--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজৰ বিবাদে যুদ্ধসদৃশ পৰিৱেশৰ সৃষ্টি কৰিছে। ৰাছিয়াই ইউক্ৰেইনৰ দুটা অঞ্চল ডনেটস্ক আৰু লুগানস্কক পৃথক দেশ হিচাপে ঘোষণা কৰাৰ পাছতেই উদ্ভৱ হয় অতি স্পৰ্শকাতৰ পৰিস্থিতি। এতিয়া যেন তৃতীয় বিশ্বযুদ্ধ দিশে ধাৱমান হৈছে পৃথিৱী। বৰ্ধিত উত্তেজনাৰ পৰিপ্ৰেক্ষিতত, ভাৰতে ইউক্ৰেইনত বাস কৰা ভাৰতীয় নাগৰিকসকলক স্থানান্তৰ কৰাৰ বাবে এক অভিযান আৰম্ভ কৰিছে।এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমান এআই৭৮৮ মঙলবাৰে পুৱা ৭.৪০ বজাত ইউক্ৰেইনত বাস কৰা ভাৰতীয়সকলক স্থানান্তৰ কৰিবলৈ উৰা মাৰিছে বুলি জানিব পৰা গৈছে। চৰকাৰী তথ্য অনুসৰি, এয়াৰ ইণ্ডিয়াৰ বিমানখনে ইউক্ৰেইনত আৱদ্ধ হৈ থকা ভাৰতীয়সকলক লৈ নিশা ১০ বজাত উপস্থিত হ'ব দিল্লীত। ভাৰত চৰকাৰে ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলক স্থানান্তৰ কৰাৰ প্ৰচেষ্টাত নিয়োজিত হৈ আছে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ ফালৰ পৰা জনোৱা প্ৰতিবেদন অনুসৰি, ইউক্ৰেইনত বাস কৰা প্ৰতিগৰাকী ভাৰতীয় নাগৰিক আৰু সকলো ভাৰতীয় ছাত্ৰ–ছাত্ৰীক অস্থায়ীভাৱে ইউক্ৰেইন এৰাৰ পৰামৰ্শ দিয়া হৈছিল। বাণিজ্যিক বিমান আৰু চাৰ্টাৰ ফ্লাইটৰ জৰিয়তে উভতি অহাৰ পৰামৰ্শ দিয়া হৈছিল সেই দেশত বাস কৰা ভাৰতীয়সকলক। এই ক্ষেত্ৰত চৰকাৰৰ ভূমিকাক লৈ বহুজনে সমালোচনা কৰাৰ পাছত কেন্দ্ৰৰ মোদী চৰকাৰে এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমানৰ ব্যৱস্থা কৰে৷ তদুপৰি, এই মাহতে ভাৰতৰ পৰা আন দুখন বিমানৰ সেৱা অগবঢ়োৱা হ'ব। দ্বিতীয়খন বিমান ২৪ ফেব্ৰুৱাৰীত আৰু তৃতীয়খন ২৬ ফেব্ৰুৱাৰীত ইউক্ৰেইনলৈ উৰা মাৰিব। ইউক্ৰেইন আৰু ৰাছিয়াৰ চলি থকা উত্তেজনাময় পৰিৱেশৰ পৰিপ্ৰেক্ষিতত, কেইদিনমান আগতে, ভাৰতীয় দূতাবাসে এক পৰামৰ্শ জাৰি কৰি ইউক্ৰেইনত বাস কৰা ভাৰতীয় শিক্ষাৰ্থী আৰু নাগৰিকসকলক দেশ ত্যাগ কৰিবলৈ নিৰ্দেশ দিছিল। পৰামৰ্শ জাৰি কৰি ভাৰতীয় দূতাবাসে কৈছিল যে, ৰাছিয়ান ফেডাৰেচনৰ সৈতে ইউক্ৰেইনৰ সীমান্তত বৰ্ধিত উত্তেজনা গভীৰ উদ্বেগৰ বিষয়। যাৰ ফলত দেশখনত শান্তি আৰু নিৰাপত্তা খণ্ডিত হ'ব। এফালে, ভাৰতে ইয়াৰ নাগৰিকসকলক সুৰক্ষিতভাৱে স্থানান্তৰ কৰাৰ অভিযানত লিপ্ত হৈছে, আনহাতে, ৰাছিয়াৰ দুখন চহৰক স্বাধীন হিচাপে ঘোষণা কৰা আৰু সৈন্য প্ৰেৰণ কৰাৰ ৰাছিয়াৰ নিৰ্দেশৰ মাজতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে এখন জৰুৰী বৈঠক আহ্বান কৰিছে। ৰাষ্ট্ৰসংঘৰ টিএছ তিৰুমূৰ্তিত ভাৰতৰ প্ৰতিনিধিয়েও বৈঠকত অংশগ্ৰহণ কৰিছিল। তেওঁ স্পষ্ট কৰি দিয়ে যে সামৰিক পদক্ষেপ কাৰো পক্ষত নহয়, সমস্যাটো আলোচনাৰ জৰিয়তে সমাধান কৰিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক