--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ'চিয়েল মিডিয়াত অতিকৈ জনপ্ৰিয় এটি নাম কিলি পল। কিলি পল বৰ্তমান ইণ্টাৰনেট ছেন্সেচন হৈ পৰিছে। ভাৰতীয়ৰ মাজত অতি জনপ্ৰিয় এই যুৱকজন। বলীউডৰ গানত লিপ-চিংক কৰি এই যুৱকজনে কৰা নৃত্যই সকলোকে চমকিত কৰি আহিছে। কিলিৰ হাঁহিও অতি মন পৰশা। কেতিয়াবা কিলিৰ সৈতে ৰীলবোৰত তেওঁৰ ভগ্নীয়েও সহযোগ কৰে। তাঞ্জানিয়াৰ যুৱক কিলি পলে ভাৰতীয় গানক প্ৰাধান্য দি ৰীল ভিডিঅ' বনাই সকলোকে মন্ত্ৰমুগ্ধ কৰি আহিছে। ভাৰতীয় গানক মনে-প্ৰাণে ভালপোৱা কিলি পলক তাঞ্জানিয়াৰ ভাৰতীয় আয়োগে বিশেষভাৱে সন্মানিত কৰিছে। তাঞ্জানিয়াৰ ভাৰতৰ উচ্চায়ুক্ত বিনয় প্ৰধানে ২১ ফেব্ৰুৱাৰীত বিশেষভাৱে সম্বৰ্ধনা জনায় কিলি পলক। কিলিয়ে ভাৰতৰ উচ্চায়ুক্তৰ পৰা সন্মান গ্ৰহণ কৰিবলৈ যাওঁতে পৰম্পৰাগত পোছাক পৰিধান কৰি গৈছিল। বিনয় প্ৰধানে কিলিৰ সৈতে উঠা এখন ফটো শ্বেয়াৰ কৰি লিখে-''আজি তাঞ্জানিয়াৰ ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়লৈ এগৰাকী বিশেষ অতিথি আহে। তাঞ্জানিয়াৰ বিখ্যাত শিল্পী কিলি পলে তেওঁৰ ভিডিঅ'ৰে ভাৰতত লাখ লাখ মানুহৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে।" ভাৰতীয় উচ্চায়ুক্ত বিনয় প্ৰধানৰ পৰা সন্মান গ্ৰহণ কৰাৰ লগতে তেওঁৰ সৈতে আলোচনাতো মিলিত হয় কিলি পল। কিলি পলেও তেওঁৰ ইনষ্টাগ্ৰামত ভাৰতীয় উচ্চায়ুক্তৰ সৈতে হোৱা সাক্ষাতৰ ফটো শ্বেয়াৰ কৰিছে। উল্লেখ্য যে ছ'চিয়েল মিডিয়া ছুপাৰষ্টাৰ কিলিৰ ইনষ্টাগ্ৰামত ২.২ মিলিয়ন ফল'ৱাৰ্চ আৰু টিকটকত ১.৭৬ মিলিয়ন ফল'ৱাৰ্চ আছে। আৰু পঢ়কঃ ১১ নম্বৰৰ সন্তানটি জন্ম দিবলৈ সাজু হৈছে এইগৰাকী জনপ্ৰিয় তাৰকা!

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক