--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সোমবাৰে দক্ষিণ দিল্লীৰ চিৰাগ দিল্লী অঞ্চলত এক চাঞ্চল্যকৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ এটা মাইক্ৰ'ৱেভ অভেনৰ ভিতৰত এটি দুমহীয়া কন্যা শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে সৃষ্টি হৈছে চাঞ্চল্যৰ৷ আৰক্ষী উপায়ুক্ত (দক্ষিণ) বেনিতা মেৰী জাইকাৰে জনোৱা মতে তেওঁলোকে আবেলি প্ৰায় ৩.১৫ বজাত কেঁচুৱাটোৰ মৃত্যুৰ তথ্য লাভ কৰিছিল আৰু তাৰ পাছতে তদন্ত আৰম্ভ কৰা হৈছিল। এই ঘটনা সন্দৰ্ভত জাইকাৰে কয়, 'কেঁচুৱাটিৰ পিতৃ-মাতৃ গুলচন কৌশিক আৰু ডিম্পল কৌশিকক আৰক্ষী থানাত জেৰা কৰি থকা হৈছে।' এজন জ্যেষ্ঠ আৰক্ষী বিষয়াৰ জনোৱা মতে প্ৰাৰম্ভিক অনুসন্ধানত কেঁচুৱাটিৰ মাতৃক সন্দেহ কৰা হৈছে৷ কাৰণ কন্যা সন্তান জন্মৰ পাছৰে পৰা মাতৃগৰাকী অসন্তুষ্ট আছিল বুলি জানিব পৰা গৈছে৷ ইয়াৰোপৰি এই সন্তানক লৈ স্বামীৰ সৈতেও কাজিয়াৰ সূত্ৰপাত হৈছিল৷

অ'ভেনত উদ্ধাৰ দুমহীয়া শিশুৰ মৃতদেহ

উল্লেখ্য যে দম্পতীৰ এটা চাৰি বছৰীয়া পুত্ৰ সন্তানো আছে। আৰক্ষীক কেঁচুৱাটিৰ মৃত্যুৰ বিষয়ে অৱগত কৰা এজন চুবুৰীয়াই কৈছিল যে, কৌশিকে নিজকে ঘৰৰ ভিতৰত বন্দী কৰি ৰাখিছিল৷ পাছত তেওঁৰ শাহুৱেকে এটা এলাৰ্ম বজাইছিল। তেওঁ কয়, 'আমি গিলাচটো ভাঙি কোঠাটোত প্ৰৱেশ কৰিছিলোঁ। আমি মহিলাগৰাকীক তেওঁৰ পুত্ৰৰ সৈতে ভিতৰত অচেতন অৱস্থাত পৰি থকা দেখিছিলো, কিন্তু দুমাহৰ কেঁচুৱাটি অনন্যা সন্ধানহীন হৈ আছিল।' অনন্যাৰ আইতা আৰু কিছুমান চুবুৰীয়াই তেতিয়া গোটেই ঘৰটোত সন্ধান চলোৱাৰ পাছত কেঁচুৱাটিক মাইক্ৰ'ৱেভ অভেনৰ ভিতৰত উদ্ধাৰ কৰিছিল। অ'ভেনটো ঘৰৰ দ্বিতীয় মহলাৰ এটা কোঠাত ৰখা হৈছিল। ঘটনাটোৰ সময়ত, শিশুটোৰ দেউতাক ওচৰতে চলা বিভাগীয় দোকানত আছিল বুলি আৰক্ষীয়ে জনাইছে৷ PCA Banner 2022
FOLLOW US F
POPULAR
FEATURE
TRENDY
নাটোৰ ভাবুকিৰ মাজতে ৰাছিয়া-ভাৰত-চীনৰ ত্রিদেশীয় জোঁট পুনৰুজ্জীৱিতকৰণৰ প্ৰচেষ্টা
আমেৰিকাৰ অধিকাংশ প্রাপ্তবয়স্ক লোকক উপকৃত কৰা নাই ট্রাম্পৰ নীতিয়ে
ATMৰ পৰা পইছা উলিওৱাৰ সময়ত আপুনি কৰে নেকি এইকেইটা কাম ? যদি কৰে পৰিব আপোনাৰ ভয়ংকৰ বিপদ
বিমান উৰণৰ পূৰ্বে পায়লটে ব্যৱহাৰ কৰিব নোৱাৰে এইকেইটা বস্তু ; জানো আহক কি এই বিশেষ বস্তু...
দিল্লীৰ ২০খন বিদ্যালয়ত বোমাৰ ভাবুকি, তৎপৰতাৰে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত
আপুনি চাহ ভাল পাই নে ? যদি ভাল পাই তেন্তে জীৱনত এবাৰ হ'লেও চাই আহক এইসমূহ ঠাই
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে