--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি যদি এগৰাকী যুৱতী বা মহিলা তেন্তে আপুনি বাৰু কিমান দিন বা বছৰৰ মূৰত চুলি কাটে। পুৰুষ সকলেতো অতি কম দিনৰ অন্তৰে অন্তৰে চুলি কাটি থাকে। আপুনি শুনি আচৰিত হ'ব যে এগৰাকী যুৱতীয়ে ১৯ বছৰ ধৰি চুলি কটা নাছিল। তেওঁৰ চুলিৰ দৈৰ্ঘ্য হৈছিলগৈ ৪ ফুট। ২৬ বছৰীয়া যুৱতীগৰাকীৰ নাম ভেনেছা ৰাচমুচান। ভেনেছা আমেৰিকা যুক্তৰাষ্ট্ৰৰ উটাহৰ বাসিন্দা। ভেনেছা ৰাচমুচান এগৰাকী টিকটক তাৰকা। সাত বছৰ বয়সত ভেনেছাৰ চুলি চুটি আছিল। কিন্তু ভেনেছাই চুটি চুলিৰ সৈতে নিজৰ চেহেৰাটো ভাল পোৱা নাছিল।
 

তেতিয়াই তেওঁ সিদ্ধান্ত লৈছিল যে তেওঁ আৰু কেতিয়াও চুলি নাকাটে। এনেদৰে ১৯ বছৰ বাগৰিল। ছোৱালীজনীয়ে চুলি নাকাটিলে। এনেদৰে ভেনেছাৰ চুলি বাঢ়ি বাঢ়ি বহুত দীঘল হৈ পৰিল। ইয়াৰ ফলত ছ'চিয়েল মিডিয়াত তেওঁৰ ফলোৱাৰ্চো বৃদ্ধি হ'বলৈ আৰম্ভ কৰে। ভেনেছাই কৈছিল,"মই মোৰ দীঘল চুলি ভাল পাওঁ আৰু মই চাব বিচাৰিছিলো যে মোৰ চুলি কিমান দীঘল হ'ব। মই কেতিয়াও ভবা নাছিলো যে মোৰ চুলি আঁঠু পাৰ কৰি যাব।'' 


ভেনেছাই লগতে কৈছিল-''দীঘল চুলিৰ বাবে মানুহে মোক প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিছিল। চুলিৰ কাৰণে মানুহে মোক লক্ষ্য কৰিছিল। দীঘল চুলি মোৰ পৰিচয় হৈ পৰিছিল। প্ৰশংসা শুনি কেতিয়াবা ভালেই লাগে। কিন্তু ই বাঢ়ি গৈ থাকিল আৰু মই অস্বস্তি অনুভৱ কৰিবলৈ আৰম্ভ কৰিলোঁ। মই বিচাৰিছিলো যে মানুহে মোৰ চুলিৰ উপৰিও আন গুণবোৰ লক্ষ্য কৰক। দীৰ্ঘ সময় আত্মমন্থন কৰাৰ পাছত মই অনুভৱ কৰিছিলো যে চুলিৰ বাবে মোৰ জীৱনত কিছুমান বাধা আহি পৰিছে। ৭ বছৰ বয়সত মই যি আছিলোঁ তাতকৈ এতিয়া সম্পূৰ্ণ বেলেগ ব্যক্তি হৈ পৰিলো। মই কিবা বেলেগ কৰিব বিচাৰো। মই চুলিৰে নিৰ্মিত মোৰ পৰিচয় মচি পেলাব বিচাৰিছিলো।'' 


ভেনেছাই এতিয়া আন ছোৱালীকো অনুপ্ৰাণিত কৰিব বিচাৰে। যাতে তেওঁলোকে তেওঁলোকৰ জীৱনতো স্বতন্ত্ৰ পৰিৱৰ্তন কৰিব পাৰে। তেওঁ কৈছিল,"এতিয়া মই মোৰ এক বেলেগ সৌন্দৰ্য দেখিবলৈ পাওঁ। যিটো মোৰ চুলিতকৈ পৃথক। মই ছোৱালীবোৰক ক'ব বিচাৰো যে তেওঁলোকৰ গুৰুত্ব কেৱল তেওঁলোকৰ বিশেষ কিবা এটা বস্তু এটাৰ বাবে নহয়। আপুনি অসাধাৰণ কাৰণ আপুনি...আপুনিয়েই।''



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ