--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীত ৰাষ্ট্ৰপতি ভৱনত কাশীৰ যোগ গুৰু স্বামী শিৱানন্দক পদ্মশ্ৰী সন্মানেৰে অলংকৃত কৰা হয়। ১২৫ বছৰীয়া স্বামী শিৱানন্দই যেতিয়া সন্মান গ্ৰহণ কৰিবলৈ উপস্থিত হয়, দৰবাৰ হলত সকলোৱে তেওঁক হাতচাপৰিৰে অভিবাদন জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও মূৰ দোৱাই তেওঁক সন্মান জনায়। যোগৰ ক্ষেত্ৰত আগবঢ়োৱা উৎকৃষ্ট অৱদানৰ বাবে স্বামী শিৱানন্দক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হয়। স্বামী শিৱানন্দ উল্লেখ্য যে ১২৫ বছৰ বয়সতো স্বামী শিৱানন্দই পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ দিল্লীত নিজে উপস্থিত হয়। যোগ আৰু পৰিশীলিত জীৱনশৈেলীৰ বাবে তেওঁ এই বয়সতো সম্পূৰ্ণ সুস্থ হৈ আছে। যোগগুৰু হিচাপে পৰিচিত স্বামী শিৱানন্দৰ জন্ম ৮ আগষ্ট ১৮৯৬ত চিলেট জিলাৰ হৰীপুৰ গাঁৱত হৈছিল, যি এতিয়া বাংলাদেশৰ অধীনত।দেশৰ স্বাধীনতাৰ সময়ত তেওঁৰ বয়স আছিল ৫০ বছৰ। যোগ গুৰু স্বামী শিৱানন্দ স্বামী শিৱানন্দই কয় যে যোগ, প্ৰাণায়াম আৰু ঘৰুৱা চিকিৎসাই হৈছে তেওঁ সুস্থ হৈ থকাৰ মূলমন্ত্ৰ। তেওঁ দৈনিক পুৱা ৩ বজাত শোৱাৰ পৰা উঠে আৰু যোগাসন কৰে। লগতে তেওঁ নিয়মিত শ্ৰীমদ্ভাগৱত গীতা পাঠ কৰে। স্বামী শিৱানন্দই সিদ্ধ খাদ্য গ্ৰহণ কৰে। শিৱানন্দ সৰস্বতী নামেৰেও জনাজাত স্বামী শিৱানন্দ। স্বামী শিৱানন্দলৈ পদ্মশ্ৰী সন্মান বহু কম বয়সতে তেওঁ পিতৃ–মাতৃ আৰু ভগ্নীক হেৰুৱাইছিল। যোগৰ শিক্ষা গ্ৰহণ কৰাৰ পিছত নিজৰ গুৰুৰ নিৰ্দেশত তেওঁ ৩৪ বছৰ সময় বিশ্বৰ বিভিন্ন দেশ ভ্ৰমণ কৰে। সহজ–সৰল জীৱনৰ ওপৰত গভীৰ আস্থা ৰখা স্বামী শিৱানন্দই নিজকে জাক–জমকতাৰ পৰা দূৰত ৰাখে। স্বামী শিৱানন্দক বহু লোকে আদৰ্শ হিচাপে লৈ যোগ ক্ষেত্ৰখনলৈ আগুৱাই আহিছে আৰু নিজকে সুস্বাস্থ্যৱান কৰি ৰখাৰ প্ৰেৰণা লাভ কৰিছে। আৰু পঢ়কঃ ২২ মাৰ্চৰ দিনটোত কি আছে আপোনাৰ ভাগ্যত…চাওক ৰাশিফল PCA Banner 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন