--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন দেশ, এটা নিৰ্বাচন সম্পৰ্কত বিশেষ মনোযোগ প্ৰদান কৰিছে৷ লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ঘোষণা কৰিছে যে ‘এক ৰাষ্ট্ৰ, এক আইনী মঞ্চ’ ৰূপায়ণৰ কথা। তেওঁ নিয়মটো ২০২৩ চনৰ ভিতৰত সমগ্ৰ দেশতে কাৰ্যকৰী কৰা হ’ব বুলি জানিবলৈ দিয়ে। ইয়াৰ অধীনত লোকসভা, ৰাজ্যসভা, ৰাজ্যিক আইনসভা আৰু বিধান পৰিষদসমূহক এটা ছাতিৰ তললৈ অনা হ’ব বুলি তেওঁ কয়।

শুকুৰবাৰে বাজেট অধিৱেশন সমাপ্ত হোৱাৰ পাছত ওম বিৰলাই সংবাদ মাধ্যমৰ সন্মুখত কয় যে, ‘আমি সকলো আইনসভাক এখন মঞ্চত অনাৰ বাবে কাম কৰি আছো। মই নিশ্চিত যে, ২০২৩ চনৰ ভিতৰত এই প্ৰক্ৰিয়া কাৰ্যকৰী হ’ব।’

লোকসভাৰ অধ্যক্ষই দাবী কৰিছিল যে ইয়াৰ দ্বাৰা দেশৰ আইনসভাৰ কাম-কাজ সম্পৰ্কীয় সকলো তথ্য সাধাৰণ মানুহক জনোৱাটো সহজ হ’ব। তেওঁ লগতে কয় যে, ‘মেটাডাটাৰ জৰিয়তে আইনসভাৰ কাৰ্যপ্ৰণালী সম্পৰ্কীয় তথ্য উপস্থাপন কৰা হ’ব। ইয়াত, সাধাৰণ মানুহে আইনসভাত লোৱা সকলো সিদ্ধান্তৰ বিষয়ে বিতংভাৱে জানিব পাৰিব। আমি সেই পৰিকল্পনাটো কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰি আছো।’

লোকসভাৰ অধ্যক্ষই কৈছিল যে, আৰম্ভণি পৰ্যায়ত কেৱল লিখিত নথি-পত্ৰ উপস্থাপন কৰা হ’ব। এই প্লেটফৰ্মটো এটা এপ্ নহয়। আপুনি বিধানসভাৰ অধিৱেশন পোনপটীয়াকৈ চাব নোৱাৰিব। অৱশ্যে, তাত লোৱা সিদ্ধান্ত আৰু বিতৰ্কৰ লিখিত প্ৰতিলিপি উপস্থাপন কৰা হ’ব। ইয়াৰ পূৰ্বেও, ওম বিৰলাক একাধিক বাৰ 'এক ৰাষ্ট্ৰ, এক আইন প্ৰস্তুত কৰা মঞ্চ'ৰ বাবে ওকালতি কৰা দেখা গৈছিল। অনাগত বছৰসমূহত দেশৰ সংসদে লোকসভা, ৰাজ্যসভা, বিধানসভা আৰু বিধান পৰিষদৰ বাবে এক অভিন্ন আৰ্হি বিধি প্ৰৱৰ্তন কৰিব।

২০২১ চনৰ নৱেম্বৰত মোদীয়ে প্ৰিজাইডিং বিষয়াসকলৰ সৈতে এক অনুষ্ঠানত ‘এক ৰাষ্ট্ৰ, এক আইন প্ৰস্তুত কৰা মঞ্চ’ বিষয়টো উত্থাপন কৰিছিল। তেওঁ কৈছিল যে, এনে সিদ্ধান্ত দেশৰ সংসদীয় কাৰ্য-কলাপৰ কাৰিকৰীকৰণৰ ওপৰত আধাৰিত। একে সময়তে, এই পদক্ষেপে দেশৰ সকলো গণতান্ত্ৰিক প্ৰতিষ্ঠানক এক সূতাত বান্ধি ৰখাটো সম্ভৱ কৰি তুলিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা