--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ বঁটা লাভ কৰা উইল স্মিথে ঘোষক তথা কমেডিয়ান ক্ৰিছ ৰকক অস্কাৰ মঞ্চত পূৰ্ণহতীয়া চৰ মৰা বিষয়টোৱে কালিৰ দিনটোত বিশ্বজুৰি চৰ্চা লাভ কৰিলে। ক্ৰিছ ৰকে উইল স্মিথৰ পত্নী জাদা পিংকেট স্মিথক লৈ সকলোৰে আগত তাচ্ছিল্যভৰা মন্তব্য কৰিছিল। জাদাৰ মূৰৰ চুলিক লৈ কৌতুক কৰিছিল ক্ৰিছ ৰকে। এই কথাত খং উঠি উইল স্মিথে অস্কাৰ মঞ্চত ক্ৰিছ ৰকক এক চৰ মাৰে। এই কথাত উপস্থিত সকলো লোক হতভম্ব হৈ পৰে। ক্ৰিছক চৰ মাৰি অভিনেতা উইল স্মিথে এতিয়া সমগ্ৰ বিশ্বৰ সন্মুখত ওচৰত ক্ষমা বিচাৰিছে। তেওঁ ছ'চিয়েল মিডিয়াত এটা দীঘলিয়া পোষ্ট শ্বেয়াৰ কৰিছে। তেওঁ লিখিছে যে তেওঁ তেওঁৰ আচৰণৰ বাবে লজ্জিত আৰু তেওঁ এই কথাৰ বাবে অনুশোচনা কৰি আছে। অৱশ্যে উইল স্মিথে তেওঁৰ পোষ্টত এইটোও উল্লেখ কৰিছে যে তেওঁ তেওঁৰ পত্নী জাদাৰ চিকিৎসা অৱস্থাৰ বিষয়ে কোনোবাই ঠাট্টা কৰিলে নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে। তেওঁ এই কথাত আৱেগিক হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।উইল স্মিথে লগতে লিখিছে "হিংসা বৰ বিষাক্ত আৰু মাৰাত্মক। যোৱা নিশাৰ অস্কাৰ এৱাৰ্ডছত মোৰ আচৰণ গ্ৰহণযোগ্য নাছিল কিন্তু মই জাদাৰ চিকিৎসীয় অৱস্থাৰ বিষয়ে কৰা ধেমালি সহ্য কৰিব নোৱাৰিলোঁ আৰু আৱেগিক ভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলো।'' অস্কাৰ বিজয়ী অভিনেতাজনে আৰু লিখিছিল, "ক্ৰিছ, মই আপোনাৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছোঁ। মই সীমাৰ বাহিৰ হৈ ভুল কৰিলো। মই লজ্জিত। মোৰ এই কামবোৰ মই হ'ব বিচৰা ব্যক্তিজনৰ লক্ষণ নহয়। প্ৰেম আৰু দয়াৰ পৃথিৱীত হিংসাৰ কোনো স্থান নাই।'' উইল স্মিথে লগতে লিখিছিল, "মই অস্কাৰ একাডেমী, অনুষ্ঠানটোৰ প্ৰযোজক আৰু সমগ্ৰ বিশ্ববাসীৰ ওচৰত ক্ষমা বিচাৰিছো। মই উইলিয়ামছ পৰিয়াল আৰু মোৰ 'কিং ৰিচাৰ্ড' পৰিয়ালৰ ওচৰত ক্ষমা বিচাৰিছো। মই গভীৰভাৱে দুঃখিত যে মোৰ আচৰণে আমাৰ সকলোৰে এক সু্ন্দৰ যাত্ৰাত দাগ সানিলে।'' উল্লেখ্য যে উইল স্মিথে ‘কিং ৰিচাৰ্ড’ ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ বঁটা লাভ কৰিছে। শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ বঁটা গ্ৰহণ কৰি মঞ্চতে আৱেগিক হৈ কান্দি উঠিছিল উইল স্মিথ।উইল স্মিথৰ পত্নী জাদা পিংকেট স্মিথৰ এল’পেচিয়া নামৰ এটা ৰোগ আছে। ইয়াত ৰোগীৰ চুলিবোৰ একেবাৰে গুৰিৰ পৰা নোহোৱা হ'বলৈ আৰম্ভ কৰে। জেদাই ৰাজহুৱাভাৱে ৰোগটোৰ বিষয়ে কৈছিল যে এবাৰ গা ধোৱাৰ সময়ত মূৰৰ গোটেই চুলিখিনি তেওঁৰ হাতলৈ গুচি আহিছিল। এইটো দেখি তেওঁ খুব ভয় খাইছিল। ইয়াৰ পাছত জাদাই সকলো চুলি খুৰাই পেলাইছিল আৰু তেওঁ এতিয়াও তেনেকৈয়ে চুলি ৰাখে। জাদাৰ ৰোগৰ চিকিৎসা চলি আছে। জাদাৰ মূৰৰ চুলিক লৈ সকলোৰে আগত ক্ৰিছ ৰকে ধেমালি কৰাৰ বাবেই খঙত অগ্নিশৰ্মা হৈ পৰিছিল উইল স্মিথ। আৰু পঢ়কঃ আজি কি লিখা আছে ভাগ্যত…চাওঁ আহক ৰাশিফল

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক