--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ'চিয়েল মিডিয়াত অতিকৈ জনপ্ৰিয় এটি নাম কিলি পল। কিলি পল বৰ্তমান ইণ্টাৰনেট ছেন্সেচন হৈ পৰিছে। ভাৰতীয়ৰ মাজত অতি জনপ্ৰিয় এই যুৱকজন। বলীউডৰ গানত লিপ-চিংক কৰি এই যুৱকজনে কৰা নৃত্যই সকলোকে চমকিত কৰি আহিছে। কিলিৰ হাঁহিও অতি মন পৰশা। কেতিয়াবা কিলিৰ সৈতে ৰীলবোৰত তেওঁৰ ভগ্নীয়েও সহযোগ কৰে। তাঞ্জানিয়াৰ যুৱক কিলি পলে ভাৰতীয় গানক প্ৰাধান্য দি ৰীল ভিডিঅ' বনাই সকলোকে মন্ত্ৰমুগ্ধ কৰি আহিছে। ভাৰতীয় গানক মনে-প্ৰাণে ভালপোৱা কিলি পলক তাঞ্জানিয়াৰ ভাৰতীয় আয়োগে বিশেষভাৱে সন্মানিত কৰিছে। তাঞ্জানিয়াৰ ভাৰতৰ উচ্চায়ুক্ত বিনয় প্ৰধানে ২১ ফেব্ৰুৱাৰীত বিশেষভাৱে সম্বৰ্ধনা জনায় কিলি পলক। কিলিয়ে ভাৰতৰ উচ্চায়ুক্তৰ পৰা সন্মান গ্ৰহণ কৰিবলৈ যাওঁতে পৰম্পৰাগত পোছাক পৰিধান কৰি গৈছিল। বিনয় প্ৰধানে কিলিৰ সৈতে উঠা এখন ফটো শ্বেয়াৰ কৰি লিখে-''আজি তাঞ্জানিয়াৰ ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়লৈ এগৰাকী বিশেষ অতিথি আহে। তাঞ্জানিয়াৰ বিখ্যাত শিল্পী কিলি পলে তেওঁৰ ভিডিঅ'ৰে ভাৰতত লাখ লাখ মানুহৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে।" ভাৰতীয় উচ্চায়ুক্ত বিনয় প্ৰধানৰ পৰা সন্মান গ্ৰহণ কৰাৰ লগতে তেওঁৰ সৈতে আলোচনাতো মিলিত হয় কিলি পল। কিলি পলেও তেওঁৰ ইনষ্টাগ্ৰামত ভাৰতীয় উচ্চায়ুক্তৰ সৈতে হোৱা সাক্ষাতৰ ফটো শ্বেয়াৰ কৰিছে। উল্লেখ্য যে ছ'চিয়েল মিডিয়া ছুপাৰষ্টাৰ কিলিৰ ইনষ্টাগ্ৰামত ২.২ মিলিয়ন ফল'ৱাৰ্চ আৰু টিকটকত ১.৭৬ মিলিয়ন ফল'ৱাৰ্চ আছে। আৰু পঢ়কঃ ১১ নম্বৰৰ সন্তানটি জন্ম দিবলৈ সাজু হৈছে এইগৰাকী জনপ্ৰিয় তাৰকা!
FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতত নিষিদ্ধ পাকিস্তানী ক্ৰিকেটাৰ কিন্তু ভাৰতৰ বাহিৰত আম্বানী, আদানী, শ্বাহৰুখ খানৰ হৈ খেলি আছে এইসকল ক্ৰিকেটাৰে
তৎকাল টিকট বুকিঙৰ নিয়ম সলনি: ১ জুলাইৰ পৰা IRCTC একাউণ্টৰ সৈতে আধাৰ লিংক কৰাটো বাধ্যতামূলক
আধাৰ কাৰ্ড থাকিলেও হ’ব পাৰে ডাঙৰ সমস্যা! শীঘ্ৰেই কৰক এই কাম...
ৰাজা ৰঘুবংশী কাণ্ডত সঞ্জয় বৰ্মাৰ এন্ট্ৰি, কি সংযোগ সোণমৰ সৈতে...
যুৱচামৰ মাজতো বাঢ়িছে বাতবিষৰ সমস্যা
এইবাৰ ইণ্ডিগ' বিমানত বিপত্তি; লেহগামী বিমান পুনৰ উভতিল দিল্লীলৈ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত