--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : কৰ’না সংকটৰ মাজতে দেশৰ ভিতৰতে সৰ্বাধিক ক্ষতিগ্ৰস্ত ৰাজ্য মহাৰাষ্ট্ৰত আন এক বিপৰ্যয়ৰ সূচনা হৈছে। মহাৰাষ্ট্ৰত প্ৰবল বৃষ্টিপাতৰ ফলত সৃষ্টি হোৱা বিপৰ্যয় অধিক গাঢ় হৈছে। বৰষুণসৃষ্ট দুৰ্যোগে ৰাজ্যখনত এতিয়ালৈ কমেও ১৩৮জন লোকৰ প্ৰাণ কাঢ়িছে। ৰাজ্যখনৰ কেইবাঠাইতো হোৱা ভূমিস্ফলনৰ ফলত মৃত্যু হৈছে বহুসংখ্যক লোকৰ। উপকূলীয় ৰায়গড় জিলাত ভূমিস্খলৰ ফলত মৃত্যু হোৱা ৩৬জন লোককে ধৰি এই বৃহৎসংখ্যক লোকে প্ৰাণ হেৰুৱাইছে ৰাজ্যখনত।

মূলতঃ কোংকন এলেকাৰ ভালেকেইখন জিলাত বিগত কেইবাদিনো ধৰি হোৱা প্ৰৱল বৃষ্টিপাতে তীব্ৰ সংকটৰ সৃষ্টি কৰিছে। বান আৰু ভূমিস্খলৰ ফলতে ক্ষতিগ্ৰস্ত হৈছে হাজাৰ হাজাৰ লোক। মহাৰাষ্ট্ৰৰ সাহায্য আৰু পুনৰসংস্থাপন বিভাগৰ মন্ত্ৰী বিজয় ৱাডেত্তিৱাৰে প্ৰকাশ কৰিছে যে, বৰষুণ সৃষ্ট দুৰ্যোগে ১৩৮জন লোকৰ প্ৰাণ কাঢ়িছে। ৰাজ্যখনৰ ছাতাৰা জিলাতো বৰষুণে প্ৰলয়ৰ সৃষ্টি কৰিছে আৰু বহু লোক বানৰ সোঁতত উটি যোৱাৰ বাতৰি পোৱা গৈছে। ছাতাৰাত বানৰ কৱলত পৰি মৃত্যু হোৱা লোকৰ সংখ্যা ২৭জন হোৱাৰ কথা প্ৰশাসনৰ এক সূত্ৰই প্ৰকাশ কৰিছে।

আনহাতে গোণ্ডীয়া আৰু চন্দ্ৰপুৰ জিলাতো প্ৰাণহানিৰ খবৰ আহিছে। বানত ক্ষতিগ্ৰস্ত প্ৰায় ৯০ হাজাৰ লোকক এতিয়ালৈ নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। কেৱল কোলহাপুৰ জিলাৰে ৪০ সহস্ৰাধিক লোকক স্থানান্তৰ কৰিবলগীয়া হৈছে। জিলাখনৰ ৫৪খন গাঁও সম্পূৰ্ণৰূপে আৰু আন ভালেমান গাঁও আংশিকভাৱে বানত ক্ষতিগ্ৰস্ত হৈছে। কৰ’না সংকটে জুৰুলা কৰা মহাৰাষ্ট্ৰত বানৰ এই বিপৰ্যয় একপ্ৰকাৰ ভূত ওপৰত দানহ পৰাৰ লেখীয়া হৈছেগৈ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ