--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে, আছু নেতা মাধুৰ্য বৰ্মনৰ হত্যাকাণ্ডৰ পিছৰে পৰা হত্যাকাৰী আছিফ খান ওৰফে ৰোজ পলাতক হৈ আছিল। অৱশেষত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি মুকালমুৱা চৰত ৰোজে আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰে।

ডিজিটেল ডেস্ক: ৰাজ্যত পুনৰ সংঘটিত হৈছে আৰক্ষীৰ এনকাউণ্টাৰৰ ঘটনা। এইবাৰ আৰক্ষীৰ গুলীত নিহত হৈছে হত্যাকাৰী আছিফ খান ওৰফে ৰোজ আলী। কালি নলবাৰীত সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ নেতা মাধুৰ্য বৰ্মনক নৃশংসভাৱে হত্যা কৰা আৰু মৃদুমুদ্ৰা ডেকা নামৰ যুৱতীগৰাকীক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰাৰ মূল অভিযুক্ত আছিল এই আছিফ খান।


আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে, আছু নেতা মাধুৰ্য বৰ্মনৰ হত্যাকাণ্ডৰ পিছৰে পৰা হত্যাকাৰী আছিফ খান ওৰফে ৰোজ পলাতক হৈ আছিল। অৱশেষত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি মুকালমুৱা চৰত ৰোজে আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰে। সেই অনুসৰি আৰক্ষীৰ এটা দলে চৰ অঞ্চলটোত অভিযান চলায়।


অভিযানকাৰী দলটোক দেখা পাই অপৰাধী ৰোজে আৰক্ষীৰ ওপৰত আক্ৰমণ কৰাৰ চেষ্টা চলায়। নিজৰ আত্মৰক্ষাৰ বাবে আৰু অপৰাধীক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে বাধ্য হৈ গুলীচালনা কৰে। আৰক্ষীয়ে প্ৰথমতে ৰোজৰ ভৰিলৈ লক্ষ্য কৰি গুলী বৰ্ষণ কৰিছিল যদিও গুলী থিতাতে ৰোজৰ দেহত লাগে আৰু তেওঁ গুৰুতৰভাৱে আহত হয়।


এনকাউণ্টাৰৰ পিছত আৰক্ষীয়ে ততাতৈয়াকৈ আছিফ খানক নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৰেফাৰ কৰে। কিন্তু দুৰ্ভাগ্যবশতঃ, হাস্পতাল পোৱাৰ পূৰ্বেই অৰ্থাৎ বাটতে আছিফ খান ওৰফে ৰোজৰ মৃত্যু ঘটে। হাস্পতালৰ চিকিৎসকে ৰোজ আলীক মৃত ঘোষণা কৰে।


উল্লেখযোগ্য যে, এই কুখ্যাত অপৰাধী ৰোজৰ বৰ্বৰ আক্ৰমণৰ চিকাৰ হৈ অকাল মৃত্যুক সাৱটি ল’বলগা হৈছিল উদীয়মান আছু নেতা মাধুৰ্য বৰ্মনে। আনহাতে, একেটা আক্ৰমণতে গুৰুতৰভাৱে আহত হোৱা মৃদুমুদ্ৰা ডেকা নামৰ যুৱতীগৰাকী বৰ্তমানো গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (GMCH) চিকিৎসাধীন হৈ আছে আৰু জীৱন-মৃত্যুৰে যুঁজিছে। চৰকাৰী এনকাউণ্টাৰৰ এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।


উল্লেখ্য যে ৩১ মে'ৰ সন্ধিয়া মাধুৰ্য বৰ্মন তেওঁৰ মাহীয়েকৰ জীয়েক মৃদুমুদ্ৰাৰ সৈতে স্কুটাৰেৰে ঘৰলৈ উভতি অহাৰ সময়ত গংগাপুৰত দুৰ্বৃত্তই চোকা অস্ত্ৰৰে তেওঁলোকক আক্ৰমণ কৰে। আক্ৰমণকাৰীজনৰ হাতৰ পৰা ভনীয়েকক বচাবলৈ যাওঁতেই মাধুৰ্যই প্ৰাণ হেৰুৱায়। ৰোজ আলীয়ে মৃদুমুদ্ৰাক প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল আৰু মৃদুমুদ্ৰাই সেই প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখান কৰা বাবেই এই নৃশংস হত্যাকাণ্ড সংঘটিত হয়। এই লাভ জেহাদৰ ঘটনাই কঁপাই গৈছে সমগ্ৰ অসম।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি