--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিশ্বত কৰ’না ভাইৰাছৰ আতংক মাৰ নৌযাওঁতেই এইবাৰ অ’মিক্ৰন ভাইৰাছৰ আতংকই বিশ্ববাসীক এক অনিশ্চিত ভৱিষ্যতৰ দিশলৈ ঠেলি দিছে৷ নতুন প্ৰজাতিৰ এই ভাইৰাছ ‘delta’তকৈয়ো অধিক ভয়ংকৰ বুলি বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰিছে৷ দক্ষিণ আফ্ৰিকাত এই ভাইৰাছৰ অৱস্থিতি পোৱাৰ মাত্ৰ ৪ দিনৰ ভিতৰত বিশ্বৰ ১২খন দেশলৈ এই ভাইৰাছ বিয়পি পৰিছে৷ শেহতীয়াভাৱে নেদাৰলেণ্ড, ইংলেণ্ড, জাৰ্মানী, ইটালী, হংকং, ইজৰাইল, বেলজিয়াম, চেক গণৰাজ্যত ধৰা পৰিছে অ’মিক্ৰনত আক্ৰান্ত লোক।


পোনপ্ৰথমবাৰৰ বাবে মাৰাত্মক অ’মিক্ৰন ভাইৰাছৰ ছবি ৰাজহুৱা কৰিছে৷ কৰ’না ভাইৰাছৰ 'আটাইতকৈ মাৰাত্মক' প্ৰজাতিৰ প্ৰথমখন ছবি, ৰোমৰ বিখ্যাত বেম্বিনো গেচু চিকিৎসালয়ৰ দ্বাৰা প্ৰকাশ কৰা হৈছে। বেম্বিনো গেচু হাস্পতালৰ দ্বাৰা মুকলি কৰা অ’মিক্ৰনৰ আনুবংশিক গাঁথনি সম্পৰ্কে এক বিবৃতিত গৱেষকসকলে কয় যে, ছবিখনে স্পষ্টকৈ দেখুৱাইছে যে ডেল্টাই বিভিন্ন প্ৰকাৰতকৈ বহুগুণে অ’মিক্ৰনৰ পৰিৱৰ্তন হৈছে আৰু সকলো প্ৰ’টিন জিনৰ এটা ক্ষেত্ৰত কেন্দ্ৰীভূত হৈছে, যি মানৱ শৰীৰৰ কোষবোৰৰ সৈতে ক্ষিপ্ৰ গতিত আদান-প্ৰদান অৰ্থাৎ বিয়পিব পাৰে।

অ’মিক্ৰন ভাইৰাছৰ আলোকচিত্ৰ...

গৱেষকসকলে লগতে এইটোও স্পষ্ট কৰিছে যে, কৰ’না ভাইৰাছ বাৰে বাৰে এটা নতুন ৰূপ ধাৰণ কৰা অৰ্থ এইটোৱে যে, এইবাৰৰ এই নতুন প্ৰজাতিটো অধিক বিপদজনক। এক বিবৃতিত, বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰিছে যে, অ’মিক্ৰন ভাইৰাছটোৰ ওপৰত প্ৰাথমিক অধ্যয়নত এইটোৱে প্ৰমাণ কৰিছে য়ে, ই এক সংক্ৰামিত ভাইৰাছ৷ আনহাতে, দক্ষিণ আফ্ৰিকাৰ চিকিৎসক ডাঃ এঞ্জেলিক কোয়েটজীয়ে দাবী কৰে যে, অ’মিক্ৰনৰ লক্ষণবোৰ খুবেই মৃদু।

নতুন ভাইৰাছ প্ৰজাতিত ভুগি থকা ৰোগীসকলৰ ক্ষেত্ৰত খুব কম লক্ষণ দেখা গৈছে। ড০ এঞ্জেলিক কোয়েটজীয়ে দক্ষিণ আফ্ৰিকাৰ প্ৰথমবাৰৰ বাবে অ’মিক্ৰনত আক্ৰান্ত ৰোগীৰ চিকিৎসা প্ৰদান কৰিছে।অৱশ্যে, গৱেষকসকল এতিয়াও নিশ্চিত নহয় যে কৰ’না ভাইৰাছ দৰে অ’মিক্ৰনৰ নতুন প্ৰজাতিটো কিমান বিপদজনক। ভাইৰাছটোৰ সম্পৰ্কে কৰা বিভিন্ন অধ্যয়নবোৰত প্ৰকাশ পাইছে যে, এই নতুন ভাইৰাছ কম বিপদজনক যদিও আন কিছুমান অধ্যয়নত ই ভয়ংকৰ ৰূপত আত্মপ্ৰকাশ কৰিছে৷ গতিকে বিশেষজ্ঞসকলে এই নতুন প্ৰজাতিৰ ভাইৰাছটোৰ ওপৰত আৰু অধিক গৱেষণাৰ প্ৰয়োজন আছে বুলি ক’ব বিচাৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু