--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিশ্বত কৰ’না ভাইৰাছৰ আতংক মাৰ নাযাওঁতেই এইবাৰ অ’মিক্ৰন ভাইৰাছৰ আতংকই বিশ্ববাসীক এক অনিশ্চিত ভৱিষ্যতৰ দিশলৈ ঠেলি দিছে৷ নতুন প্ৰজাতিৰ এই ভাইৰাছ ‘delta’তকৈয়ো অধিক ভয়ংকৰ বুলি বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰিছে৷ দক্ষিণ আফ্ৰিকাত এই ভাইৰাছৰ অৱস্থিতি পোৱাৰ মাত্ৰ ৪ দিনৰ ভিতৰত বিশ্বৰ ১২খন দেশলৈ এই ভাইৰাছ বিয়পি পৰিছে৷

শেহতীয়াভাৱে নেদাৰলেণ্ড, ইংলেণ্ড, জাৰ্মানী, ইটালী, হংকং, ইজৰাইল, বেলজিয়াম, চেক গণৰাজ্যত ধৰা পৰিছে অ’মিক্ৰনত আক্ৰান্ত লোক। অ’মিক্ৰনক লৈ ভাৰত চৰকাৰেও উদ্বেগ প্ৰকাশ কৰিছে৷ কেন্দ্ৰই অ’মিক্ৰনক লৈ উদ্বেগৰ মাজত নতুন নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি ১২খন দেশত চিনাক্ত হোৱা দেশৰ পৰা ভাৰতলৈ উভতি অহা লোকসকলৰ বাবে এই নিৰ্দেশনা জাৰি কৰিছে। তদুপৰি বহুতো দেশে আন্তৰ্জাতিক বিমান উৰণ আৰু অৱতৰণ নিষিদ্ধ কৰিছে। অৱশ্যে ভাৰতে এই ক্ষেত্ৰত সেই নিষেধাজ্ঞ জাৰি কৰা নাই। কিন্তু ভাৰতৰ ৰাজ্যসমূহৰ পৰা যদি সেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰলৈ পৰামৰ্শ দিয়ে, তেনেহ’লে কেন্দ্ৰীয় চৰকাৰে আন্তৰ্জাতিক ভ্ৰমণৰ কঠোৰ নিষেধাজ্ঞ জাৰি কৰিব।


ভাৰত চৰকাৰে জাৰি কৰা নতুন নিৰ্দেশনাৱলীত কোৱা হৈছে যে, অ’মিক্ৰন ত চিনাক্ত কৰা দেশবোৰৰ পৰা ভাৰতলৈ আহিবলৈ কঠোৰ বাধ্যবাধকতা অনুসৰণ কৰিব লাগিব। বিমানৰ পৰা পৰা অৱতৰণ কৰাৰ পাছত বিমানবন্দৰতে ক’ভিড পৰীক্ষা বাধ্যতামূলক কৰা হৈছে। ইয়াৰ উপৰি, প্ৰতিজন যাত্ৰীয়ে উৰণৰ আগতে ক’ভিড ১৯ নেগিটিভ ৰিপ’ৰ্টৰ লগতে আৰটি পিচিআৰ ৰিপ’ৰ্টো দেখুৱাব লাগিব, লগতে অন্তিম ১৪ দিনৰ ভ্ৰমণ ইতিহাস দেখুৱাব লাগিব।

বিমান যাত্ৰীয়ে তেওঁলোকৰ এই সকলোবোৰ তথ্য কেন্দ্ৰীয় চৰকাৰৰ বেনিফিট প’ৰ্টেলত আপলোড কৰিব লাগিব। এই নিৰ্দেশনাসমূহ ১ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হ’ব বুলি কেন্দ্ৰীয় চৰকাৰে সদৰী কৰিছে। অৱশ্যে কেন্দ্ৰীয় চৰকাৰে এইটোও মতপোষণ কৰিছে যে, যিহেতু দেশবাসীয়ে ক’ভিড মহামাৰীক লৈ পূৰ্বৰ অভিজ্ঞতা থকা হেতুকে এই নতুন প্ৰজাতিৰ ভাইৰাছক লৈ মোকাবিলা কৰিবলৈ বিশেষ কষ্ট নহ’ব, কিন্তু এই ক্ষেত্ৰত দেশবাসী যথেষ্ট সৰ্তকতাৰে আগবাঢ়িব লাগিব বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে কয়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু