--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অতি সোনকালেই জোয়া আখতাৰৰ নতুন ধাৰাবাহিক ‘দ্য আৰ্চিজ’ৰ জৰিয়তে অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰিব চুহানাই। ছবিখনৰ কাহিনী বিদেশী কমিক্সৰ পৰা অনুপ্ৰাণিত, আৰ্চি-ভেৰ’নিকা আৰু বেটীক ভাৰতলৈ অনা হ’ব ষাঠিৰ দশকত। এই ছবিখনত ভেৰ’নিকা লজৰ চৰিত্ৰত দেখা যাব শ্বাহৰুখৰ কন্যাক।

সৰুৰে পৰা কেমেৰাৰ সন্মুখত ডাঙৰ হৈ আহিছে সুহানাই। বহিঃৰাষ্ট্ৰত অভিনয়ৰ শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ দুখন চুটি ছবিও নিৰ্মাণ কৰিছে। কিন্তু জোয়া আখতাৰৰ চেটত উপস্থিত হোৱাৰ লগে লগে সুহানাই নিজকে নাৰ্ভাছ অনুভৱ কৰিছিল৷

শেহতীয়াকৈ মুম্বাইৰ এক অনুষ্ঠানত অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল সুহানাক। তাত তেওঁ ক’লে শ্বুটিঙৰ প্ৰথম দিনটোৰ অভিজ্ঞতা।

শ্বাহৰুখৰ কন্যাৰ ভাষাত, "প্ৰথম দিনটোত ইমানবোৰ তাৰকা, ইমানবোৰ ক্ৰু, মই সকলোৰে মাজত হেৰাই যোৱা যেন অনুভৱ কৰিছো। প্ৰথম দিনাই চেট, লাইট, কেমেৰা, সাজ-পোছাক, অভিনয়ক লৈ বৰ নাৰ্ভাছ হৈ পৰিছিলো। তাৰোপৰি দায়িত্ববোধ এটাও ক’ৰবাত কাম কৰি আছিল। সকলোৱে হাত মিলাই জোয়াৰ চিন্তাধাৰা কাৰ্যকৰী কৰিছে। কিন্তু চেটত থকা সকলোৱেই পৰিয়ালৰ দৰে আছিল। ফলত কামটো সহজ হৈ পৰে।’’

সুহানাই সমালোচনাৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে। মাক আৰু পিতৃয়েই তেওঁৰ জীৱনৰ প্ৰেৰণা আৰু চালিকা শক্তি বুলিও তেওঁ কয়। ‘দ্য আৰ্চিজ’ ছবিখন মুক্তি পোৱাৰ পিছতে সুহানাই ডাঙৰ পৰ্দাত অভিষেক ঘটোৱাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল