--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৈবাহিক বান্ধোনেৰে বান্ধ খালে অভিনেত্ৰী পায়েল ৰোহটগী। দীৰ্ঘদিনীয়া প্ৰেমিক সংগ্ৰাম সিঙক স্বামী বৰণ কৰিলে পায়েলে। পায়েল-সংগ্ৰামে ১২ বছৰীয়া প্ৰেমৰ সম্পৰ্কক দিলে বিবাহৰ নাম। আগ্ৰাৰ জেপি পেলেচত দুয়োৰে বিবাহ সম্পন্ন হয়। বিয়াৰ বাবে পায়েল আৰু সংগ্ৰামে গোৱাক বাচনি কৰে কিয়নো দুয়োৰে প্ৰথম সাক্ষাৎ গোৱাতে হৈছিল। আগ্ৰাৰ জেপি পেলেচত সাত ফেৰে লৈ জীৱনৰ এক নতুন যাত্ৰা আৰম্ভ কৰিলে পায়েল আৰু সংগ্ৰামে। 

ৰঙা ৰঙৰ কইনাৰ সাজত খুব ধুনীয়া দেখা গৈছিল পায়েল ৰোহটগীক। সংগ্ৰামৰ কইনা হ’বলৈ পোৱাৰ সুখৰ পোহৰ পায়েলৰ মুখত স্পষ্টকৈ দেখা গৈছিল। আনহাতে শ্বেৰৱানী সাজত দৰা সংগ্ৰাম সিঙকো দেখাত বৰ ভাল লাগিছিল। পায়েল আৰু সংগ্ৰামৰ সুখী বিবাহৰ ছবিয়ে সকলোৰে হৃদয় জয় কৰিছে। বিবাহৰ পূৰ্বে পায়েল আৰু সংগ্ৰামে মন্দিৰত মাতা পাৰ্বতী আৰু মহাদেৱৰ আশীৰ্বাদ লৈছিল। হোমৰ জুইক সাক্ষী কৰি চিৰজীৱনলৈ এক হ’ল প্ৰেমিক চৰাইহাল। 

পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ উপস্থিতিত দুয়ো জীৱন বাটত সুখে-দুখে ইজনে সিজনৰ সাৰথি হোৱাৰ প্ৰতিশ্ৰুতি দিয়ে। যোৱা ১২ বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক ধৰি ৰখা পায়েল আৰু সংগ্ৰামৰ বিবাহক লৈ সুখী হৈ পৰিছে তেওঁলোকৰ বন্ধুবৰ্গ তথা অনুৰাগীসকল। সুদীৰ্ঘ সময় ইজনে সিজনৰ সুখ-দুখত সদায় একেলগে থিয় হৈছিল। ইমান বছৰ প্ৰেম কৰিছিল যদিও ৰেচলাৰ সংগ্ৰাম ,সিঙৰ সৈতে বিয়াত বহিবলৈ সাজু নাছিল পায়েল ৰোহটগী। ইয়াৰ কাৰণ আছিল পায়েল কেতিয়াও মাতৃ হ’ব নোৱাৰে। সন্তান জন্ম দিয়াৰ সক্ষমতা নাই অভিনেত্ৰীগৰাকীৰ। পায়েলে নিজে প্ৰকাশ কৰিছিল এই কথা।
 এই সকলোবোৰ জানিও পায়েলৰ প্ৰতি প্ৰেম কেতিয়াও কমা নাছিল সংগ্ৰাম সিঙৰ। চিৰজীৱন পায়েলৰ কাষত ছাঁৰ দৰে থাকিম বুলি কথা দিছিল সংগ্ৰামে আৰু তেওঁ সেই কথা আখৰে আখৰে পালনো কৰিলে। এই প্ৰেম কাহিনী কোনো চিনেমাতকৈ কোনো গুণেই কম নহয়। সকলোৱে তেওঁলোকৰ বৈবাহিক জীৱন মধুৰ হ’বলৈ আশীৰ্বাদ আৰু শুভকামনা জ্ঞাপন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ