--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰত্যেক নাৰীয়ে জীৱনত এবাৰলৈ হ'লেও এগৰাকী মাতৃ হোৱাৰ সপোন দেখে। মাতৃত্বক নাৰী জীৱনৰ অন্যতম অলংকাৰ বুলি কোৱা হয়। সাধাৰণতে বৰ্তমান সময়ত সংসাৰবোৰত এটা বা দুটা সন্তান জন্ম দিয়াৰ পৰিকল্পনা কৰা পতি-পত্নীয়ে। পিছে এগৰাকী জনপ্ৰিয় তাৰকা শিল্পীয়ে সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত থমকি ৰোৱা নাই। তেওঁ এইবাৰ ১১ নম্বৰ সন্তানটি জন্ম দিবলৈ সাজু হৈছে। জনপ্ৰিয় আমেৰিকান গায়িকা তথা অভিনেত্ৰী কেকে ৱাটে একাদশ বাৰৰ বাবে মাতৃ হ'বলৈ আগবাঢ়িছে। কেকে ৱাটে ইনষ্টাগ্ৰামৰ জৰিয়তে অনুৰগীসকলক এই কথা জনায়। তেওঁ তৃতীয় স্বামীৰ ফালৰ পৰা এই সন্তানটি গৰ্ভধাৰণ কৰিছে। ইনষ্টাগ্ৰামত কেকে ৱাটে বেবী বাম্পৰ ফটো পোষ্ট কৰাৰ পাছতে ই ভাইৰেল হৈ পৰে। তেজৰঙা এযোৰ কাপোৰ পিন্ধি এক আৱেদনময়ী ৰূপত মাতৃত্বকালীন ফটোশ্বুট কৰে কেকে ৱাটে। বেবী বাম্পত তেওঁ সুন্দৰ ডিজাইনিঙো কৰিছে। ৩৯ বছৰীয়া কেকে ৱাট এতিয়ালৈকে তিনি বাৰলৈকে বিবাহপাশত আৱদ্ধ হৈছে। ২০১৮ চনত তেওঁ জাকাৰিয়া ডাৰিঙৰ সৈতে তৃতীয় বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হয়। আৰু পঢ়কঃ মই চেলিব্ৰিটি হ’লোঁ,এতিয়া বাদাম বিক্ৰী কৰিলে মানুহে হাঁহিবঃ ভুৱন বাদ্যকৰ ২০০০ চনত তেওঁৰ প্ৰথম বিবাহ সম্পন্ন হৈছিল। ২০০৯ চনত কেকেৰ প্ৰথম স্বামী ৰহমত মৰ্টনৰ সৈতে বিবাহ বিচ্ছেদ ঘটে। ইয়াৰ পাছত ২০১০ চনত মাইকেল জামাৰ ফৰ্ডৰ সৈতে দ্বিতীয় বাৰৰ বাবে বিয়াত বহে। ২০১৭ চনত দ্বিতীয় স্বামীৰ সৈতে তেওঁৰ বিবাহ বিচ্ছেদ ঘটে। অৱশেষত ২০১৮ চনত পুনৰ বিবাহপাশত আৱদ্ধ হয় অভিনেত্ৰী তথা গায়িকাগৰাকী। তৃতীয় স্বামী আৰু কেকে ৱাট বৰ্তমান ১১ নম্বৰ সন্তানটিক আদৰাৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক