--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিশ্বত কৰ’না ভাইৰাছৰ আতংক মাৰ নাযাওঁতেই এইবাৰ অ’মিক্ৰন ভাইৰাছৰ আতংকই বিশ্ববাসীক এক অনিশ্চিত ভৱিষ্যতৰ দিশলৈ ঠেলি দিছে৷ নতুন প্ৰজাতিৰ এই ভাইৰাছ ‘delta’তকৈয়ো অধিক ভয়ংকৰ বুলি বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰিছে৷ দক্ষিণ আফ্ৰিকাত এই ভাইৰাছৰ অৱস্থিতি পোৱাৰ মাত্ৰ ৪ দিনৰ ভিতৰত বিশ্বৰ ১২খন দেশলৈ এই ভাইৰাছ বিয়পি পৰিছে৷

শেহতীয়াভাৱে নেদাৰলেণ্ড, ইংলেণ্ড, জাৰ্মানী, ইটালী, হংকং, ইজৰাইল, বেলজিয়াম, চেক গণৰাজ্যত ধৰা পৰিছে অ’মিক্ৰনত আক্ৰান্ত লোক। অ’মিক্ৰনক লৈ ভাৰত চৰকাৰেও উদ্বেগ প্ৰকাশ কৰিছে৷ কেন্দ্ৰই অ’মিক্ৰনক লৈ উদ্বেগৰ মাজত নতুন নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি ১২খন দেশত চিনাক্ত হোৱা দেশৰ পৰা ভাৰতলৈ উভতি অহা লোকসকলৰ বাবে এই নিৰ্দেশনা জাৰি কৰিছে। তদুপৰি বহুতো দেশে আন্তৰ্জাতিক বিমান উৰণ আৰু অৱতৰণ নিষিদ্ধ কৰিছে। অৱশ্যে ভাৰতে এই ক্ষেত্ৰত সেই নিষেধাজ্ঞ জাৰি কৰা নাই। কিন্তু ভাৰতৰ ৰাজ্যসমূহৰ পৰা যদি সেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰলৈ পৰামৰ্শ দিয়ে, তেনেহ’লে কেন্দ্ৰীয় চৰকাৰে আন্তৰ্জাতিক ভ্ৰমণৰ কঠোৰ নিষেধাজ্ঞ জাৰি কৰিব।


ভাৰত চৰকাৰে জাৰি কৰা নতুন নিৰ্দেশনাৱলীত কোৱা হৈছে যে, অ’মিক্ৰন ত চিনাক্ত কৰা দেশবোৰৰ পৰা ভাৰতলৈ আহিবলৈ কঠোৰ বাধ্যবাধকতা অনুসৰণ কৰিব লাগিব। বিমানৰ পৰা পৰা অৱতৰণ কৰাৰ পাছত বিমানবন্দৰতে ক’ভিড পৰীক্ষা বাধ্যতামূলক কৰা হৈছে। ইয়াৰ উপৰি, প্ৰতিজন যাত্ৰীয়ে উৰণৰ আগতে ক’ভিড ১৯ নেগিটিভ ৰিপ’ৰ্টৰ লগতে আৰটি পিচিআৰ ৰিপ’ৰ্টো দেখুৱাব লাগিব, লগতে অন্তিম ১৪ দিনৰ ভ্ৰমণ ইতিহাস দেখুৱাব লাগিব।

বিমান যাত্ৰীয়ে তেওঁলোকৰ এই সকলোবোৰ তথ্য কেন্দ্ৰীয় চৰকাৰৰ বেনিফিট প’ৰ্টেলত আপলোড কৰিব লাগিব। এই নিৰ্দেশনাসমূহ ১ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হ’ব বুলি কেন্দ্ৰীয় চৰকাৰে সদৰী কৰিছে। অৱশ্যে কেন্দ্ৰীয় চৰকাৰে এইটোও মতপোষণ কৰিছে যে, যিহেতু দেশবাসীয়ে ক’ভিড মহামাৰীক লৈ পূৰ্বৰ অভিজ্ঞতা থকা হেতুকে এই নতুন প্ৰজাতিৰ ভাইৰাছক লৈ মোকাবিলা কৰিবলৈ বিশেষ কষ্ট নহ’ব, কিন্তু এই ক্ষেত্ৰত দেশবাসী যথেষ্ট সৰ্তকতাৰে আগবাঢ়িব লাগিব বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে কয়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement