--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু স্পা, বিউটি পাৰ্লাৰত চলি থাকে দেহ ব্যৱসায়। দেহ ব্যৱসায় চক্ৰই স্পা, বিউটি পাৰ্লাৰ চলোৱাৰ নামত গোপন চলাই থাকে অবৈধ কৰ্ম। শেহতীয়াকৈ দিল্লী আৰক্ষীয়ে এখন স্পা চেলুনত অভিযান চলাই এটা বৃহৎ দেহ ব্যৱসায়ী চক্ৰ উৎখাত কৰিবলৈ সক্ষম হৈছে। দিল্লী আৰক্ষীৰ জালত পৰিল 'ৱেলনেছ স্পা চেণ্টাৰ' নামৰ চেলুনখনৰ এগৰাকী মহিলা কৰ্মচাৰীকে ধৰি ১১ গৰাকী মহিলা-যুৱতী। এক অভিযোগৰ ভিত্তিত দিল্লীৰ গ্ৰীণ পাৰ্ক এলেকাত থকা স্পা আৰু মালিচ চেলুনখনত আৰক্ষীয়ে অতৰ্কিতে অভিযান চলায়। হঠাতে আৰক্ষীৰ প্ৰৱেশ হোৱাত স্পা চেলুনখনত থকা মহিলা-যুৱতীসকলৰ মাজত হাহাকাৰ লাগে। সকলোৱে নিজৰ নিজৰ মুখ ঢকাত ব্যস্ত হৈ পৰে। উল্লেখ্য যে গ্ৰীণ পাৰ্কৰ ৱেলনেছ স্পা চেণ্টাৰলৈ আৰক্ষীয়ে ছদ্মবেশত এজন গ্ৰাহক প্ৰেৰণ কৰি চক্ৰটোক জালত পেলাবলৈ সক্ষম হয়। স্পা চেলুনখনৰ গৰাকী ৰাজেশ কুমাৰ গুপ্তাই গ্ৰাহকৰ পৰা মোটা অংকৰ ধন লৈ স্পাৰ ভিতৰত অবৈধ কৰ্ম দীৰ্ঘদিনৰ পৰা চলাই আহিছিল। আৰু পঢ়কঃ মাহেকীয়া সময়মতে নহয় যদি সাৱধান হওক! হ’ব পাৰে এই গুৰুতৰ ৰোগৰ লক্ষণ PCA Banner 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন