--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তিৰুপতি মন্দিৰত প্ৰসাদ হিচাপে দিয়া লাড়ুক লৈ অন্ধ্ৰ প্ৰদেশত ৰাজনৈতিক ধুমুহাৰ সৃষ্টি হৈছে। আচলতে ইয়াত মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে বুধবাৰে ৱাই এছ জগন মোহন ৰেড্ডীক অভিযোগ কৰে যে পূৰ্বৰ ৱাইএছআৰচিপি চৰকাৰে তিৰুমালাত তিৰুপতি লাড়ু প্ৰসাদ হিচাপে প্ৰস্তুত কৰিবলৈ ঘিৰ সলনি পশুৰ চৰ্বি ব্যৱহাৰ কৰিছিল। এই প্ৰসাদ ভগৱান ভেংকটেশ্বৰ স্বামী মন্দিৰ ভ্ৰমণ কৰা কোটি কোটি ভক্তক দিয়া হয়। 


আমৰাৱতীত এনডিএৰ বিধায়ক দলৰ বৈঠকত মুখ্যমন্ত্রীয়ে কয় যে ‘বিশুদ্ধ ঘিউৰ সহায়ত এতিয়া লাডু প্ৰস্তুত কৰা হৈছে আৰু মন্দিৰৰ সকলো বস্তু চেনিটাইজ কৰা হৈছে, যাৰ বাবে গুণগত মানদণ্ড উন্নত হৈছে।’


অন্ধ্ৰ প্ৰদেশৰ তথ্য-প্ৰযুক্তি মন্ত্ৰী নৰা লোকেশে এক্সত  চন্দ্ৰবাবু নাইডুৰ মন্তব্য শ্বেয়াৰ কৰে ৷ এই বিষয়ত তেওঁ জগন মোহন ৰেড্ডী প্ৰশাসনক লক্ষ্য কৰি কয় যে ‘ৱাইএছআৰচিপি চৰকাৰে ভক্তসকলৰ ধৰ্মীয় আৱেগক সন্মান কৰিব নোৱাৰে।’ 

তেওঁ লিখিছে, ‘তিৰুমালাৰ ভগৱান ভেংকটেশ্বৰ স্বামী মন্দিৰ আমাৰ আটাইতকৈ পবিত্ৰ মন্দিৰ। মই জানি আচৰিত হ’লো যে জগন প্ৰশাসনে তিৰুপতি প্ৰসাদত ঘিউৰ সলনি পশুৰ চৰ্বি ব্যৱহাৰ কৰে। কোটি কোটি ভক্তৰ ধৰ্মীয় আৱেগক সন্মান কৰিব নোৱাৰা জগন আৰুৱাইএছআৰচিপি চৰকাৰকলৈ মই লজ্জিত অনুভৱ কৰিছো।’


নাইডুৰ এই অভিযোগে অন্ধ্ৰ প্ৰদেশৰ ৰাজনীতিত এক ধুমুহাৰ সৃষ্টি কৰিছে। এই অভিযোগৰ প্ৰতি সঁহাৰি জনাই অন্ধ্ৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৱাই এছ শৰ্মিলাই ছ’চিয়েল মিডিয়া এক্সত লিখিছে,‘চন্দ্ৰবাবু নাইডুৱে এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰি চিবিআইক এই গোচৰ গতাই দিব লাগে।’


আনহাতে, ৱাই এছ আৰ চি পিৰ ৰাজ্যসভাৰ সাংসদ ৱাই ভি চুব্বা ৰেড্ডীয়েও এই বিতৰ্কৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ‘নাইডুৱে ৰাজনৈতিক লাভৰ বাবে যিকোনো স্তৰলৈ যাব পাৰে। এনে কাৰ্য কৰি মুখ্যমন্ত্ৰীয়ে ‘দিব্য মন্দিৰ তিৰুমালাৰ পবিত্ৰতা আৰু কোটি কোটি হিন্দুৰ বিশ্বাসত আঘাত হানিছে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু