--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘প্ৰথমে মই ভাবিছিলো যে, মোৰ স্বামীয়ে মোৰ লগত ধেমালি কৰি আছে৷ কিন্তু পাছতহে গম পালো তেওঁ মোক সঁচাকৈ ছাৰপ্ৰাইজ দিছিল’- ভাবিব নোৱাৰাকৈ যেতিয়া জীৱনত কিবা এটা পোৱা যায় সেয়া সকলোৰে বাবেই হৈ পৰে আশ্বাৰ্যজনক৷ এগৰাকী মহিলাৰ ক্ষেত্ৰতো একেই হয়৷ জানিব পৰা মতে মধ্যবৃত্তি স্বামীয়ে ভেলাণ্টাইন ডে’ৰ উপহাৰ হিচাপে দিয়ে ৪৯ কোটি টকা৷ এই উপহাৰে একপ্ৰকাৰে আচৰিত কৰি তোলে মহিলাগৰাকীক৷ মহিলাগৰাকীৰ হৈছে আমেৰিকাৰ ভাৰ্জিনিয়াৰ মাৰিয়া চিকাছ৷ তেওঁ অঞ্চলটোত গৃহনিৰ্মাণৰ কাম কৰে৷ জানিব পৰা মতে, তেওঁৰ স্বামী খুব ধনী নাছিল, কিন্তু তেওঁ পত্নীক ভেলেণ্টাইন ডে’ উপলক্ষে ভাৰতীয় মূল্যত ৪৯ কোটি ডলাৰ উপহাৰ দিছিল! দৰাচলতে, তেওঁৰ স্বামীয়ে এটা লটাৰী টিকট ক্ৰয় কৰিছিল৷ আৰু এই লটাৰীৰ জৰিয়তে তেওঁ জিকিছিল বৃহৎ পৰিমাণৰ ধন৷ এই খবৰে আনন্দিত কৰি তুলিছিল ব্যক্তিজনক৷ আৰু কেতিয়াও পত্নীক দামী উপহাৰ দিবলৈ সক্ষম নোহোৱা ব্যক্তিজনে এই বৃহৎ ধনৰাশিৰ টিকটটো পত্নীক ভেলেণ্টাইন ডে’ৰ উপহাৰ হিচাপে প্ৰদান কৰিছিল৷ কিন্তু পত্নী মাৰিয়াই বিশ্বাস কৰিবলৈ অস্বীকাৰ কৰিছিল৷ ইতিমধ্যে এই ঘটনা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এই লটাৰী টিকটৰ পৰা টকা পাবলৈ, ২ টা বিকল্প দিয়া হৈছিল। এটা বিকল্পৰ অধীনত, পত্নীয়ে প্ৰায় ৭৫ কোটি টকা( অৰ্থাৎ ১০ নিযুত ডলাৰ) লাভ কৰিব পাৰে। কিন্তু ইয়াৰ বাবে এটা চৰ্ত আছিল যে ৭৫ কোটি টকা একেলগে উপলব্ধ নহ’ব৷ এই ধনৰাশি সম্পূৰ্ণৰূপে পাবলৈ লাগিব ৩০ বছৰত। আৰু দ্বিতীয় বিকল্প হিচাপে ৪৯ কোটি টকা এবাৰতে ল’ব পাৰিব৷ আৰু মাৰিয়াই দ্বিতীয় বিকল্পটো বাছনি কৰিছিল। এবাৰতে তেওঁ ৪৯ কোটি টকা পাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক