--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ব্যক্তিগতভাৱে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাটো বন্ধ কৰিব বুলি তেওঁক প্রতিশ্রুতি দিছে

ডিজিটেল ডেস্ক : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ভাৰতৰ বিৰুদ্ধে বৃহৎ হাৰত শুল্ক আৰোপৰ পুনৰ ভাবুকি দিয়ে। 


ট্রাম্পে তেওঁৰ বিমান এয়াৰ ফ'ৰ্চ ৱানত সাংবাদিকৰ আগত কয় যে ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাটো বন্ধ কৰক। যদিহে ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাটো বন্ধ নকৰে তেতিয়া ভাৰতীয় সামগ্ৰীত বৃহৎ হাৰত শুল্ক আৰোপ কৰা হ'ব। ট্রাম্পে লগতে এইবুলিও দাবী কৰে যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ব্যক্তিগতভাৱে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাটো বন্ধ কৰিব বুলি তেওঁক প্রতিশ্রুতি দিছে। অৱশ্যে ট্রাম্পৰ এই দাবী ভাৰতে ইতিমধ্যে অগ্রাহ্য কৰিছে। ট্রাম্পে যোৱা সপ্তাহত কৰা দাবী দোহাৰি কয়, 'মই ভাৰতৰ প্রধানমন্ত্রী মোদীৰ সৈতে কথা পাতিছিলোঁ আৰু তেওঁ মোক কৈছিল যে ৰাছিয়াৰ খাৰুৱা তেলৰ বিষয়টোত তেওঁ বিবেচনা কৰিব। যদিহে দেশখনে সেইটো কৰি থাকে তেতিয়া তেওঁলোকে বৃহৎ হাৰত শুল্ক ভৰিব লাগিব।' 


প্রধানমন্ত্রী মোদীয়ে তেওঁৰ সৈতে এনেধৰণৰ কোনো আলোচনা কৰাৰ বিষয়ে জ্ঞাত নহয় বুলি ভাৰত চৰকাৰে কোৱাৰ বিষয়ে উল্লেখ কৰি ট্রাম্পক প্রশ্ন সোধাত তেওঁ কয়, 'যদি তেওঁলোকে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্রয় কৰি থাকিবলৈ বিচাৰে তেতিয়া বৃহৎ হাৰত শুল্ক ভৰিব লাগিব, অৱশ্যে তেওঁ সেইটো কৰিবলৈ নিবিচাৰে।' উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি ট্রাম্পে অলপতে এইবুলি দাবী কৰিছিল যে প্রধানমন্ত্রী মোদীয়ে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় নকৰে বুলি তেওঁক প্রতিশ্রুতি দিছে। ইয়াৰ প্ৰত্যুত্তৰ দি ভাৰতৰ বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্র বন্ধীৰ জয়ছোৱালে কৈছিল যে ৰাষ্ট্ৰপতি ট্রাম্প আৰু মোদীৰ মাজত কোনোধৰণৰ টেলিফ 'নিক বার্তালাপ হোৱা নাছিল। 


উল্লেখযোগ্য যে ট্রাম্পে ভাৰতীয় সামগ্রীত ইতিমধ্যে ২৫% শুল্ক আৰু ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয়ৰ বাবে ২৫% জৰিমনা আৰোপ কৰে। আন কথাত ভাৰতীয় সামগ্ৰীত ৫০% শুল্ক আৰোপ কৰা হৈছে। ট্রাম্পে বাৰম্বাৰ দোহাৰে যে যদি ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেলৰ আমদানি বন্ধ নকৰে তেতিয়া ভাৰতৰ বিৰুদ্ধে আৰোপ কৰা ৫০% শুল্ক অব্যাহত থাকিবই আৰু ইয়াৰ অধিক বৃদ্ধি কৰা হ'ব পাৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ