--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তিৰুপতি মন্দিৰত প্ৰসাদ হিচাপে দিয়া লাড়ুক লৈ অন্ধ্ৰ প্ৰদেশত ৰাজনৈতিক ধুমুহাৰ সৃষ্টি হৈছে। আচলতে ইয়াত মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে বুধবাৰে ৱাই এছ জগন মোহন ৰেড্ডীক অভিযোগ কৰে যে পূৰ্বৰ ৱাইএছআৰচিপি চৰকাৰে তিৰুমালাত তিৰুপতি লাড়ু প্ৰসাদ হিচাপে প্ৰস্তুত কৰিবলৈ ঘিৰ সলনি পশুৰ চৰ্বি ব্যৱহাৰ কৰিছিল। এই প্ৰসাদ ভগৱান ভেংকটেশ্বৰ স্বামী মন্দিৰ ভ্ৰমণ কৰা কোটি কোটি ভক্তক দিয়া হয়। 


আমৰাৱতীত এনডিএৰ বিধায়ক দলৰ বৈঠকত মুখ্যমন্ত্রীয়ে কয় যে ‘বিশুদ্ধ ঘিউৰ সহায়ত এতিয়া লাডু প্ৰস্তুত কৰা হৈছে আৰু মন্দিৰৰ সকলো বস্তু চেনিটাইজ কৰা হৈছে, যাৰ বাবে গুণগত মানদণ্ড উন্নত হৈছে।’


অন্ধ্ৰ প্ৰদেশৰ তথ্য-প্ৰযুক্তি মন্ত্ৰী নৰা লোকেশে এক্সত  চন্দ্ৰবাবু নাইডুৰ মন্তব্য শ্বেয়াৰ কৰে ৷ এই বিষয়ত তেওঁ জগন মোহন ৰেড্ডী প্ৰশাসনক লক্ষ্য কৰি কয় যে ‘ৱাইএছআৰচিপি চৰকাৰে ভক্তসকলৰ ধৰ্মীয় আৱেগক সন্মান কৰিব নোৱাৰে।’ 

তেওঁ লিখিছে, ‘তিৰুমালাৰ ভগৱান ভেংকটেশ্বৰ স্বামী মন্দিৰ আমাৰ আটাইতকৈ পবিত্ৰ মন্দিৰ। মই জানি আচৰিত হ’লো যে জগন প্ৰশাসনে তিৰুপতি প্ৰসাদত ঘিউৰ সলনি পশুৰ চৰ্বি ব্যৱহাৰ কৰে। কোটি কোটি ভক্তৰ ধৰ্মীয় আৱেগক সন্মান কৰিব নোৱাৰা জগন আৰুৱাইএছআৰচিপি চৰকাৰকলৈ মই লজ্জিত অনুভৱ কৰিছো।’


নাইডুৰ এই অভিযোগে অন্ধ্ৰ প্ৰদেশৰ ৰাজনীতিত এক ধুমুহাৰ সৃষ্টি কৰিছে। এই অভিযোগৰ প্ৰতি সঁহাৰি জনাই অন্ধ্ৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৱাই এছ শৰ্মিলাই ছ’চিয়েল মিডিয়া এক্সত লিখিছে,‘চন্দ্ৰবাবু নাইডুৱে এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰি চিবিআইক এই গোচৰ গতাই দিব লাগে।’


আনহাতে, ৱাই এছ আৰ চি পিৰ ৰাজ্যসভাৰ সাংসদ ৱাই ভি চুব্বা ৰেড্ডীয়েও এই বিতৰ্কৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ‘নাইডুৱে ৰাজনৈতিক লাভৰ বাবে যিকোনো স্তৰলৈ যাব পাৰে। এনে কাৰ্য কৰি মুখ্যমন্ত্ৰীয়ে ‘দিব্য মন্দিৰ তিৰুমালাৰ পবিত্ৰতা আৰু কোটি কোটি হিন্দুৰ বিশ্বাসত আঘাত হানিছে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন