--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : কৰ’না সংকটৰ মাজতে দেশৰ ভিতৰতে সৰ্বাধিক ক্ষতিগ্ৰস্ত ৰাজ্য মহাৰাষ্ট্ৰত আন এক বিপৰ্যয়ৰ সূচনা হৈছে। মহাৰাষ্ট্ৰত প্ৰবল বৃষ্টিপাতৰ ফলত সৃষ্টি হোৱা বিপৰ্যয় অধিক গাঢ় হৈছে। বৰষুণসৃষ্ট দুৰ্যোগে ৰাজ্যখনত এতিয়ালৈ কমেও ১৩৮জন লোকৰ প্ৰাণ কাঢ়িছে। ৰাজ্যখনৰ কেইবাঠাইতো হোৱা ভূমিস্ফলনৰ ফলত মৃত্যু হৈছে বহুসংখ্যক লোকৰ। উপকূলীয় ৰায়গড় জিলাত ভূমিস্খলৰ ফলত মৃত্যু হোৱা ৩৬জন লোককে ধৰি এই বৃহৎসংখ্যক লোকে প্ৰাণ হেৰুৱাইছে ৰাজ্যখনত।

মূলতঃ কোংকন এলেকাৰ ভালেকেইখন জিলাত বিগত কেইবাদিনো ধৰি হোৱা প্ৰৱল বৃষ্টিপাতে তীব্ৰ সংকটৰ সৃষ্টি কৰিছে। বান আৰু ভূমিস্খলৰ ফলতে ক্ষতিগ্ৰস্ত হৈছে হাজাৰ হাজাৰ লোক। মহাৰাষ্ট্ৰৰ সাহায্য আৰু পুনৰসংস্থাপন বিভাগৰ মন্ত্ৰী বিজয় ৱাডেত্তিৱাৰে প্ৰকাশ কৰিছে যে, বৰষুণ সৃষ্ট দুৰ্যোগে ১৩৮জন লোকৰ প্ৰাণ কাঢ়িছে। ৰাজ্যখনৰ ছাতাৰা জিলাতো বৰষুণে প্ৰলয়ৰ সৃষ্টি কৰিছে আৰু বহু লোক বানৰ সোঁতত উটি যোৱাৰ বাতৰি পোৱা গৈছে। ছাতাৰাত বানৰ কৱলত পৰি মৃত্যু হোৱা লোকৰ সংখ্যা ২৭জন হোৱাৰ কথা প্ৰশাসনৰ এক সূত্ৰই প্ৰকাশ কৰিছে।

আনহাতে গোণ্ডীয়া আৰু চন্দ্ৰপুৰ জিলাতো প্ৰাণহানিৰ খবৰ আহিছে। বানত ক্ষতিগ্ৰস্ত প্ৰায় ৯০ হাজাৰ লোকক এতিয়ালৈ নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। কেৱল কোলহাপুৰ জিলাৰে ৪০ সহস্ৰাধিক লোকক স্থানান্তৰ কৰিবলগীয়া হৈছে। জিলাখনৰ ৫৪খন গাঁও সম্পূৰ্ণৰূপে আৰু আন ভালেমান গাঁও আংশিকভাৱে বানত ক্ষতিগ্ৰস্ত হৈছে। কৰ’না সংকটে জুৰুলা কৰা মহাৰাষ্ট্ৰত বানৰ এই বিপৰ্যয় একপ্ৰকাৰ ভূত ওপৰত দানহ পৰাৰ লেখীয়া হৈছেগৈ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু