--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পশ্চিম বংগত মমতা বেনাৰ্জীৰ চৰকাৰ আকৌ বিতৰ্কৰ মাজত । কলকাতাত এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসকৰ ধৰ্ষণ-হত্যা কাণ্ডৰ বিতৰ্কৰ সৈতে যুঁজি থকা তৃণমূল কংগ্ৰেছ চৰকাৰ এতিয়া দুৰ্গা পূজা পেণ্ডেলৰ বিতৰ্কত লিপ্ত হৈছে। প্ৰশ্ন উত্থাপন হৈছে যে মমতা বেনাৰ্জীৰ হিন্দু উৎসৱক লৈ কি সমস্যা আছে৷ আচলতে পশ্চিমবংগৰ নাদিয়া জিলাৰ দুৰ্গা পূজাৰ ঠিক আগতেই আইন-শৃংখলা বিঘ্নিত হোৱাৰ আশংকাত পেণ্ডেলৰ কাম বন্ধ কৰাই দিয়ে আৰক্ষীয়ে। ইয়াৰ ফলত স্থানীয় হিন্দু পৰিয়ালসমূহৰ মাজত ক্ষোভ বিয়পি পৰিছে। তেওঁলোকৰ অভিযোগ যে, মহৰম, বৰাৱাফাতৰ দৰে অন্যান্য সামূহিক অনুষ্ঠানৰ বিশদ ব্যৱস্থা নিজে কৰা পশ্চিমবংগ চৰকাৰৰ হিন্দু উৎসৱৰ লগত কি সমস্যা আছে ৷


পশ্চিম বংগৰ নাদিয়া জিলাত নিৰ্মান ১১২ ফুট উচ্চতাৰ দুৰ্গা মূৰ্তি। স্থানীয় ৰাইজে দান বৰঙণীৰে আটাইতকৈ ওখ দুৰ্গা পূজা পেণ্ডেল নিৰ্মাণৰ কাম হাতত লৈছিল। দুৰ্গা পূজাক পশ্চিম বংগৰ আটাইতকৈ ডাঙৰ উৎসৱ বুলি গণ্য কৰা হয়, য’ত ৰাইজে দুৰ্গা দেৱীৰ আটাইতকৈ ডাঙৰ প্ৰতিমূৰ্তি স্থাপনৰ সংকল্প লয়। ইয়াৰ বাবে যোৱা ৬ মাহ ধৰি প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম অব্যাহত আছিল। এতিয়া হঠাৎ প্ৰশাসনে প্ৰতিমূৰ্তি নিৰ্মাণৰ অনুমতি অস্বীকাৰ কৰিছে। মমতা বেনাৰ্জীৰ আৰক্ষীয়ে পেণ্ডেলত উপস্থিত হৈ সকলো কাম বন্ধ কৰি আঁতৰি যায়। ইয়াৰ কাৰণ এতিয়ালৈকে কোনেও জনোৱা নাই। কেৱল আইন-শৃংখলাৰ অৱনতি ঘটাৰ কথাহে প্ৰকাশ কৰিছে ।


কিছুদিন পূৰ্বে মমতা বেনাৰ্জীয়ে এটা বিবৃতিত কয় ‘ ইমান ডাঙৰ মূৰ্তি  স্থাপন কৰিলে বিপুল জনসমাগম হ’ব। ইয়াৰ ফলত দুৰ্গা পূজাৰ সময়ত আইন-শৃংখলাৰ অৱনতি ঘটাৰ পৰিস্থিতিৰ সৃষ্টি হ’ব।  কিন্তু ইয়াৰ ফলত এই প্ৰশ্ন উত্থাপন হৈছে যে দুৰ্গা পূজাৰ সময়ত দেৱীৰ আশীষ বিচাৰি ভক্তসকল ওলাই আহে । ইয়াক পৰিচালনা কৰাটো চৰকাৰ আৰু প্ৰশাসনৰ কাম। 

দুৰ্গা পূজা পেণ্ডেলৰ কাম বন্ধ হোৱাৰ পিছত স্থানীয় ৰাইজে মমতা বেনাৰ্জীক তুষ্টিকৰণৰ অভিযোগ উত্থাপন কৰিছে। ৰাইজে প্ৰশ্ন কৰিছে যে দুৰ্গা পূজাৰ ২০ দিন আগতে কিয় এই কাম কৰা হৈছে। নাদিয়াত মহৰম আৰু বৰাৱাফাতৰ সময়ত অতি আড়ম্বৰেৰে শোভাযাত্ৰা উলিওৱা হয়। তেতিয়া আইন-শৃংখলাৰ বিষয়ে কিয় গুৰুত্ব দিয়া নহয় । দুৰ্গা পূজাৰ প্ৰস্তুতিত এই কথা উল্লেখ কৰা হৈছে। স্থানীয় ৰাইজে কয় যে এই পূজা পেণ্ডেলৰ বাবে কোনো ধৰণৰ পৃষ্ঠপোষকতা নাই। এই সকলো টকা গাঁৱৰ মানুহৰহে । এতিয়ালৈকে ৫০ লাখ টকা খৰচ হৈছে। গাঁৱৰ মানুহে ইমান টকা খৰচ কৰিছে, কিন্তু এতিয়া চৰকাৰে ৰাইজলৈ বিপদ নমাই আনিছে ৷

পেণ্ডেল নিষিদ্ধ কৰা নদিয়া জিলাত বিগত ৫৫ বছৰ ধৰি দুৰ্গা পূজা উৎসৱ ধুমধামেৰে উদযাপন কৰি আহিছে কিন্তু এইবাৰ পণ্ডল বন্ধ কৰাৰ নিৰ্দেশৰ পিছত অঞ্চলটোৰ মুছলমানসকলো স্তম্ভিত হৈ পৰিছে। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে য’ত হিন্দুসকলে নিজৰ উৎসৱবোৰ আনন্দ উল্লাহেৰে পালন কৰিব বিচাৰে তাত মুছলমানৰো এই ক্ষেত্ৰত কোনো আপত্তি নাই। এনে পৰিস্থিতিত মমতা চৰকাৰৰ এই কাৰ্যই সকলোকে স্তম্ভিত কৰিছে ৷ সঁচাকৈয়ে হিন্দু উৎসৱৰ লগত মমতা চৰকাৰৰ সমস্যা আছে নেকি?

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন