--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হাস্পতালত ৰোগীৰ জীৱন বচাবলৈ ঔষধৰ প্ৰয়োজন হয়। কেতিয়াবা জৰুৰীকালীনভাৱে প্ৰয়োজন হোৱা ঔষধৰ বাবে ৰোগীৰ অভিভাৱকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাও দেখা যায়। কিন্তু ঔষধৰ সলনি মোবাইল ফোন বিচাৰি চিকিৎসকে জৰুৰী পৰিস্থিতি সৃষ্টি কৰা কেতিয়াবা দেখিছেনে? তেনে এটা পৰিস্থিতিয়েই সৃষ্টি হ’ল অন্ধ্ৰ প্ৰদেশত।

বৃহস্পতিবাৰে নিশা প্ৰায় ১০ বজাত এগৰাকী প্ৰসূতিৰ প্ৰসৱ বেদনা আৰম্ভ হোৱাত হাস্পতালত ভৰ্তি কৰা হৈছিল। যথা সময়ত চিকিৎসকে পৰীক্ষা কৰি প্ৰসৱৰ বাবে অপাৰেচন থিয়েটাৰ চমুকৈ অ’টিলৈ প্ৰেৰণ কৰে। কিন্তু তাৰ কিছুসময়ৰ পাছতেই অ’টিৰ বাহিৰত অপেক্ষা কৰি থকা প্ৰসূতিগৰাকীৰ স্বামীক এগৰাকী নাৰ্ছে বৰ জৰুৰীভাৱে কিছু কথা কৈছিল। নাৰ্ছগৰাকীয়ে ব্যক্তিগৰাকীক যিমান পাৰে সিমান মোবাইল ফোন, টৰ্চ আৰু মমবাতি আনিবলৈ কৈছিল। এটা উশাহতে নাৰ্ছে কৈ যোৱা এই কথা শুনি ব্যক্তি গৰাকী বিমোৰত পৰিছিল। হাস্পতালখনত তেওঁৰ কোনো চিনাকী মানুহ নাছিল। নিজৰ হাতত থকা মোবাইল ফোনটো নাৰ্ছগৰাকীৰ হাতত তুলি দি তেওঁ আৰু মোবাইল বিচাৰি পায় নেকি তাৰ সন্ধানত নামি পৰিল।

ঘটনাটো চিকিৎসালয়খনৰ পৰা বিদ্যুতৰ সংযোগ বিচ্চিন্ন হোৱাৰ পাছত সংঘটিত হৈছিল। গোটেই হাস্পতালখন অন্ধকাৰত বুৰ গৈছিল। আন্ধাৰত কেনিও একো নেদেখা অৱস্থা। তেনে সময়তে নাৰ্ছে কৈ যোৱা কথাবোৰ শুনি যেন মানুহজনৰ মূৰত বজ্ৰপাত পৰিছিল। কাৰণ ইতিমধ্যে তেওঁৰ পত্নী অপাৰেচন থিয়েটাত প্ৰসৱ বেদনাত চটফটাই আছিল। পোহৰৰ অভাৱত তেওঁৰ পত্নী আৰু সন্তানৰ জীৱন বিপদত পৰিব পাৰে! এক মুহূৰ্তৰ বাবে চিন্তা নকৰাকৈ, তেওঁ এটা এটাকৈ মোবাইল ফোন উঠোৱাত ব্যস্ত হৈ পৰিল। অৱশেষত ম’বাইল টৰ্চৰ পোহৰত অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হৈছিল। 

ঘটনাটো অন্ধ্ৰ প্ৰদেশৰ নৰসীপত্তনমৰ এনটিআৰ চিকিৎসালয়ত সংঘটিত হৈছিল। বিগত কেইদিনমান ধৰি অন্ধ্ৰ প্ৰদেশত বিদ্যুতৰ চৰম নাটনি দেখা গৈছে। ৰাজ্যিক বিদ্যুৎ বিভাগে চাহিদা অনুসৰি যোগান ধৰিব নোৱাৰাৰ বাবে ৫০ শতাংশ বিদ্যুৎ হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে। কিন্তু চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰভাৱ সাধাৰণ ৰাইজৰ ওপৰত আৰু জৰুৰীকালীন সেৱাৰ ওপৰত কেনেকৈ পৰিছে তাৰে এটা সাধাৰণ উদাহৰণহে এয়া।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী