--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাপুৰ পৰিয়াল। বলীউড আৰু কাপুৰ পৰিয়াল যেন এটা মুদ্এৰাৰ ইপিঠি-সিপিঠি। কাপুৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ শোণিতৰ ৰন্ধ্ৰে ৰন্ধ্ৰে প্ৰৱাহিত অভিনয় প্ৰীতি। বিগত ৪টা প্ৰজন্মই ধাৰাবাহিকভাৱে চলচ্চিত্ৰ জগতত ৰাজত্ব কৰি আহিছে কাপুৰ পৰিয়াল। পিছে এই কাপুৰ পৰিয়ালৰ সদস্যসকলৰ অধ্যয়নৰ দৌৰ কিমান? শেহতীয়াকৈ ৰণবীৰ কাপুৰে এই কথা প্ৰকাশ কৰিছে।

মন কৰিবলগীয়া যে, ৰণবীৰ কাপুৰে কাপুৰ পৰিয়ালৰ প্ৰথম সদস্য যিয়ে দশম শ্ৰেণীৰ দেওনা অতিক্ৰম কৰিছে। শুনিবলৈ আশ্বৰ্যকৰ যেন লাগিলেও কিন্তু এই কথা সত্য। অৱশ্যে, এই কথা ৰাজ কাপুৰৰ নাতিয়ে নিজে স্বীকাৰ কৰিছে। ৰণবীৰে শেহতীয়াকৈ, ‘ছামছেৰা’ৰ প্ৰম’চনৰ সময়ত ইনষ্টাগ্ৰাম ইনফ্লুৱেনছাৰ ডলী সিঙৰ সৈতে ছবিখনৰ প্ৰচাৰক কেন্দ্ৰ কৰি আড্ডা দিছিল। তাত অভিনেতাগৰাকীয়ে ‘ডলী কী মমী’ৰ হাজাৰ হাজাৰ প্ৰশ্নৰ উত্তৰ দিছিল। 

তেওঁক সোধা হৈছিল, দশম শ্ৰেণীৰ পিছত কি বিষয় লৈ পঢ়া-শুনা কৰিছিল? উত্তৰত ৰণবীৰে একাউণ্ট (কমাৰ্চ)ৰ বিষয়ে ক’লে। অধ্যয়নত কেনেকুৱা আছিল? এনে এটা প্ৰশ্নত তেওঁ অকপটে স্বীকাৰ কৰি কয়, ‘একেবাৰে ভাল নাছিলো, এজন দুৰ্বল ছাত্ৰ আছিলো।’ 

দশম শ্ৰেণীৰ পৰীক্ষাত ঋষিপুত্ৰই কিমান নম্বৰ পাইছিল? ঈষত হাঁহিৰে ঋষিপুত্ৰ কয়, ‘৫৩.৪ শতাংশ।’ ৰণবীৰে লগতে আৰু কয় যে, ‘যেতিয়া ফলাফল ওলাইছিল তেতিয়া পৰিয়ালৰ সকলোৱে ইমানেই সুখী হৈছিল যে পাৰ্টী দিয়া হৈছিল। যিটো মই আশা কৰাই নাছিলো। ৰণবীৰৰ ভাষাত ক’বলৈ গ’লে ‘পৰিয়ালৰ ভিতৰত মই প্ৰথমজন সদস্য যিয়ে দশম শ্ৰেণীৰ সীমা অতিক্ৰম কৰিছো।’

ইয়াৰ পূৰ্বে পিটিআইক দিয়া এক সাক্ষাৎকাৰত ৰণবীৰে কৈছিল যে, তেওঁৱে পৰিয়ালৰ ভিতৰতে আটাইতকৈ বেছি শিক্ষিত ব্যক্তি। ৰণবীৰৰ কথাত , তেওঁৰ পিতৃ অষ্টম শ্ৰেণী উত্তীৰ্ণ, জেঠায়েকনাইন পাছ, ককাদেউতা ছিক্স পাছ। বিদ্যালয়ৰ সীমা অতিক্ৰম কৰাৰ পিছত ৰণবীৰে অভিনয় শ্ৰেণীত যোগদান কৰি বলীউডত ভৰি দিলে। প্ৰসংগক্ৰমে ২২ জুলাইত মুক্তি পাব ৰণবীৰ কাপুৰৰ নতুন ছবি ‘ছামছেৰা’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ