--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে চাইবাৰ আক্ৰমণৰ ঘটনা৷ ২০২৪ চনৰ প্ৰথমাৰ্ধতে ৫৯৩ টা চাইবাৰ আক্ৰমণৰ গোচৰ ৰুজু হৈছিল৷ দেশৰ শিক্ষা, প্ৰযুক্তি খণ্ড সমূহৰ লগতে স্বাস্থ্য, বেংকিং আদি খণ্ডক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল চাইবাৰ অপৰাধীয়ে৷ সম্প্ৰতি দেশৰ উচ্চতম ন্যায়ালয়ো চাইবাৰ আক্ৰমণৰ বলি হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ 

হেক হৈছে উচ্চতম ন্যায়ালয়ৰ ইউটিউব চেনেল৷ প্ৰাপ্ত তথ্য অনুসৰি শুকুৰবাৰে পুৱাৰ ভগৰ পৰা উচ্চতম ন্যায়ালয়ৰ ইউটিউব চেনেলত ন্যালয়ৰ দ্বাৰা উপলব্ধ হোৱা ভিডিঅৰ পৰিৱৰ্তে আমেৰিকা যুক্তৰাষ্টৰ কোম্পাণী ৰিপল লেবচে বিকাশ ঘটোৱা ক্ৰিপ্টোকাৰেন্সী এক্সআৰপিৰ প্ৰচাৰমূলক ভিডিঅ’ সম্প্ৰচাৰিত হৈ থকা ব্যৱহাৰকাৰী সকলে পৰিলক্ষিত কৰিছে৷তাৰ লগে লগে ভিডিঅ’ৰ ওপৰত অভিযোগ দিয়ে ব্যৱহাৰকাৰী সকলে৷ সাধাৰণতে উচ্চতম ন্যায়ালয়ৰ ইউটিউব চেনেলত গুৰুত্বপূৰ্ণ সাংবিধানিক শুনানিৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয়৷ সম্প্ৰতি পূৰ্বে সম্প্ৰচাৰ হোৱা ভিডিঅ’ সমূহো উপলব্ধ হৈ থকা নাই বুলি জানিব পৰা গৈছে৷

দেশৰ ন্যায় বিভাগৰ ওপৰত হোৱা চাইবাৰ আক্ৰমণত গভীৰ উদ্দেগ প্ৰকাশ কৰিছে আইন বিশেষজ্ঞ সকলে৷ এই ঘটনাই দেশৰ চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত প্ৰশ্ন উত্থাপন কৰিছে৷ উল্লেখযোগ্য যে হেকাৰৰ দলটোৱে জনপ্ৰিয় তথা প্ৰভাৱশালী ইউটিউব একাউণ্ট ইয়াৰ পূৰ্বেও হেক কৰি প্ৰৱঞ্চনা কৰি আহিছে বুলি জানিব পৰা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু