--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীত ৰাষ্ট্ৰপতি ভৱনত কাশীৰ যোগ গুৰু স্বামী শিৱানন্দক পদ্মশ্ৰী সন্মানেৰে অলংকৃত কৰা হয়। ১২৫ বছৰীয়া স্বামী শিৱানন্দই যেতিয়া সন্মান গ্ৰহণ কৰিবলৈ উপস্থিত হয়, দৰবাৰ হলত সকলোৱে তেওঁক হাতচাপৰিৰে অভিবাদন জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও মূৰ দোৱাই তেওঁক সন্মান জনায়। যোগৰ ক্ষেত্ৰত আগবঢ়োৱা উৎকৃষ্ট অৱদানৰ বাবে স্বামী শিৱানন্দক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হয়। স্বামী শিৱানন্দ উল্লেখ্য যে ১২৫ বছৰ বয়সতো স্বামী শিৱানন্দই পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ দিল্লীত নিজে উপস্থিত হয়। যোগ আৰু পৰিশীলিত জীৱনশৈেলীৰ বাবে তেওঁ এই বয়সতো সম্পূৰ্ণ সুস্থ হৈ আছে। যোগগুৰু হিচাপে পৰিচিত স্বামী শিৱানন্দৰ জন্ম ৮ আগষ্ট ১৮৯৬ত চিলেট জিলাৰ হৰীপুৰ গাঁৱত হৈছিল, যি এতিয়া বাংলাদেশৰ অধীনত।দেশৰ স্বাধীনতাৰ সময়ত তেওঁৰ বয়স আছিল ৫০ বছৰ। যোগ গুৰু স্বামী শিৱানন্দ স্বামী শিৱানন্দই কয় যে যোগ, প্ৰাণায়াম আৰু ঘৰুৱা চিকিৎসাই হৈছে তেওঁ সুস্থ হৈ থকাৰ মূলমন্ত্ৰ। তেওঁ দৈনিক পুৱা ৩ বজাত শোৱাৰ পৰা উঠে আৰু যোগাসন কৰে। লগতে তেওঁ নিয়মিত শ্ৰীমদ্ভাগৱত গীতা পাঠ কৰে। স্বামী শিৱানন্দই সিদ্ধ খাদ্য গ্ৰহণ কৰে। শিৱানন্দ সৰস্বতী নামেৰেও জনাজাত স্বামী শিৱানন্দ। স্বামী শিৱানন্দলৈ পদ্মশ্ৰী সন্মান বহু কম বয়সতে তেওঁ পিতৃ–মাতৃ আৰু ভগ্নীক হেৰুৱাইছিল। যোগৰ শিক্ষা গ্ৰহণ কৰাৰ পিছত নিজৰ গুৰুৰ নিৰ্দেশত তেওঁ ৩৪ বছৰ সময় বিশ্বৰ বিভিন্ন দেশ ভ্ৰমণ কৰে। সহজ–সৰল জীৱনৰ ওপৰত গভীৰ আস্থা ৰখা স্বামী শিৱানন্দই নিজকে জাক–জমকতাৰ পৰা দূৰত ৰাখে। স্বামী শিৱানন্দক বহু লোকে আদৰ্শ হিচাপে লৈ যোগ ক্ষেত্ৰখনলৈ আগুৱাই আহিছে আৰু নিজকে সুস্বাস্থ্যৱান কৰি ৰখাৰ প্ৰেৰণা লাভ কৰিছে। আৰু পঢ়কঃ ২২ মাৰ্চৰ দিনটোত কি আছে আপোনাৰ ভাগ্যত…চাওক ৰাশিফল PCA Banner 2022
FOLLOW US F
POPULAR
FEATURE
TRENDY
নাটোৰ ভাবুকিৰ মাজতে ৰাছিয়া-ভাৰত-চীনৰ ত্রিদেশীয় জোঁট পুনৰুজ্জীৱিতকৰণৰ প্ৰচেষ্টা
আমেৰিকাৰ অধিকাংশ প্রাপ্তবয়স্ক লোকক উপকৃত কৰা নাই ট্রাম্পৰ নীতিয়ে
ATMৰ পৰা পইছা উলিওৱাৰ সময়ত আপুনি কৰে নেকি এইকেইটা কাম ? যদি কৰে পৰিব আপোনাৰ ভয়ংকৰ বিপদ
বিমান উৰণৰ পূৰ্বে পায়লটে ব্যৱহাৰ কৰিব নোৱাৰে এইকেইটা বস্তু ; জানো আহক কি এই বিশেষ বস্তু...
দিল্লীৰ ২০খন বিদ্যালয়ত বোমাৰ ভাবুকি, তৎপৰতাৰে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত
আপুনি চাহ ভাল পাই নে ? যদি ভাল পাই তেন্তে জীৱনত এবাৰ হ'লেও চাই আহক এইসমূহ ঠাই
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে