--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ব্যক্তিগতভাৱে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাটো বন্ধ কৰিব বুলি তেওঁক প্রতিশ্রুতি দিছে

ডিজিটেল ডেস্ক : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ভাৰতৰ বিৰুদ্ধে বৃহৎ হাৰত শুল্ক আৰোপৰ পুনৰ ভাবুকি দিয়ে। 


ট্রাম্পে তেওঁৰ বিমান এয়াৰ ফ'ৰ্চ ৱানত সাংবাদিকৰ আগত কয় যে ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাটো বন্ধ কৰক। যদিহে ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাটো বন্ধ নকৰে তেতিয়া ভাৰতীয় সামগ্ৰীত বৃহৎ হাৰত শুল্ক আৰোপ কৰা হ'ব। ট্রাম্পে লগতে এইবুলিও দাবী কৰে যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ব্যক্তিগতভাৱে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাটো বন্ধ কৰিব বুলি তেওঁক প্রতিশ্রুতি দিছে। অৱশ্যে ট্রাম্পৰ এই দাবী ভাৰতে ইতিমধ্যে অগ্রাহ্য কৰিছে। ট্রাম্পে যোৱা সপ্তাহত কৰা দাবী দোহাৰি কয়, 'মই ভাৰতৰ প্রধানমন্ত্রী মোদীৰ সৈতে কথা পাতিছিলোঁ আৰু তেওঁ মোক কৈছিল যে ৰাছিয়াৰ খাৰুৱা তেলৰ বিষয়টোত তেওঁ বিবেচনা কৰিব। যদিহে দেশখনে সেইটো কৰি থাকে তেতিয়া তেওঁলোকে বৃহৎ হাৰত শুল্ক ভৰিব লাগিব।' 


প্রধানমন্ত্রী মোদীয়ে তেওঁৰ সৈতে এনেধৰণৰ কোনো আলোচনা কৰাৰ বিষয়ে জ্ঞাত নহয় বুলি ভাৰত চৰকাৰে কোৱাৰ বিষয়ে উল্লেখ কৰি ট্রাম্পক প্রশ্ন সোধাত তেওঁ কয়, 'যদি তেওঁলোকে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্রয় কৰি থাকিবলৈ বিচাৰে তেতিয়া বৃহৎ হাৰত শুল্ক ভৰিব লাগিব, অৱশ্যে তেওঁ সেইটো কৰিবলৈ নিবিচাৰে।' উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি ট্রাম্পে অলপতে এইবুলি দাবী কৰিছিল যে প্রধানমন্ত্রী মোদীয়ে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় নকৰে বুলি তেওঁক প্রতিশ্রুতি দিছে। ইয়াৰ প্ৰত্যুত্তৰ দি ভাৰতৰ বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্র বন্ধীৰ জয়ছোৱালে কৈছিল যে ৰাষ্ট্ৰপতি ট্রাম্প আৰু মোদীৰ মাজত কোনোধৰণৰ টেলিফ 'নিক বার্তালাপ হোৱা নাছিল। 


উল্লেখযোগ্য যে ট্রাম্পে ভাৰতীয় সামগ্রীত ইতিমধ্যে ২৫% শুল্ক আৰু ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয়ৰ বাবে ২৫% জৰিমনা আৰোপ কৰে। আন কথাত ভাৰতীয় সামগ্ৰীত ৫০% শুল্ক আৰোপ কৰা হৈছে। ট্রাম্পে বাৰম্বাৰ দোহাৰে যে যদি ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেলৰ আমদানি বন্ধ নকৰে তেতিয়া ভাৰতৰ বিৰুদ্ধে আৰোপ কৰা ৫০% শুল্ক অব্যাহত থাকিবই আৰু ইয়াৰ অধিক বৃদ্ধি কৰা হ'ব পাৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩ জানুৱাৰীত সৰুসজাইত ফিফা বিশ্ব কাপৰ ট্ৰফীৰ প্ৰদৰ্শন, বিশ্ব ফুটবলৰ মানচিত্ৰত অন্তর্ভুক্ত হ'ব অসম
বিশ্বৰ আটাইতকৈ ওখ গুৰু আসনেৰে উজলিব বটদ্ৰৱা প্রকল্প, ঐতিহাসিক ক্ষণৰ সাক্ষী ৰাজ্যবাসী
গুৰুভূমিত অনৱদ্য কীর্তিস্তম্ভ, অমিত শ্বাহে আজি মুকলি কৰিব বটদ্ৰৱা প্ৰকল্প
বাঘবৰৰ বালিচৰত সেউজ বিপ্লৱ, ৫ যুৱকে কৰিছে বিভিন্নধৰণৰ খেতি
প্রচণ্ড শীতে কঁপাইছে আমেৰিকাবাসীক
বিমোৰত পাকিস্তান! বিগত ২ বছৰত ১১ হাজাৰ অভিযন্তা আৰু ৫ হাজাৰ চিকিৎসকে ত্যাগ কৰিলে দেশ
পশ্চিমবংগত অপদস্থ জনপ্ৰিয় কণ্ঠশিল্পী ; মঞ্চত উঠি গান গোৱাত বাধা শিল্পীগৰাকীক
'ভোট চুৰি'কে ধৰি প্ৰতিটো 'ইছ্যু'তে ৰাহুলৰ ব্যৰ্থতাত ক্ষুব্ধ ছোনিয়া গান্ধী, প্রিয়ংকা গান্ধীৰ নেতৃত্ব বিচাৰে কংগ্ৰেছীয়ে
২০২৬ চনত আটাইতকৈ ডাঙৰ ভাবুকি হ’ব পাৰে AI ! গোপনীয়তাৰ পৰা বৃদ্ধি পোৱা সামাজিক উত্তেজনালৈকে এই ৬টা বিপদৰ বিষয়ে জানি লওক
মাজুলীত পুনৰ বন্যহস্তীৰ উপদ্ৰৱ ; তহিলং কৰিলে ২৫ বিঘাকৈ ৰবি শস্যৰ  ফচল
কাছাৰত ১৯ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু ; মটৰ সংযোগ কৰি নদীৰ পৰা পানী তুলিবলৈ গৈ বিদ্যুৎস্পৃষ্ট হয় যুৱকজন
জোনাইত আৱকাৰী বিভাগৰ পুনৰ বৃহৎ সাফল্য, চিমেন চাপৰিৰ পৰা ই-ৰিক্সাসহ বুজন পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা জব্দ, এজনক আটক
ভুল বুজাবুজিৰ বাবে হিংসাত্মক ৰূপ ল'লে প্রতিবাদে: তুলিৰাম ৰংহাং
Indian Oilৰ পেট্ৰল পাম্পত ডিজেলৰ সলনি গ্ৰাহকে পালে পানী