--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড জগতৰ প্ৰেম কাহিনীয়ে প্ৰায়ে চৰ্চা লাভ কৰে। কিছুমানৰ প্ৰেম সফল হয় আৰু কিছুমানৰ তিক্ততাপূৰ্ণভাৱে সম্পৰ্কৰ অৱসান ঘটে। উল্লেখ্য যে নিজৰ বন্ধুৰ 'এক্স' বা 'প্ৰাক্তন'ৰ প্ৰেমত পৰিছে বলীউডৰ কেইগৰাকীমান তাৰকা। আজি আমি আপোনালোকক এনে তাৰকাসকলৰ বিষয়ে ক’ম, যিয়ে নিজৰ সংগীৰ সৈতে সম্পৰ্ক ছিন্ন কৰে আৰু সেই প্ৰাক্তন সংগীৰ সৈতে সম্পৰ্ক গঢ়ি তোলে তেওঁৰে বন্ধুৱে। এই তালিকাত আলিয়া ভাটৰ নামো অন্তৰ্ভুক্ত হৈ আছে।

ৰিয়া চক্ৰৱৰ্তী আৰু ছাৰা আলী খানৰ মাজত বহু ভাল বন্ধুত্ব আছিল। ছাৰাৰ প্ৰথম ছবি কেদাৰনাথৰ শ্বুটিঙৰ সময়ত অভিনেতা সুশান্ত সিং ৰাজপুতক ছাৰা আলী খানে নিজৰ হৃদয় সঁপিছিল। সেই সময়ত দুয়োৰে নামে বহু সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল। কিন্তু কিছুদিনৰ পাছতে এই দুই তাৰকা ইজনে সিজনৰ পৰা বিচ্ছিন্ন হৈ পৰিল। ইয়াৰ পিছতে ছাৰা আলী খানৰ বন্ধু ৰিয়া চক্ৰৱৰ্তীৰ সৈতে প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ  প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে।

২০১৮ চনত ঈশান খাট্টাৰৰ সৈতে প্ৰথমখন ছবি 'ধড়ক'ৰ শ্বুটিঙৰ সময়ত জাহ্নৱী কাপুৰৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। এই ছবিখনৰ পিছত দুয়োৰে মাজত ঘনিষ্ঠতা বৃদ্ধি পালে। সকলোৱে অনুভৱ কৰিছিল যে দুয়োৰে মাজত কিবা এটা আছে। তাৰ পিছত আহিল ২০২০ চনত ‘খালী পিলি’ ছবিখন। এই ছবিখনত অনন্যা ঈশানৰ লগত আছিল আৰু ইয়াৰ পৰাই তেওঁলোকৰ সম্পৰ্ক প্ৰেমলৈ পৰিণত হৈছিল। অৱশ্যে একে বছৰতে দুয়োৰে মাজতো বিচ্ছেদ ঘটে। জাহ্নৱী আৰু অনন্যাৰ মাজতো আছে ভাল বন্ধুত্ব।

প্ৰায় একেসময়তে দীপিকা পাডুকন আৰু অনুষ্কা শৰ্মাই চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰিছিল। এসময়ত তেওঁলোকক ঘনিষ্ঠ বন্ধু বুলি গণ্য কৰা হৈছিল। কেৰিয়াৰৰ প্ৰাৰম্ভিক পৰ্যায়ত অনুষ্কা শৰ্মাই অভিনেতা ৰণবীৰ সিঙৰ সৈতে ডেটিং কৰি আছিল। অৱশ্যে অতি সোনকালেই দুয়োৰে মাজত বিচ্ছেদ ঘটে আৰু ৰণবীৰ সিং অভিনেত্ৰী দীপিকা পাডুকনৰ প্ৰেমত পৰে। পিছত দুয়োজন তাৰকাৰ বিয়া হৈছিল।

প্ৰিয়ংকা চোপ্ৰা আৰু কৰীনা কাপুৰ খানক বলীউডৰ ভাল বন্ধু বুলি গণ্য কৰা হয়। দুয়োকে বহুবাৰ একেলগে দেখা গৈছে। আপোনালোকেও জানে যে কৰীণা কাপুৰ খানৰ দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল শ্বাহিদ কাপুৰৰ লগত। কিন্তু কৰীণাৰ সৈতে বিচ্ছেদ হোৱাৰ পিছত অভিনেতা শ্বাহিদ কাপুৰে তেওঁৰ কৰীণাৰ বন্ধু প্ৰিয়ংকা চোপ্ৰাৰ লগত ডেটিং আৰম্ভ কৰিছিল। অৱশ্যে তেওঁলোকৰ সম্পৰ্ক বেছি দিন স্থায়ী নহ’ল।

শেহতীয়াকৈ ৰণবীৰ কাপুৰৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা আলিয়া ভাটে অতি সোনকালেই মাতৃ হ’বলৈ গৈ আছে। আলিয়া ভাটক হৃদয় দিয়াৰ পূৰ্বে চলচ্চিত্ৰ তাৰকা ৰণবীৰ কাপুৰে আলিয়াৰ ভাল বন্ধু কেটৰীণা কাঈফৰ সৈতে ডেটিং কৰি আছিল আৰু কেটৰিনা কাঈফৰ সৈতে বিচ্ছেদ হোৱাৰ পাছত ৰণবীৰ কাপুৰৰ নামটো আলিয়া ভাটৰ লগত জড়িত হৈ পৰে। এই দুই তাৰকা বিবাহপাশত আৱদ্ধ হৈ সম্পৰ্কটো স্থায়ী কৰি তোলে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ