--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ বঁটা লাভ কৰা উইল স্মিথে ঘোষক তথা কমেডিয়ান ক্ৰিছ ৰকক অস্কাৰ মঞ্চত পূৰ্ণহতীয়া চৰ মৰা বিষয়টোৱে কালিৰ দিনটোত বিশ্বজুৰি চৰ্চা লাভ কৰিলে। ক্ৰিছ ৰকে উইল স্মিথৰ পত্নী জাদা পিংকেট স্মিথক লৈ সকলোৰে আগত তাচ্ছিল্যভৰা মন্তব্য কৰিছিল। জাদাৰ মূৰৰ চুলিক লৈ কৌতুক কৰিছিল ক্ৰিছ ৰকে। এই কথাত খং উঠি উইল স্মিথে অস্কাৰ মঞ্চত ক্ৰিছ ৰকক এক চৰ মাৰে। এই কথাত উপস্থিত সকলো লোক হতভম্ব হৈ পৰে। ক্ৰিছক চৰ মাৰি অভিনেতা উইল স্মিথে এতিয়া সমগ্ৰ বিশ্বৰ সন্মুখত ওচৰত ক্ষমা বিচাৰিছে। তেওঁ ছ'চিয়েল মিডিয়াত এটা দীঘলিয়া পোষ্ট শ্বেয়াৰ কৰিছে। তেওঁ লিখিছে যে তেওঁ তেওঁৰ আচৰণৰ বাবে লজ্জিত আৰু তেওঁ এই কথাৰ বাবে অনুশোচনা কৰি আছে। অৱশ্যে উইল স্মিথে তেওঁৰ পোষ্টত এইটোও উল্লেখ কৰিছে যে তেওঁ তেওঁৰ পত্নী জাদাৰ চিকিৎসা অৱস্থাৰ বিষয়ে কোনোবাই ঠাট্টা কৰিলে নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে। তেওঁ এই কথাত আৱেগিক হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।উইল স্মিথে লগতে লিখিছে "হিংসা বৰ বিষাক্ত আৰু মাৰাত্মক। যোৱা নিশাৰ অস্কাৰ এৱাৰ্ডছত মোৰ আচৰণ গ্ৰহণযোগ্য নাছিল কিন্তু মই জাদাৰ চিকিৎসীয় অৱস্থাৰ বিষয়ে কৰা ধেমালি সহ্য কৰিব নোৱাৰিলোঁ আৰু আৱেগিক ভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলো।'' অস্কাৰ বিজয়ী অভিনেতাজনে আৰু লিখিছিল, "ক্ৰিছ, মই আপোনাৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছোঁ। মই সীমাৰ বাহিৰ হৈ ভুল কৰিলো। মই লজ্জিত। মোৰ এই কামবোৰ মই হ'ব বিচৰা ব্যক্তিজনৰ লক্ষণ নহয়। প্ৰেম আৰু দয়াৰ পৃথিৱীত হিংসাৰ কোনো স্থান নাই।'' উইল স্মিথে লগতে লিখিছিল, "মই অস্কাৰ একাডেমী, অনুষ্ঠানটোৰ প্ৰযোজক আৰু সমগ্ৰ বিশ্ববাসীৰ ওচৰত ক্ষমা বিচাৰিছো। মই উইলিয়ামছ পৰিয়াল আৰু মোৰ 'কিং ৰিচাৰ্ড' পৰিয়ালৰ ওচৰত ক্ষমা বিচাৰিছো। মই গভীৰভাৱে দুঃখিত যে মোৰ আচৰণে আমাৰ সকলোৰে এক সু্ন্দৰ যাত্ৰাত দাগ সানিলে।'' উল্লেখ্য যে উইল স্মিথে ‘কিং ৰিচাৰ্ড’ ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ বঁটা লাভ কৰিছে। শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ বঁটা গ্ৰহণ কৰি মঞ্চতে আৱেগিক হৈ কান্দি উঠিছিল উইল স্মিথ।উইল স্মিথৰ পত্নী জাদা পিংকেট স্মিথৰ এল’পেচিয়া নামৰ এটা ৰোগ আছে। ইয়াত ৰোগীৰ চুলিবোৰ একেবাৰে গুৰিৰ পৰা নোহোৱা হ'বলৈ আৰম্ভ কৰে। জেদাই ৰাজহুৱাভাৱে ৰোগটোৰ বিষয়ে কৈছিল যে এবাৰ গা ধোৱাৰ সময়ত মূৰৰ গোটেই চুলিখিনি তেওঁৰ হাতলৈ গুচি আহিছিল। এইটো দেখি তেওঁ খুব ভয় খাইছিল। ইয়াৰ পাছত জাদাই সকলো চুলি খুৰাই পেলাইছিল আৰু তেওঁ এতিয়াও তেনেকৈয়ে চুলি ৰাখে। জাদাৰ ৰোগৰ চিকিৎসা চলি আছে। জাদাৰ মূৰৰ চুলিক লৈ সকলোৰে আগত ক্ৰিছ ৰকে ধেমালি কৰাৰ বাবেই খঙত অগ্নিশৰ্মা হৈ পৰিছিল উইল স্মিথ। আৰু পঢ়কঃ আজি কি লিখা আছে ভাগ্যত…চাওঁ আহক ৰাশিফল

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে