--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : ৰাজ কুন্দ্ৰা নিৰ্দোষী। তেওঁ কোনো ধৰণৰ পৰ্ণ ভিডিঅ’ নিৰ্মাণৰ লগত জড়িত নাছিল। এই দাবী কৰিছে দেশত ব্যাপক চৰ্চা লাভ কৰা পৰ্ণ ৰেকেট কেলেংকাৰিৰ অভিযুক্ত ৰাজ কুন্দ্ৰাৰ পত্নী তথা তাৰকা অভিনেত্ৰী শিল্পা শেট্টীয়ে। ‘হটশ্বট’ নামৰ যিটো এপক কেন্দ্ৰ কৰি এই চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে সেই এপটোৰ সৈতে তেওঁৰ কোনো ধৰণৰ সম্পৰ্ক নাই বুলিও দাবী কৰে অভিনেত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, এই সপ্তাহৰ আৰম্ভণিতে মুম্বাইৰ আৰক্ষীৰ অপৰাধ শাখাই ব্যৱসায়ী ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ কৰিছিল। তেওঁৰ বিৰুদ্ধে পৰ্ণ ভিডিঅ’ নিৰ্মাণ, প্ৰচাৰ তথা এনে ভিডিঅ’ত ভাগ লোৱাৰ বাবে বিভিন্নজনক প্ৰৰোচিত কৰাৰ দৰে অভিযোগ উত্থাপন কৰা হৈছিল। তেওঁ এতিয়াও আৰক্ষীৰ জিম্মাতে আছে। শুকুৰবাৰে এই গোচৰ সংক্ৰান্ততে মুম্বাই আৰক্ষীয়ে অভিনেত্ৰীগৰাকীক জেৰা কৰিছিল। এই বিষয়টো সম্পৰ্কত তথ্যৰ সম্ভেদ পোৱা লোকে প্ৰকাশ কৰিছে যে, অভিনেত্ৰীগৰাকীয়ে তেওঁৰ স্বামীৰ নিৰ্দোষিতাৰ দাবী কৰিছে।

তেওঁ লগতে প্ৰকাশ কৰিছে যে, ‘হটশ্বট’ত এপৰ জৰিয়তে প্ৰকাশ কৰা ভিডিঅ’বোৰ যৌনগন্ধী হ’লেও ই পৰ্ণ’গ্ৰাফী নহয় বা ইয়াৰ চৰিত্ৰ পৰ্ণ’গ্ৰাফীতকৈ বেলেগ। শিল্পাই এই এপৰ কণ্টেণ্ট আৰু এই এপটো চলোৱাৰ বাবে প্ৰদীপ বাকছী নামৰ মোষ্ট ৱাণ্টেড অভিযুক্ত আৰু লণ্ডনত থকা কুন্দ্ৰাৰ এগৰাকী আত্মীয়হে দায়ী বুলি মন্তব্য কৰিছে। ইফালে, মুম্বাইৰ এখন আদালতে অহা মঙলবাৰলৈ ৰাজ কুন্দ্ৰা আৰু ৰিয়ান থৰ্পৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ বৃদ্ধি কৰিছে। ধনাঢ্য ব্যৱসায়ীজনে ইতিমধ্যে তেওঁৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে। তেওঁৰ অধিবক্তাইও যি ভিডিঅ’ৰ আধাৰত কুন্দ্ৰাক গ্ৰেপ্তাৰ কৰা হৈছে, সেইবোৰ ভিডিঅ’ অশ্লীল হ’লেও পৰ্ণ’গ্ৰাফিক নহয় বুলি দাবী কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু