--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আমেৰিকা ক্ৰিকেট দলৰ সৈতে জড়িত হৈছে ভাৰতৰ নাম। শেহতীয়াকৈ মাইক্ৰ' ব্লগিং ছাইট টুইটাৰে লাভ কৰিলে এজন নতুন চিইঅ'। জেক ডৰ্চেৰ পদত্যাগৰ পাছত ভাৰতীয় বংশোদ্ভূত পৰাগ আগৰৱালক টুইটাৰৰ নতুন চিইঅ' হিচাপে নিযুক্তি দিয়া হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰত বহুতো কোম্পানী আছে যাৰ মুৰব্বী ভাৰতীয়। কিন্তু ভাৰতীয় লোকসকলৰ এই সফলতাৰ যাত্ৰা কেৱল প্ৰযুক্তিগত প্ৰতিষ্ঠানতে সীমাবদ্ধ হৈ থকা নাই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ৰিকেট দলৰ অধিনায়কো এজন ভাৰতীয়। 

ক্ৰিকেট জগতত আমেৰিকা ডাঙৰ নাম নহয় কিন্তু লাহে লাহে বৰ্তমান আমেৰিকাত ক্ৰিকেটৰ প্ৰতি আমেৰিকাবাসীৰ আগ্ৰহ বাঢ়িছে। আমেৰিকাত ক্ৰমাৎ ক্ৰিকেটৰ প্ৰতি উন্মাদনা বাঢ়িছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ অধিনায়ক হৈছে সৌৰভ নেত্ৰৱালকাৰ। যি মূলতঃ এজন ভাৰতীয়। সৌৰভ নেত্ৰৱালকাৰ ভাৰতৰ অনুৰ্ধ-১৯ ক্ৰিকেট দলৰ অংশ আছিল। সৌৰভ নেত্ৰৱালকাৰে বহু মেচত ক্ৰিকেট দক্ষতাৰ পৰিচয় দিছে। সৌৰভ এজন বাওঁহতীয়া পেচ বলাৰ। এইজন প্ৰতিভাৱান ক্ৰিকেট খেলুৱৈ এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ৰিকেট দলৰ অধিনায়ক হিচাপে উজলি উঠিছে। সৌৰভ নেত্ৰৱালকাৰ নিজ কেৰিয়াৰত বৰ্তমানলৈকে মুঠ ১৯ খন এদিনীয়া খেলিছে, আনহাতে ৩১ টা উইকেট দখল কৰিছে।

তেওঁ ১৩ খন টি-২৯ খেলত ৬ টা উইকেট দখল কৰিছে। সৌৰভে ২০০৮-০৯ চনৰ বিহাৰ ট্ৰফী টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰি মুম্বাইৰ হৈ ৩০ টা উইকেট দখল কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। ১৯৯১ চনৰ ৩০ অক্টোবৰত মুম্বাইত জন্মগ্ৰহণ কৰিছিল সৌৰভে। সৌৰভৰ নেতৃত্বত আমেৰিকাই বিশ্বত এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হব বুলি আশা ৰাখিছে আমেৰিকাৰ ক্ৰিকেট সংস্থাই। যেতিয়া পৰাগ আগৰৱালা টুইটাৰৰ চিইঅ' বাতৰি আহিছিল তেতিয়া টেছলাৰ এলান মাস্কে টুইট কৰিছিল আৰু লিখিছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰ ভাৰতীয় প্ৰতিভাৰ পৰা যথেষ্ট লাভান্বিত হৈছে। সেই টুইটৰ প্ৰতি সঁহাৰি জনাই ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ ৱাছিম জাফৰে কৈছিল যে এয়া কেৱল প্ৰযুক্তিগত প্ৰতিষ্ঠানতে সীমাবদ্ধ থকা নাই ক্ৰিকেট জগতলৈকো ইয়াৰ সম্প্ৰসাৰণ ঘটিছে।

আৰু পঢ়কঃ ছেল্‌ফী লওঁতে ভৰি পিছলি নদীত পৰি কৰুণ মৃত্যুক সাবটিলে IITৰ ছাত্ৰীয়ে


FOLLOW US F
POPULAR
FEATURE
TRENDY
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু