাৱ হৈ থাকে আৰু প্ৰতিটো গেমৰে জনপ্ৰিয়তা কম-বেছি পৰিমাণে থাকে৷ এতিয়া কথাটো হ’ল যে এই মোবাইল গেমৰ প্ৰতি আকৰ্ষিত নৱ-প্ৰজন্মৰ মাজত অত্যধিক দেখিবলৈ পোৱা যায়৷ আবিষ্কৃত প্ৰতিটো গেমেই সমাজত এটা বেয়া প্ৰভাৱ পেলাই আহিছে তাৰ জ্বলন্ত উদাহৰণ দুটামান বছৰৰ আগত ব্লু হুৱাইল নামৰ মোবাইল গেমটো। এই গেম খেলি শ শ কিশোৰে আত্মহত্যা কৰিছিল৷ এইবিলাকৰ উপৰি যুৱ-প্ৰজন্ম আজিকালি মোবাই ল গেমৰ প্ৰতি ইমানেই বেছি আসক্ত হৈ পৰিছে যে, তেওঁলোকে নিজৰ দৈনন্দিন কৰি থকা কাম-কাজ কৰিব লাগে বুলি পাহৰি যায়, বহুতে আকৌ চাকৰি পৰ্যন্ত হেৰুৱাব লগা হৈছে একমাত্ৰ মোবাইল গেমৰ বাবে। শেহতীয়াকৈ মোবাই ল গেমৰ আসক্তিয়ে ২ বন্ধুৰ জীৱনলৈ নমাই আনিলে কাল অমানিশা। খবৰ অনুসৰি দুয়োজন বন্ধুৱে কাণত হেডফোন লৈ ৰে’ল লাইনৰ কাষত বহি মোবাইল গেম খেলি আছিল। খেলখন ইমানেই নিচাগ্ৰস্ত হৈ পৰিছিল যে, দুই বন্ধুৱে ৰে’ল আহি থকাৰ এটা শব্দও তেওঁলোকে শুনা নাছিল। ইয়াৰ পাছতে ৰে’লৰ খুন্দাত দুয়োজন বন্ধুৰ অকাল মৃত্যু ঘটে। দুৰ্ঘটনাৰ শেষমুহূৰ্তত তেওঁলোকৰ মাথোঁ এটা শব্দই উচ্চাৰিত হৈছিল, ‘‘আমি মৰিলো’’। এই শোকাৱহ ঘটনাটো বিহাৰৰ জয়নগৰত সংঘটিত হৈছে। দুৰ্ঘটনাত মৃত্যু হোৱা যুৱক দুজন ক্ৰমে সৌৰভ মাৰিক আৰু ৰেজাউল শ্বেখ বুলি চিনাক্ত কৰা হৈছে। তেওঁলোক দুয়োৰে ঘৰ বাহুৰু অঞ্চলত। জানিব পৰা মতে সৌৰভ মাৰিক দক্ষিণ বৰাসাত ধ্ৰুবচান্দ হালদাৰ মহাবিদ্যালয়ৰ তৃতীয় বৰ্ষৰ ছাত্ৰ। আনহাতে, ৰেজাউল শ্বেইখে এটা ব্যক্তিগত কোম্পানীত কাম কৰে। আজি পুৱা দুয়োজন বন্ধুৱে তেওঁলোকৰ চাইকেল লৈ ঘৰৰ পৰা ওলাই গৈছিল। তাৰ পাছত তেওঁলোকৰ মৃতদেহ ৰে’লপথত উদ্ধাৰ কৰা হৈছে। প্ৰত্যক্ষদৰ্শীৰ মতে, দুয়োজন বন্ধুৱে মোবাইল গেমত ব্যস্ত থকাৰ বাবে মৃত্যুক সাৱটিলে। প্ৰত্যক্ষদৰ্শীৰ মতে, দুয়োজন বন্ধুৱে কাণত হেডফোন লৈ ৰে’ললাইনৰ কাষত মোবাইল গেম খেলি আছিল। সেই সময়তে চিয়ালদা দক্ষিণ শাখাৰ এখন ৰে’লে দুয়োকে খুন্দা মাৰিছিল আৰু দুয়োজন বন্ধুৰ থিতাতে মৃত্যু ঘটিছে। বিহাৰৰ এই ঘটনাটোৱে সমগ্ৰ দেশবাসীৰ মাজত শোকৰ ছাঁ পেলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন