--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আইএমডি) ভৱিষ্যদ্বাণী কৰিছে যে ভাৰতৰ উত্তৰ-পূবত ১২ এপ্ৰিললৈকে নেৰানেপেৰা বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে লগতে উল্লেখ কৰে যে, ৰাজস্থান, পঞ্জাব, হাৰিয়ানা-দিল্লী, উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশ, বিদৰ্ভ, বিহাৰ আৰু ঝাৰখণ্ডকে ধৰি উত্তৰ-পশ্চিম ভাৰতত অহা পাঁচ দিনৰ ভিতৰত তীব্ৰ উষ্ণতা বৃদ্ধি পাব।

বৰষুণৰ পূৰ্বানুমান-

আইএমডিয়ে কৈছে যে অসম-মেঘালয়ত (৯-১২ এপ্ৰিল) অৰুণাচল প্ৰদেশ (৯ আৰু ১০ এপ্ৰিল), উপ-হিমালয় পশ্চিম বংগ-ছিকিম (৮-১০ এপ্ৰিল)ত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আইএমডিৰ তথ্য অনুসৰি, অসম-মেঘালয়তো ১০-১২ এপ্ৰিলত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে৷

৮-৯ এপ্ৰিলত দক্ষিণ তামিলনাডু আৰু দক্ষিণ কেৰালাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে লগতে কয় যে ৫ দিনৰ ভিতৰত কেৰালা-মাহে, লক্ষ্যদ্বীপ, তামিলনাডু-পুডুচেৰী-কৰাইকাল, উপকূলীয় আৰু দক্ষিণ আভ্যন্তৰীণ কৰ্ণাটকত বজ্ৰপাতৰ সৈতে পাতল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। উপকূলীয় অন্ধ্ৰ প্ৰদেশো ৯ এপ্ৰিলত বজ্ৰপাতৰ সৈতে পাতল বৰষুণৰ সন্মুখীন হ’ব।

উষ্ণতাৰ পূৰ্বানুমান-

এক বিস্তৃত ভৱিষ্যতবাণীত, আইএমডিয়ে নাগৰিকসকলক দেশৰ বেছিভাগ অংশত সাৱধান হ’বলৈ সতৰ্ক কৰি দিছে। আইএমডিয়ে কৈছিল যে ভাৰতৰ বেছিভাগ ঠাইত তাপমাত্ৰা বৃদ্ধি পাব। পশ্চিম ৰাজস্থানত তীব্ৰ তাপ প্ৰবাহৰ পৰিস্থিতি বিৰাজ কৰিব। পূব ৰাজস্থানত অহা ৫ দিনৰ ভিতৰত পঞ্জাব আৰু দক্ষিণ হাৰিয়ানা-দিল্লীত গৰমে দহিব৷ পশ্চিম উত্তৰ প্ৰদেশত পৰৱৰ্তী ৩ দিনত তীব্ৰ গৰমৰ সন্মুখীন হ’ব। ৮ আৰু ৯ এপ্ৰিলত গুজৰাট ৰাজ্যতো একে ধৰণৰ পৰিস্থিতি বিৰাজ কৰিব। আইএমডিয়ে আৰু উল্লেখ কৰিছিল যে পৰৱৰ্তী ৫ দিনত উত্তৰ প্ৰদেশতো উষ্ণতা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ঝাৰখণ্ড আৰু বিহাৰত ৯-১২ এপ্ৰিললৈ অধিক উষ্ণতা বৃদ্ধি পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ