--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি যদি এগৰাকী যুৱতী বা মহিলা তেন্তে আপুনি বাৰু কিমান দিন বা বছৰৰ মূৰত চুলি কাটে। পুৰুষ সকলেতো অতি কম দিনৰ অন্তৰে অন্তৰে চুলি কাটি থাকে। আপুনি শুনি আচৰিত হ'ব যে এগৰাকী যুৱতীয়ে ১৯ বছৰ ধৰি চুলি কটা নাছিল। তেওঁৰ চুলিৰ দৈৰ্ঘ্য হৈছিলগৈ ৪ ফুট। ২৬ বছৰীয়া যুৱতীগৰাকীৰ নাম ভেনেছা ৰাচমুচান। ভেনেছা আমেৰিকা যুক্তৰাষ্ট্ৰৰ উটাহৰ বাসিন্দা। ভেনেছা ৰাচমুচান এগৰাকী টিকটক তাৰকা। সাত বছৰ বয়সত ভেনেছাৰ চুলি চুটি আছিল। কিন্তু ভেনেছাই চুটি চুলিৰ সৈতে নিজৰ চেহেৰাটো ভাল পোৱা নাছিল।
 

তেতিয়াই তেওঁ সিদ্ধান্ত লৈছিল যে তেওঁ আৰু কেতিয়াও চুলি নাকাটে। এনেদৰে ১৯ বছৰ বাগৰিল। ছোৱালীজনীয়ে চুলি নাকাটিলে। এনেদৰে ভেনেছাৰ চুলি বাঢ়ি বাঢ়ি বহুত দীঘল হৈ পৰিল। ইয়াৰ ফলত ছ'চিয়েল মিডিয়াত তেওঁৰ ফলোৱাৰ্চো বৃদ্ধি হ'বলৈ আৰম্ভ কৰে। ভেনেছাই কৈছিল,"মই মোৰ দীঘল চুলি ভাল পাওঁ আৰু মই চাব বিচাৰিছিলো যে মোৰ চুলি কিমান দীঘল হ'ব। মই কেতিয়াও ভবা নাছিলো যে মোৰ চুলি আঁঠু পাৰ কৰি যাব।'' 


ভেনেছাই লগতে কৈছিল-''দীঘল চুলিৰ বাবে মানুহে মোক প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিছিল। চুলিৰ কাৰণে মানুহে মোক লক্ষ্য কৰিছিল। দীঘল চুলি মোৰ পৰিচয় হৈ পৰিছিল। প্ৰশংসা শুনি কেতিয়াবা ভালেই লাগে। কিন্তু ই বাঢ়ি গৈ থাকিল আৰু মই অস্বস্তি অনুভৱ কৰিবলৈ আৰম্ভ কৰিলোঁ। মই বিচাৰিছিলো যে মানুহে মোৰ চুলিৰ উপৰিও আন গুণবোৰ লক্ষ্য কৰক। দীৰ্ঘ সময় আত্মমন্থন কৰাৰ পাছত মই অনুভৱ কৰিছিলো যে চুলিৰ বাবে মোৰ জীৱনত কিছুমান বাধা আহি পৰিছে। ৭ বছৰ বয়সত মই যি আছিলোঁ তাতকৈ এতিয়া সম্পূৰ্ণ বেলেগ ব্যক্তি হৈ পৰিলো। মই কিবা বেলেগ কৰিব বিচাৰো। মই চুলিৰে নিৰ্মিত মোৰ পৰিচয় মচি পেলাব বিচাৰিছিলো।'' 


ভেনেছাই এতিয়া আন ছোৱালীকো অনুপ্ৰাণিত কৰিব বিচাৰে। যাতে তেওঁলোকে তেওঁলোকৰ জীৱনতো স্বতন্ত্ৰ পৰিৱৰ্তন কৰিব পাৰে। তেওঁ কৈছিল,"এতিয়া মই মোৰ এক বেলেগ সৌন্দৰ্য দেখিবলৈ পাওঁ। যিটো মোৰ চুলিতকৈ পৃথক। মই ছোৱালীবোৰক ক'ব বিচাৰো যে তেওঁলোকৰ গুৰুত্ব কেৱল তেওঁলোকৰ বিশেষ কিবা এটা বস্তু এটাৰ বাবে নহয়। আপুনি অসাধাৰণ কাৰণ আপুনি...আপুনিয়েই।''



FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে