--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চোৰাং সৰবৰাহকাৰী কেইজনে বাহনখনৰ চাৰিওফালে ৰঙালাওৰ এক আৱৰণ দি মাজৰ অংশত অতি কৌশলৰে ১৩ টা গৰু লুকুৱাই ৰাখিছিল।

ডিজিটেল ডেস্ক: অবৈধ গৰু সৰবৰাহকাৰী চক্ৰই আৰক্ষীৰ চকুত ধূলি দিবলৈ নিতৌ ৰচনা কৰিছে ন-ন কৌশল। কেতিয়াবা যদি পৰ্দা আঁৰি যাত্ৰীবাহী বাছত, কেতিয়াবা আকৌ বিলাসী স্কৰপিঅ’ বাহন কিম্বা তেলৰ টেংকাৰত গৰু সৰবৰাহৰ চেষ্টা চলাইছে চোৰাং ব্যৱসায়ীয়ে। কিন্তু এইবাৰ বিহালীত পোহৰলৈ আহিল এক জঘন্য তথা অভিনৱ কৌশল। এখন মালবাহী বাহনত চাৰিওফালে ৰঙালাও আৰু মাজত ১৩ টা গৰু অবৈধভাৱে সৰবৰাহ কৰা অৱস্থাত বিহালী আৰক্ষীয়ে চালক সহ দুজনক আটক কৰিবলৈ সক্ষম হৈছে।


জানিব পৰা মতে, বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বেদেতী চেণ্টাৰত আৰক্ষীয়ে নিয়মীয়া নাকা চেকিং চলাই আছিল। সেই সময়তে এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীৰ দলটোৱে এখন সন্দেহযুক্ত মালবাহী বাহন ৰখায়। প্ৰথম দৃষ্টিত বাহনখনত কেৱল ৰঙালাও ভৰ্তি হৈ থকা যেন লাগিছিল। কিন্তু ভালদৰে তালাচী চলোৱাত আৰক্ষীৰ চকু কপালত উঠে।


চোৰাং সৰবৰাহকাৰী কেইজনে বাহনখনৰ চাৰিওফালে ৰঙালাওৰ এক আৱৰণ দি মাজৰ অংশত অতি কৌশলৰে ১৩ টা গৰু লুকুৱাই ৰাখিছিল। আৰক্ষীয়ে লগে লগে গৰু কেইটা জব্দ কৰাৰ লগতে বাহনখনৰ চালকসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয়।


ধৃত লোক দুজনৰ প্ৰাথমিক স্বীকাৰোক্তি অনুসৰি, জব্দকৃত গৰু আৰু ৰঙালাওখিনি চিমেণ্ট চাপৰিৰ পৰা নগাঁও জিলাৰ চামগুৰিলৈ লৈ যোৱাৰ পৰিকল্পনা আছিল।


বৰ্তমান বিহালী আৰক্ষীয়ে আটকাধীন সৰবৰাহকাৰী দুয়োকে থানাত ৰাখি তীব্ৰ সোধপোচ অব্যাহত ৰাখিছে আৰু এই সমগ্ৰ অবৈধ চক্ৰটোৰ সৈতে আন কোন কোন জড়িত আছে, তাৰ সন্ধান উলিয়াবলৈ তদন্ত ক্ষিপ্ৰতৰ কৰি তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি