--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হাস্পতালত ৰোগীৰ জীৱন বচাবলৈ ঔষধৰ প্ৰয়োজন হয়। কেতিয়াবা জৰুৰীকালীনভাৱে প্ৰয়োজন হোৱা ঔষধৰ বাবে ৰোগীৰ অভিভাৱকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাও দেখা যায়। কিন্তু ঔষধৰ সলনি মোবাইল ফোন বিচাৰি চিকিৎসকে জৰুৰী পৰিস্থিতি সৃষ্টি কৰা কেতিয়াবা দেখিছেনে? তেনে এটা পৰিস্থিতিয়েই সৃষ্টি হ’ল অন্ধ্ৰ প্ৰদেশত।

বৃহস্পতিবাৰে নিশা প্ৰায় ১০ বজাত এগৰাকী প্ৰসূতিৰ প্ৰসৱ বেদনা আৰম্ভ হোৱাত হাস্পতালত ভৰ্তি কৰা হৈছিল। যথা সময়ত চিকিৎসকে পৰীক্ষা কৰি প্ৰসৱৰ বাবে অপাৰেচন থিয়েটাৰ চমুকৈ অ’টিলৈ প্ৰেৰণ কৰে। কিন্তু তাৰ কিছুসময়ৰ পাছতেই অ’টিৰ বাহিৰত অপেক্ষা কৰি থকা প্ৰসূতিগৰাকীৰ স্বামীক এগৰাকী নাৰ্ছে বৰ জৰুৰীভাৱে কিছু কথা কৈছিল। নাৰ্ছগৰাকীয়ে ব্যক্তিগৰাকীক যিমান পাৰে সিমান মোবাইল ফোন, টৰ্চ আৰু মমবাতি আনিবলৈ কৈছিল। এটা উশাহতে নাৰ্ছে কৈ যোৱা এই কথা শুনি ব্যক্তি গৰাকী বিমোৰত পৰিছিল। হাস্পতালখনত তেওঁৰ কোনো চিনাকী মানুহ নাছিল। নিজৰ হাতত থকা মোবাইল ফোনটো নাৰ্ছগৰাকীৰ হাতত তুলি দি তেওঁ আৰু মোবাইল বিচাৰি পায় নেকি তাৰ সন্ধানত নামি পৰিল।

ঘটনাটো চিকিৎসালয়খনৰ পৰা বিদ্যুতৰ সংযোগ বিচ্চিন্ন হোৱাৰ পাছত সংঘটিত হৈছিল। গোটেই হাস্পতালখন অন্ধকাৰত বুৰ গৈছিল। আন্ধাৰত কেনিও একো নেদেখা অৱস্থা। তেনে সময়তে নাৰ্ছে কৈ যোৱা কথাবোৰ শুনি যেন মানুহজনৰ মূৰত বজ্ৰপাত পৰিছিল। কাৰণ ইতিমধ্যে তেওঁৰ পত্নী অপাৰেচন থিয়েটাত প্ৰসৱ বেদনাত চটফটাই আছিল। পোহৰৰ অভাৱত তেওঁৰ পত্নী আৰু সন্তানৰ জীৱন বিপদত পৰিব পাৰে! এক মুহূৰ্তৰ বাবে চিন্তা নকৰাকৈ, তেওঁ এটা এটাকৈ মোবাইল ফোন উঠোৱাত ব্যস্ত হৈ পৰিল। অৱশেষত ম’বাইল টৰ্চৰ পোহৰত অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হৈছিল। 

ঘটনাটো অন্ধ্ৰ প্ৰদেশৰ নৰসীপত্তনমৰ এনটিআৰ চিকিৎসালয়ত সংঘটিত হৈছিল। বিগত কেইদিনমান ধৰি অন্ধ্ৰ প্ৰদেশত বিদ্যুতৰ চৰম নাটনি দেখা গৈছে। ৰাজ্যিক বিদ্যুৎ বিভাগে চাহিদা অনুসৰি যোগান ধৰিব নোৱাৰাৰ বাবে ৫০ শতাংশ বিদ্যুৎ হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে। কিন্তু চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰভাৱ সাধাৰণ ৰাইজৰ ওপৰত আৰু জৰুৰীকালীন সেৱাৰ ওপৰত কেনেকৈ পৰিছে তাৰে এটা সাধাৰণ উদাহৰণহে এয়া।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ