--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : ৰাজ কুন্দ্ৰা নিৰ্দোষী। তেওঁ কোনো ধৰণৰ পৰ্ণ ভিডিঅ’ নিৰ্মাণৰ লগত জড়িত নাছিল। এই দাবী কৰিছে দেশত ব্যাপক চৰ্চা লাভ কৰা পৰ্ণ ৰেকেট কেলেংকাৰিৰ অভিযুক্ত ৰাজ কুন্দ্ৰাৰ পত্নী তথা তাৰকা অভিনেত্ৰী শিল্পা শেট্টীয়ে। ‘হটশ্বট’ নামৰ যিটো এপক কেন্দ্ৰ কৰি এই চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে সেই এপটোৰ সৈতে তেওঁৰ কোনো ধৰণৰ সম্পৰ্ক নাই বুলিও দাবী কৰে অভিনেত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, এই সপ্তাহৰ আৰম্ভণিতে মুম্বাইৰ আৰক্ষীৰ অপৰাধ শাখাই ব্যৱসায়ী ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ কৰিছিল। তেওঁৰ বিৰুদ্ধে পৰ্ণ ভিডিঅ’ নিৰ্মাণ, প্ৰচাৰ তথা এনে ভিডিঅ’ত ভাগ লোৱাৰ বাবে বিভিন্নজনক প্ৰৰোচিত কৰাৰ দৰে অভিযোগ উত্থাপন কৰা হৈছিল। তেওঁ এতিয়াও আৰক্ষীৰ জিম্মাতে আছে। শুকুৰবাৰে এই গোচৰ সংক্ৰান্ততে মুম্বাই আৰক্ষীয়ে অভিনেত্ৰীগৰাকীক জেৰা কৰিছিল। এই বিষয়টো সম্পৰ্কত তথ্যৰ সম্ভেদ পোৱা লোকে প্ৰকাশ কৰিছে যে, অভিনেত্ৰীগৰাকীয়ে তেওঁৰ স্বামীৰ নিৰ্দোষিতাৰ দাবী কৰিছে।

তেওঁ লগতে প্ৰকাশ কৰিছে যে, ‘হটশ্বট’ত এপৰ জৰিয়তে প্ৰকাশ কৰা ভিডিঅ’বোৰ যৌনগন্ধী হ’লেও ই পৰ্ণ’গ্ৰাফী নহয় বা ইয়াৰ চৰিত্ৰ পৰ্ণ’গ্ৰাফীতকৈ বেলেগ। শিল্পাই এই এপৰ কণ্টেণ্ট আৰু এই এপটো চলোৱাৰ বাবে প্ৰদীপ বাকছী নামৰ মোষ্ট ৱাণ্টেড অভিযুক্ত আৰু লণ্ডনত থকা কুন্দ্ৰাৰ এগৰাকী আত্মীয়হে দায়ী বুলি মন্তব্য কৰিছে। ইফালে, মুম্বাইৰ এখন আদালতে অহা মঙলবাৰলৈ ৰাজ কুন্দ্ৰা আৰু ৰিয়ান থৰ্পৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ বৃদ্ধি কৰিছে। ধনাঢ্য ব্যৱসায়ীজনে ইতিমধ্যে তেওঁৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে। তেওঁৰ অধিবক্তাইও যি ভিডিঅ’ৰ আধাৰত কুন্দ্ৰাক গ্ৰেপ্তাৰ কৰা হৈছে, সেইবোৰ ভিডিঅ’ অশ্লীল হ’লেও পৰ্ণ’গ্ৰাফিক নহয় বুলি দাবী কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement