--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাপুৰ পৰিয়াল। বলীউড আৰু কাপুৰ পৰিয়াল যেন এটা মুদ্এৰাৰ ইপিঠি-সিপিঠি। কাপুৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ শোণিতৰ ৰন্ধ্ৰে ৰন্ধ্ৰে প্ৰৱাহিত অভিনয় প্ৰীতি। বিগত ৪টা প্ৰজন্মই ধাৰাবাহিকভাৱে চলচ্চিত্ৰ জগতত ৰাজত্ব কৰি আহিছে কাপুৰ পৰিয়াল। পিছে এই কাপুৰ পৰিয়ালৰ সদস্যসকলৰ অধ্যয়নৰ দৌৰ কিমান? শেহতীয়াকৈ ৰণবীৰ কাপুৰে এই কথা প্ৰকাশ কৰিছে।

মন কৰিবলগীয়া যে, ৰণবীৰ কাপুৰে কাপুৰ পৰিয়ালৰ প্ৰথম সদস্য যিয়ে দশম শ্ৰেণীৰ দেওনা অতিক্ৰম কৰিছে। শুনিবলৈ আশ্বৰ্যকৰ যেন লাগিলেও কিন্তু এই কথা সত্য। অৱশ্যে, এই কথা ৰাজ কাপুৰৰ নাতিয়ে নিজে স্বীকাৰ কৰিছে। ৰণবীৰে শেহতীয়াকৈ, ‘ছামছেৰা’ৰ প্ৰম’চনৰ সময়ত ইনষ্টাগ্ৰাম ইনফ্লুৱেনছাৰ ডলী সিঙৰ সৈতে ছবিখনৰ প্ৰচাৰক কেন্দ্ৰ কৰি আড্ডা দিছিল। তাত অভিনেতাগৰাকীয়ে ‘ডলী কী মমী’ৰ হাজাৰ হাজাৰ প্ৰশ্নৰ উত্তৰ দিছিল। 

তেওঁক সোধা হৈছিল, দশম শ্ৰেণীৰ পিছত কি বিষয় লৈ পঢ়া-শুনা কৰিছিল? উত্তৰত ৰণবীৰে একাউণ্ট (কমাৰ্চ)ৰ বিষয়ে ক’লে। অধ্যয়নত কেনেকুৱা আছিল? এনে এটা প্ৰশ্নত তেওঁ অকপটে স্বীকাৰ কৰি কয়, ‘একেবাৰে ভাল নাছিলো, এজন দুৰ্বল ছাত্ৰ আছিলো।’ 

দশম শ্ৰেণীৰ পৰীক্ষাত ঋষিপুত্ৰই কিমান নম্বৰ পাইছিল? ঈষত হাঁহিৰে ঋষিপুত্ৰ কয়, ‘৫৩.৪ শতাংশ।’ ৰণবীৰে লগতে আৰু কয় যে, ‘যেতিয়া ফলাফল ওলাইছিল তেতিয়া পৰিয়ালৰ সকলোৱে ইমানেই সুখী হৈছিল যে পাৰ্টী দিয়া হৈছিল। যিটো মই আশা কৰাই নাছিলো। ৰণবীৰৰ ভাষাত ক’বলৈ গ’লে ‘পৰিয়ালৰ ভিতৰত মই প্ৰথমজন সদস্য যিয়ে দশম শ্ৰেণীৰ সীমা অতিক্ৰম কৰিছো।’

ইয়াৰ পূৰ্বে পিটিআইক দিয়া এক সাক্ষাৎকাৰত ৰণবীৰে কৈছিল যে, তেওঁৱে পৰিয়ালৰ ভিতৰতে আটাইতকৈ বেছি শিক্ষিত ব্যক্তি। ৰণবীৰৰ কথাত , তেওঁৰ পিতৃ অষ্টম শ্ৰেণী উত্তীৰ্ণ, জেঠায়েকনাইন পাছ, ককাদেউতা ছিক্স পাছ। বিদ্যালয়ৰ সীমা অতিক্ৰম কৰাৰ পিছত ৰণবীৰে অভিনয় শ্ৰেণীত যোগদান কৰি বলীউডত ভৰি দিলে। প্ৰসংগক্ৰমে ২২ জুলাইত মুক্তি পাব ৰণবীৰ কাপুৰৰ নতুন ছবি ‘ছামছেৰা’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু