--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিশ্বত কৰ’না ভাইৰাছৰ আতংক মাৰ নৌযাওঁতেই এইবাৰ অ’মিক্ৰন ভাইৰাছৰ আতংকই বিশ্ববাসীক এক অনিশ্চিত ভৱিষ্যতৰ দিশলৈ ঠেলি দিছে৷ নতুন প্ৰজাতিৰ এই ভাইৰাছ ‘delta’তকৈয়ো অধিক ভয়ংকৰ বুলি বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰিছে৷ দক্ষিণ আফ্ৰিকাত এই ভাইৰাছৰ অৱস্থিতি পোৱাৰ মাত্ৰ ৪ দিনৰ ভিতৰত বিশ্বৰ ১২খন দেশলৈ এই ভাইৰাছ বিয়পি পৰিছে৷ শেহতীয়াভাৱে নেদাৰলেণ্ড, ইংলেণ্ড, জাৰ্মানী, ইটালী, হংকং, ইজৰাইল, বেলজিয়াম, চেক গণৰাজ্যত ধৰা পৰিছে অ’মিক্ৰনত আক্ৰান্ত লোক।


পোনপ্ৰথমবাৰৰ বাবে মাৰাত্মক অ’মিক্ৰন ভাইৰাছৰ ছবি ৰাজহুৱা কৰিছে৷ কৰ’না ভাইৰাছৰ 'আটাইতকৈ মাৰাত্মক' প্ৰজাতিৰ প্ৰথমখন ছবি, ৰোমৰ বিখ্যাত বেম্বিনো গেচু চিকিৎসালয়ৰ দ্বাৰা প্ৰকাশ কৰা হৈছে। বেম্বিনো গেচু হাস্পতালৰ দ্বাৰা মুকলি কৰা অ’মিক্ৰনৰ আনুবংশিক গাঁথনি সম্পৰ্কে এক বিবৃতিত গৱেষকসকলে কয় যে, ছবিখনে স্পষ্টকৈ দেখুৱাইছে যে ডেল্টাই বিভিন্ন প্ৰকাৰতকৈ বহুগুণে অ’মিক্ৰনৰ পৰিৱৰ্তন হৈছে আৰু সকলো প্ৰ’টিন জিনৰ এটা ক্ষেত্ৰত কেন্দ্ৰীভূত হৈছে, যি মানৱ শৰীৰৰ কোষবোৰৰ সৈতে ক্ষিপ্ৰ গতিত আদান-প্ৰদান অৰ্থাৎ বিয়পিব পাৰে।

অ’মিক্ৰন ভাইৰাছৰ আলোকচিত্ৰ...

গৱেষকসকলে লগতে এইটোও স্পষ্ট কৰিছে যে, কৰ’না ভাইৰাছ বাৰে বাৰে এটা নতুন ৰূপ ধাৰণ কৰা অৰ্থ এইটোৱে যে, এইবাৰৰ এই নতুন প্ৰজাতিটো অধিক বিপদজনক। এক বিবৃতিত, বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰিছে যে, অ’মিক্ৰন ভাইৰাছটোৰ ওপৰত প্ৰাথমিক অধ্যয়নত এইটোৱে প্ৰমাণ কৰিছে য়ে, ই এক সংক্ৰামিত ভাইৰাছ৷ আনহাতে, দক্ষিণ আফ্ৰিকাৰ চিকিৎসক ডাঃ এঞ্জেলিক কোয়েটজীয়ে দাবী কৰে যে, অ’মিক্ৰনৰ লক্ষণবোৰ খুবেই মৃদু।

নতুন ভাইৰাছ প্ৰজাতিত ভুগি থকা ৰোগীসকলৰ ক্ষেত্ৰত খুব কম লক্ষণ দেখা গৈছে। ড০ এঞ্জেলিক কোয়েটজীয়ে দক্ষিণ আফ্ৰিকাৰ প্ৰথমবাৰৰ বাবে অ’মিক্ৰনত আক্ৰান্ত ৰোগীৰ চিকিৎসা প্ৰদান কৰিছে।অৱশ্যে, গৱেষকসকল এতিয়াও নিশ্চিত নহয় যে কৰ’না ভাইৰাছ দৰে অ’মিক্ৰনৰ নতুন প্ৰজাতিটো কিমান বিপদজনক। ভাইৰাছটোৰ সম্পৰ্কে কৰা বিভিন্ন অধ্যয়নবোৰত প্ৰকাশ পাইছে যে, এই নতুন ভাইৰাছ কম বিপদজনক যদিও আন কিছুমান অধ্যয়নত ই ভয়ংকৰ ৰূপত আত্মপ্ৰকাশ কৰিছে৷ গতিকে বিশেষজ্ঞসকলে এই নতুন প্ৰজাতিৰ ভাইৰাছটোৰ ওপৰত আৰু অধিক গৱেষণাৰ প্ৰয়োজন আছে বুলি ক’ব বিচাৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ