--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পশ্চিম বংগত মমতা বেনাৰ্জীৰ চৰকাৰ আকৌ বিতৰ্কৰ মাজত । কলকাতাত এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসকৰ ধৰ্ষণ-হত্যা কাণ্ডৰ বিতৰ্কৰ সৈতে যুঁজি থকা তৃণমূল কংগ্ৰেছ চৰকাৰ এতিয়া দুৰ্গা পূজা পেণ্ডেলৰ বিতৰ্কত লিপ্ত হৈছে। প্ৰশ্ন উত্থাপন হৈছে যে মমতা বেনাৰ্জীৰ হিন্দু উৎসৱক লৈ কি সমস্যা আছে৷ আচলতে পশ্চিমবংগৰ নাদিয়া জিলাৰ দুৰ্গা পূজাৰ ঠিক আগতেই আইন-শৃংখলা বিঘ্নিত হোৱাৰ আশংকাত পেণ্ডেলৰ কাম বন্ধ কৰাই দিয়ে আৰক্ষীয়ে। ইয়াৰ ফলত স্থানীয় হিন্দু পৰিয়ালসমূহৰ মাজত ক্ষোভ বিয়পি পৰিছে। তেওঁলোকৰ অভিযোগ যে, মহৰম, বৰাৱাফাতৰ দৰে অন্যান্য সামূহিক অনুষ্ঠানৰ বিশদ ব্যৱস্থা নিজে কৰা পশ্চিমবংগ চৰকাৰৰ হিন্দু উৎসৱৰ লগত কি সমস্যা আছে ৷


পশ্চিম বংগৰ নাদিয়া জিলাত নিৰ্মান ১১২ ফুট উচ্চতাৰ দুৰ্গা মূৰ্তি। স্থানীয় ৰাইজে দান বৰঙণীৰে আটাইতকৈ ওখ দুৰ্গা পূজা পেণ্ডেল নিৰ্মাণৰ কাম হাতত লৈছিল। দুৰ্গা পূজাক পশ্চিম বংগৰ আটাইতকৈ ডাঙৰ উৎসৱ বুলি গণ্য কৰা হয়, য’ত ৰাইজে দুৰ্গা দেৱীৰ আটাইতকৈ ডাঙৰ প্ৰতিমূৰ্তি স্থাপনৰ সংকল্প লয়। ইয়াৰ বাবে যোৱা ৬ মাহ ধৰি প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম অব্যাহত আছিল। এতিয়া হঠাৎ প্ৰশাসনে প্ৰতিমূৰ্তি নিৰ্মাণৰ অনুমতি অস্বীকাৰ কৰিছে। মমতা বেনাৰ্জীৰ আৰক্ষীয়ে পেণ্ডেলত উপস্থিত হৈ সকলো কাম বন্ধ কৰি আঁতৰি যায়। ইয়াৰ কাৰণ এতিয়ালৈকে কোনেও জনোৱা নাই। কেৱল আইন-শৃংখলাৰ অৱনতি ঘটাৰ কথাহে প্ৰকাশ কৰিছে ।


কিছুদিন পূৰ্বে মমতা বেনাৰ্জীয়ে এটা বিবৃতিত কয় ‘ ইমান ডাঙৰ মূৰ্তি  স্থাপন কৰিলে বিপুল জনসমাগম হ’ব। ইয়াৰ ফলত দুৰ্গা পূজাৰ সময়ত আইন-শৃংখলাৰ অৱনতি ঘটাৰ পৰিস্থিতিৰ সৃষ্টি হ’ব।  কিন্তু ইয়াৰ ফলত এই প্ৰশ্ন উত্থাপন হৈছে যে দুৰ্গা পূজাৰ সময়ত দেৱীৰ আশীষ বিচাৰি ভক্তসকল ওলাই আহে । ইয়াক পৰিচালনা কৰাটো চৰকাৰ আৰু প্ৰশাসনৰ কাম। 

দুৰ্গা পূজা পেণ্ডেলৰ কাম বন্ধ হোৱাৰ পিছত স্থানীয় ৰাইজে মমতা বেনাৰ্জীক তুষ্টিকৰণৰ অভিযোগ উত্থাপন কৰিছে। ৰাইজে প্ৰশ্ন কৰিছে যে দুৰ্গা পূজাৰ ২০ দিন আগতে কিয় এই কাম কৰা হৈছে। নাদিয়াত মহৰম আৰু বৰাৱাফাতৰ সময়ত অতি আড়ম্বৰেৰে শোভাযাত্ৰা উলিওৱা হয়। তেতিয়া আইন-শৃংখলাৰ বিষয়ে কিয় গুৰুত্ব দিয়া নহয় । দুৰ্গা পূজাৰ প্ৰস্তুতিত এই কথা উল্লেখ কৰা হৈছে। স্থানীয় ৰাইজে কয় যে এই পূজা পেণ্ডেলৰ বাবে কোনো ধৰণৰ পৃষ্ঠপোষকতা নাই। এই সকলো টকা গাঁৱৰ মানুহৰহে । এতিয়ালৈকে ৫০ লাখ টকা খৰচ হৈছে। গাঁৱৰ মানুহে ইমান টকা খৰচ কৰিছে, কিন্তু এতিয়া চৰকাৰে ৰাইজলৈ বিপদ নমাই আনিছে ৷

পেণ্ডেল নিষিদ্ধ কৰা নদিয়া জিলাত বিগত ৫৫ বছৰ ধৰি দুৰ্গা পূজা উৎসৱ ধুমধামেৰে উদযাপন কৰি আহিছে কিন্তু এইবাৰ পণ্ডল বন্ধ কৰাৰ নিৰ্দেশৰ পিছত অঞ্চলটোৰ মুছলমানসকলো স্তম্ভিত হৈ পৰিছে। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে য’ত হিন্দুসকলে নিজৰ উৎসৱবোৰ আনন্দ উল্লাহেৰে পালন কৰিব বিচাৰে তাত মুছলমানৰো এই ক্ষেত্ৰত কোনো আপত্তি নাই। এনে পৰিস্থিতিত মমতা চৰকাৰৰ এই কাৰ্যই সকলোকে স্তম্ভিত কৰিছে ৷ সঁচাকৈয়ে হিন্দু উৎসৱৰ লগত মমতা চৰকাৰৰ সমস্যা আছে নেকি?

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement