--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘প্ৰথমে মই ভাবিছিলো যে, মোৰ স্বামীয়ে মোৰ লগত ধেমালি কৰি আছে৷ কিন্তু পাছতহে গম পালো তেওঁ মোক সঁচাকৈ ছাৰপ্ৰাইজ দিছিল’- ভাবিব নোৱাৰাকৈ যেতিয়া জীৱনত কিবা এটা পোৱা যায় সেয়া সকলোৰে বাবেই হৈ পৰে আশ্বাৰ্যজনক৷ এগৰাকী মহিলাৰ ক্ষেত্ৰতো একেই হয়৷ জানিব পৰা মতে মধ্যবৃত্তি স্বামীয়ে ভেলাণ্টাইন ডে’ৰ উপহাৰ হিচাপে দিয়ে ৪৯ কোটি টকা৷ এই উপহাৰে একপ্ৰকাৰে আচৰিত কৰি তোলে মহিলাগৰাকীক৷ মহিলাগৰাকীৰ হৈছে আমেৰিকাৰ ভাৰ্জিনিয়াৰ মাৰিয়া চিকাছ৷ তেওঁ অঞ্চলটোত গৃহনিৰ্মাণৰ কাম কৰে৷ জানিব পৰা মতে, তেওঁৰ স্বামী খুব ধনী নাছিল, কিন্তু তেওঁ পত্নীক ভেলেণ্টাইন ডে’ উপলক্ষে ভাৰতীয় মূল্যত ৪৯ কোটি ডলাৰ উপহাৰ দিছিল! দৰাচলতে, তেওঁৰ স্বামীয়ে এটা লটাৰী টিকট ক্ৰয় কৰিছিল৷ আৰু এই লটাৰীৰ জৰিয়তে তেওঁ জিকিছিল বৃহৎ পৰিমাণৰ ধন৷ এই খবৰে আনন্দিত কৰি তুলিছিল ব্যক্তিজনক৷ আৰু কেতিয়াও পত্নীক দামী উপহাৰ দিবলৈ সক্ষম নোহোৱা ব্যক্তিজনে এই বৃহৎ ধনৰাশিৰ টিকটটো পত্নীক ভেলেণ্টাইন ডে’ৰ উপহাৰ হিচাপে প্ৰদান কৰিছিল৷ কিন্তু পত্নী মাৰিয়াই বিশ্বাস কৰিবলৈ অস্বীকাৰ কৰিছিল৷ ইতিমধ্যে এই ঘটনা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এই লটাৰী টিকটৰ পৰা টকা পাবলৈ, ২ টা বিকল্প দিয়া হৈছিল। এটা বিকল্পৰ অধীনত, পত্নীয়ে প্ৰায় ৭৫ কোটি টকা( অৰ্থাৎ ১০ নিযুত ডলাৰ) লাভ কৰিব পাৰে। কিন্তু ইয়াৰ বাবে এটা চৰ্ত আছিল যে ৭৫ কোটি টকা একেলগে উপলব্ধ নহ’ব৷ এই ধনৰাশি সম্পূৰ্ণৰূপে পাবলৈ লাগিব ৩০ বছৰত। আৰু দ্বিতীয় বিকল্প হিচাপে ৪৯ কোটি টকা এবাৰতে ল’ব পাৰিব৷ আৰু মাৰিয়াই দ্বিতীয় বিকল্পটো বাছনি কৰিছিল। এবাৰতে তেওঁ ৪৯ কোটি টকা পাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে