--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে চাইবাৰ আক্ৰমণৰ ঘটনা৷ ২০২৪ চনৰ প্ৰথমাৰ্ধতে ৫৯৩ টা চাইবাৰ আক্ৰমণৰ গোচৰ ৰুজু হৈছিল৷ দেশৰ শিক্ষা, প্ৰযুক্তি খণ্ড সমূহৰ লগতে স্বাস্থ্য, বেংকিং আদি খণ্ডক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল চাইবাৰ অপৰাধীয়ে৷ সম্প্ৰতি দেশৰ উচ্চতম ন্যায়ালয়ো চাইবাৰ আক্ৰমণৰ বলি হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ 

হেক হৈছে উচ্চতম ন্যায়ালয়ৰ ইউটিউব চেনেল৷ প্ৰাপ্ত তথ্য অনুসৰি শুকুৰবাৰে পুৱাৰ ভগৰ পৰা উচ্চতম ন্যায়ালয়ৰ ইউটিউব চেনেলত ন্যালয়ৰ দ্বাৰা উপলব্ধ হোৱা ভিডিঅৰ পৰিৱৰ্তে আমেৰিকা যুক্তৰাষ্টৰ কোম্পাণী ৰিপল লেবচে বিকাশ ঘটোৱা ক্ৰিপ্টোকাৰেন্সী এক্সআৰপিৰ প্ৰচাৰমূলক ভিডিঅ’ সম্প্ৰচাৰিত হৈ থকা ব্যৱহাৰকাৰী সকলে পৰিলক্ষিত কৰিছে৷তাৰ লগে লগে ভিডিঅ’ৰ ওপৰত অভিযোগ দিয়ে ব্যৱহাৰকাৰী সকলে৷ সাধাৰণতে উচ্চতম ন্যায়ালয়ৰ ইউটিউব চেনেলত গুৰুত্বপূৰ্ণ সাংবিধানিক শুনানিৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয়৷ সম্প্ৰতি পূৰ্বে সম্প্ৰচাৰ হোৱা ভিডিঅ’ সমূহো উপলব্ধ হৈ থকা নাই বুলি জানিব পৰা গৈছে৷

দেশৰ ন্যায় বিভাগৰ ওপৰত হোৱা চাইবাৰ আক্ৰমণত গভীৰ উদ্দেগ প্ৰকাশ কৰিছে আইন বিশেষজ্ঞ সকলে৷ এই ঘটনাই দেশৰ চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত প্ৰশ্ন উত্থাপন কৰিছে৷ উল্লেখযোগ্য যে হেকাৰৰ দলটোৱে জনপ্ৰিয় তথা প্ৰভাৱশালী ইউটিউব একাউণ্ট ইয়াৰ পূৰ্বেও হেক কৰি প্ৰৱঞ্চনা কৰি আহিছে বুলি জানিব পৰা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু