--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আমেৰিকা ক্ৰিকেট দলৰ সৈতে জড়িত হৈছে ভাৰতৰ নাম। শেহতীয়াকৈ মাইক্ৰ' ব্লগিং ছাইট টুইটাৰে লাভ কৰিলে এজন নতুন চিইঅ'। জেক ডৰ্চেৰ পদত্যাগৰ পাছত ভাৰতীয় বংশোদ্ভূত পৰাগ আগৰৱালক টুইটাৰৰ নতুন চিইঅ' হিচাপে নিযুক্তি দিয়া হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰত বহুতো কোম্পানী আছে যাৰ মুৰব্বী ভাৰতীয়। কিন্তু ভাৰতীয় লোকসকলৰ এই সফলতাৰ যাত্ৰা কেৱল প্ৰযুক্তিগত প্ৰতিষ্ঠানতে সীমাবদ্ধ হৈ থকা নাই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ৰিকেট দলৰ অধিনায়কো এজন ভাৰতীয়। 

ক্ৰিকেট জগতত আমেৰিকা ডাঙৰ নাম নহয় কিন্তু লাহে লাহে বৰ্তমান আমেৰিকাত ক্ৰিকেটৰ প্ৰতি আমেৰিকাবাসীৰ আগ্ৰহ বাঢ়িছে। আমেৰিকাত ক্ৰমাৎ ক্ৰিকেটৰ প্ৰতি উন্মাদনা বাঢ়িছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ অধিনায়ক হৈছে সৌৰভ নেত্ৰৱালকাৰ। যি মূলতঃ এজন ভাৰতীয়। সৌৰভ নেত্ৰৱালকাৰ ভাৰতৰ অনুৰ্ধ-১৯ ক্ৰিকেট দলৰ অংশ আছিল। সৌৰভ নেত্ৰৱালকাৰে বহু মেচত ক্ৰিকেট দক্ষতাৰ পৰিচয় দিছে। সৌৰভ এজন বাওঁহতীয়া পেচ বলাৰ। এইজন প্ৰতিভাৱান ক্ৰিকেট খেলুৱৈ এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ৰিকেট দলৰ অধিনায়ক হিচাপে উজলি উঠিছে। সৌৰভ নেত্ৰৱালকাৰ নিজ কেৰিয়াৰত বৰ্তমানলৈকে মুঠ ১৯ খন এদিনীয়া খেলিছে, আনহাতে ৩১ টা উইকেট দখল কৰিছে।

তেওঁ ১৩ খন টি-২৯ খেলত ৬ টা উইকেট দখল কৰিছে। সৌৰভে ২০০৮-০৯ চনৰ বিহাৰ ট্ৰফী টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰি মুম্বাইৰ হৈ ৩০ টা উইকেট দখল কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। ১৯৯১ চনৰ ৩০ অক্টোবৰত মুম্বাইত জন্মগ্ৰহণ কৰিছিল সৌৰভে। সৌৰভৰ নেতৃত্বত আমেৰিকাই বিশ্বত এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হব বুলি আশা ৰাখিছে আমেৰিকাৰ ক্ৰিকেট সংস্থাই। যেতিয়া পৰাগ আগৰৱালা টুইটাৰৰ চিইঅ' বাতৰি আহিছিল তেতিয়া টেছলাৰ এলান মাস্কে টুইট কৰিছিল আৰু লিখিছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰ ভাৰতীয় প্ৰতিভাৰ পৰা যথেষ্ট লাভান্বিত হৈছে। সেই টুইটৰ প্ৰতি সঁহাৰি জনাই ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ ৱাছিম জাফৰে কৈছিল যে এয়া কেৱল প্ৰযুক্তিগত প্ৰতিষ্ঠানতে সীমাবদ্ধ থকা নাই ক্ৰিকেট জগতলৈকো ইয়াৰ সম্প্ৰসাৰণ ঘটিছে।

আৰু পঢ়কঃ ছেল্‌ফী লওঁতে ভৰি পিছলি নদীত পৰি কৰুণ মৃত্যুক সাবটিলে IITৰ ছাত্ৰীয়ে


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ