--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • মায়ঙৰ ঐতিহ্য-পৰম্পৰাৰ লগতে পবিতৰা অভয়াৰণ্যক সামৰি সামগ্রিকভাৱে অঞ্চলটোৰ পর্যটন ক্ষেত্রৰ বিকাশত এই অধিৱেশনে ভবিষ্যতৰ দিনত নিশ্চয়কৈ গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব।

ডিজিটেল ডেস্ক: যাদু আৰু তন্ত্ৰৰ দেশৰূপে খ্যাত মায়ং ঐতিহ্যৰে ভৰপূৰ। তন্ত্র-মন্ত্ৰৰ বাবে প্রসিদ্ধি লাভকৰা মায়ঙৰ পূৰ্বৰ মন্ত্ৰ চৰ্চা সময়ৰ গতিত কিছু স্তিমিত হৈছে যদিও বর্তমানো এই পৰম্পৰা শেষ হৈ যোৱা নাই। মায়ঙৰ মায়ালগা ভূমিত প্রাগ নিউজ পৰিয়ালে অষ্টম বার্ষিক অধিৱেশন অনুষ্ঠিত কৰি অঞ্চলটোৰ গৰিমাত অন্য এক মাত্রা প্রদান কৰিলে। 


মায়ঙৰ ঐতিহ্য-পৰম্পৰাৰ লগতে পবিতৰা অভয়াৰণ্যক সামৰি সামগ্রিকভাৱে অঞ্চলটোৰ পর্যটন ক্ষেত্রৰ বিকাশত এই অধিৱেশনে ভবিষ্যতৰ দিনত নিশ্চয়কৈ গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব।' মৰিগাঁও জিলাৰ ৰজা মায়ঙত অনুষ্ঠিত প্রাগ সতীর্থ সহায় ন্যাসৰ অষ্টম বার্ষিক অধিৱেশনৰ মুকলি সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি এইদৰে মন্তব্য কৰে মায়ং ৰাজ্যৰ ৪০ সংখ্যক ৰজা তৰুণী সিংহই। ১৫২৯ শকাব্দত শূইনত সিংহই প্রতিষ্ঠা কৰা মায়ং ৰাজ্যৰ ঐতিহ্য জীয়াই ৰাখি পৰম্পৰা ৰক্ষাত অহোপুৰুষার্থ কৰি অহা ৰজা তৰুণী সিংহই লগতে কয় যে মায়া, মনহা আৰু পকৰীয়া মৌজাক সামৰি গঠিত মায়ং ৰাজ্যলৈ সম্প্রতি বিভিন্ন কাৰকে ভাবুকি নমাই আনিছে। চৰকাৰৰ এই ক্ষেত্রত সুদৃষ্টি পৰাৰ বাবেও ঐতিহ্যপূর্ণ অঞ্চলটোত প্রাগ পৰিয়ালৰ এই অধিৱেশনে এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব। মায়ঙত অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে প্রাগ নিউজক কৃতজ্ঞতা জ্ঞাপন কৰি অধিৱেশনৰ বর্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি আপ্লুত বুলিও মন্তব্য কৰে বিশিষ্ট অতিথিগৰাকীয়ে। 


উল্লেখযোগ্য যে ১৭ জানুৱাৰীত ৰজা মায়ঙৰ মিষ্টিক মায়ং ইক' ৰিজ'ৰ্টত অনুষ্ঠিত হোবা প্রাণ সতীর্থ সহায় ন্যাসৰ অষ্টম বার্ষিক অধিৱেশন উপলক্ষে তন্ত্রৰ দেশৰূপে খ্যাত মায়ঙত উখল-মাঘল পৰিৱেশৰ সৃষ্টি হয়। ঐতিহ্যপূর্ণ অঞ্চলটোত জনপ্রিয় বৈদ্যুতিন মাধ্যম প্রাগ নিউজব সাংবাদিকসকলৰ ব্যতিক্রমী অনুষ্ঠানটোৰ অধিৱেশনৰ প্ৰথমটো কাৰ্যসূচী ন্যাসৰ সভাপতি জ্যোতিষ কুমাৰ তামুলীৰ পতাকা উত্তোলনেৰে আৰম্ভ হয়। 


শিল্পী দিৱসৰ দিনাই অনুষ্ঠিত অধিৱেশনৰ পৰৱর্তী কার্যসূচী 'বৰেণ্য শিল্পীলৈ একাজলি শ্রদ্ধাঞ্জলি' শীর্ষক অনুষ্ঠানৰ মুখ্য তর্পকৰূপে অংশগ্রহণ কবে ন্যাসৰ মুখ্য উপদেষ্টা তথা প্রাগ নিউজৰ মহাপ্রবন্ধক চন্দ্রশেখৰ শর্মাই। ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্রসাদ ৰাভা, সুধাকণ্ঠ ড° ভূপেন হাজৰিকা, সদ্যপ্রয়াত শিল্পী জুবিন গার্গ, অনাতাৰ শিল্পী চৈয়দ ছাদুল্লা, নাগাৰা সম্রাট ৰামচৰণ ভৰালী, ঢোলৰ ওজা বলাই হাজৰিকা, শিল্পী ৰাজীৱ শদিয়া, শিল্পী সমৰ হাজৰিকা আৰু আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মাৰ প্রতি বন্তি প্রজ্বলন আৰু মাল্যার্পণেৰে প্রাগ পৰিয়ালৰ শ্রদ্ধাৰ্ঘ্য অর্পণ কৰে মহা প্রবন্ধকগৰাকীৰ লগতে সাংবাদিকসকলে। 


শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ পাছত অনুষ্ঠিত হোৱা শ্বহীদ তর্পণ অনুষ্ঠানত ১৮২৮ খ্রীষ্টাব্দৰ ১৫কাতিত ইংৰাজ ঔপনিৱেশিক শাসকৰ বিৰুদ্ধে সংগ্রাম কৰি শ্বহীদ বৰণ কৰা ধেনুধৰ কৌৱৰ, দহা ফুকন, ১৮৩০ চনত শ্বহীদ হোৱা পিয়লি বৰফুকন আৰু জিউৰাম দুলীয়া বৰুৱাৰ পৰা আৰম্ভ কৰি ১৯৬০ চনৰ ভাষা আন্দোলন, খাদ্য আন্দোলন, ঐতিহাসিক অসম আন্দোলন আৰু কা আন্দোলনব শহীদসকললৈ শ্রদ্ধা জ্ঞাপন কৰে প্রাগ পৰিয়ালে। মহাপ্রবন্ধক চন্দ্রশেখৰ শর্মাই মুখ্য তর্পকৰূপে অংশগ্রহণ কৰা কাৰ্যসূচীটোত অসমৰ প্ৰথমগৰাকী শ্বহীদ সাংবাদিক কমলা শইকীয়া, পৰাগ কুমাৰ দাস তথা কলমৰ যুঁজখনত আত্মবলিদান দিয়া শ্বহীদ সাংবাদিকসকলৰ উপৰি দেশ আৰু মাটিৰ বাবে চৰম ত্যাগ কৰা ভাৰতীয় সেনা আৰু অসম আৰক্ষীৰ জোৱানসকললৈও একাজলি শ্রদ্ধা নিৱেদন কৰে সতীর্থ সহায় ন্যাসৰ বিষয়ববীয়া- সদস্যসকলে। শ্বহীদ তর্পণৰ পাছত জ্যোতিষ কুমাৰ তামুলীৰ সভাপতিত্বত অনুষ্ঠিত অন্তিমখন কার্যনির্বাহক সভাত বিগত মানাহ অধিৱেশনৰ প্রতিবেদন পাঠৰ লগতে ন্যাসৰ বিগত কার্যকালৰ খতিয়ান দাঙি ধৰে সম্পাদক অজিত শইকীয়াই। মুখ্য উপদেষ্টা চন্দ্রশেখৰ শর্মাই সভাত সতীর্থ ন্যাসৰ সদস্য-সদস্যাৰ লগতে সাংবাদিকসকলে পাৰস্পৰিক দায়বদ্ধতাৰে ন্যাসক শক্তিশালী ৰূপত আগুৱাই নিয়াৰ পোষকতা কৰাৰ উপৰি সামাজিক দায়িত্বশীলতাৰ চানেকি দাঙি ধৰি কাম কৰি যাবলৈও সকলোৰে প্রতি আহবান জনায়। 


মহাপ্রবন্ধক গৰাকীয়ে প্রাগ সতীর্থ সহায় ন্যাসৰ উদ্যোগত পূৰ্বৰ দিনসমূহৰ দৰেই অনাগত ৰঙালী বিহুত সমাজহিতৈষী ব্যক্তি, বৃদ্ধাশ্রম, অনাথ আশ্রমলৈ বিহুৰ জলপান আৰু পদপথৰ আৱাসীসকলৰ বাবে আহাৰৰ ব্যৱস্থা কৰিবলৈ কার্যনিবহিক সভাত আহবান জনায়। দুর্গতজনক তৎকালীন সেৱাৰ সুবিধা হোৱাকৈ এম্বুলেন্স সেৱাৰ ব্যৱস্থা কৰিব পৰাকৈ কাম কৰি যাবলৈও ন্যাসৰ সদস্যসকলক আহবান জনায় মুখ্য উপদেষ্টাগৰাকীয়ে। কার্যনির্বাহক সভাতে ২৩ এপ্রিলত কিতাপৰ দিন উপলক্ষে ৰাজাৰ প্ৰতিখন জিলাৰ ন্যূনতম দুটা পৃথিভঁৰাললৈ কিতাপৰ টোপোলা আগবঢ়োৱাৰো প্রস্তাৱ গ্রহণ কৰা হয়। 


ইফালে, আর্তজনৰ সুবিধার্থে চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা আৰু ১৮৪৬ চনৰ অৰুণোদয় কাকতৰ প্ৰকাশৰ পৰা ২০২৬ চন পর্যন্ত অসমীয়া সংবাদ মাধ্যমৰ এখন পূর্ণাংগ ইতিহাস প্রণয়নব প্রভাৱো গ্রহণ কৰে কার্যনির্বাহক সভাই। তিনি বছৰৰ পৰিকল্পনাৰে অসমৰ সংবাদপত্রৰ ইতিহাসৰ প্রতিটো অধ্যায় সন্নিবিষ্ট হোৱাকৈ ইতিহাসখনৰ সংকলন কৰাৰো পোষকতা কৰে কার্যনির্বাহক সভাত উপস্থিত মুখ্য উপদেষ্টাসহ বিষয়ববীয়া সদস্যসকলে। আনহাতে, কার্যনির্বাহক সভাৰ পৰৱৰ্তী কাৰ্যসূচী হিচাপে অনুষ্ঠিত সাধাৰণ সভাত ন্যাসৰ দুবছৰীয়া কার্যকালৰ পৰৱর্তী সমিতি গঠন কৰাৰ লগতে কার্যনির্বাহক সভাই গ্রহণ কৰা প্রস্তাৱসমূহত অনুমোদন জনোরা হয়। চন্দ্রশেখৰ শর্মাক মুখ্য উপদেষ্টাৰূপে পুনৰ মনোনীত কৰাৰ লগতে সাধাৰণ সভাই জ্যেষ্ঠ সাংবাদিক যোগেন সূত্রবৰক সভাপতি, অজিত শইকীয়াক সম্পাদক প্রধান, অর্জুন থাপা আৰু গিৰিণ শইকীয়াক যুটীয়া সম্পাদক ৰূপে লৈ এখন ২৭জনীয়া ন্যাস সমিতি গঠন কৰে। সাধাৰণ সভাতে প্রচুৰ ত্যাগ আৰু আত্মোৎসর্গাৰ মনোভাৱেৰে প্রাগ পৰিয়ালৰ হৈ সংবাদসেৱা আগবঢ়াই অহা ৰাজ্যখনৰ ১২০ গৰাকী সাংবাদিকক প্রেৰণামূলক উপহাৰেৰে সম্বর্ধনা জ্ঞাপন কৰা হয়।


ইফালে সাধাৰণ সভাৰ পাছত অনুষ্ঠিত হোৱা অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথিৰূপে অংশগ্রহণ কৰে প্রাগ নিউজৰ মুখ্য পৰিচালন সঞ্চালক ড° সঙ্গীৱ নাৰায়ণে। বিশিষ্ট অতিথি ৰূপে মায়ঙব ৰজা তৰুণী সিংহৰ উপৰি প্ৰাগ নিউজৰ মহাপ্রবন্ধক চন্দ্রশেখৰ শর্মা, প্রাগ নিউজৰ কাৰ্যবাহী সম্পাদক দেৱজিৎ ভূঞা, দৈনিক জনমভূমি কাকতৰ কার্যবাহী সম্পাদক সঞ্জীৱ ফুকন, মুখ্য গাণনিক খঞ্জন চান্দ জিন্দাল, চি অ' অ'চি আৰ ডেকা, মায়াং ইক' ৰিজ'ৰ্টৰ স্বত্বাধিকাৰীদ্বয় ভাস্কৰ কলিতা আৰু জয়দেৱ গুপ্তা উপস্থিত থকা মুকলি সভাত মুখ্য অতিথিৰ ভাষণত মুখ্য পৰিচালন সঞ্চালক ড° নাৰায়ণে জাতীয় দায়বদ্ধতাৰে সংবাদসেৱা কৰিবলৈ প্রাগ পৰিয়াল সংকল্পৱদ্ধ বুলি মন্তব্য প্রকাশ কৰে। 


পাৰস্পৰিক দায়বদ্ধতাৰে সম্মিলিত শক্তি হৈ প্রাগ পৰিয়াল আগুৱাই যাব বুলি মুখ্য অতিথিৰ ভাষণত উল্লেখ কৰি মুখ্য সঞ্চালক গৰাকীয়ে লগতে কয় যে আজিৰ পৰা ২৫ টা বছৰৰ পূর্বেই ৰাইজৰ সেৱাৰ বাবে প্রাগ নিউজ জন্ম দিয়া হৈছিল। জন্মলগ্নৰ পৰা মাটি আৰু মানুহৰ প্রতি সেৱাৰ মনোভাৱেৰে প্রাগ নিউজে প্রদর্শন কৰি অহা দায়বদ্ধতাৰ বাবেই ৰাইজে প্রাগ নিউজক আজিৰ পৰ্যায়ত উপনীত কৰিছে বুলি মন্তব্য কৰি ড° নাৰায়ণে লগতে কয় যে ভবিষ্যতৰ দিনতো আমাৰ দৃষ্টি আৰু লক্ষ্য স্বদেশ আৰু অসমীয়া জাতিকেন্দ্রিক হৈ থাকিব লাগিব। ৰাইজৰ আকুণ্ঠ আশীর্বাদ আৰু মৰমৰ বাবেই আঠ হাজাৰ লোকৰ এটা বৃহৎ পৰিয়াল নির্মাণ সম্ভৱপৰ হৈছে বুলিও মন্তব্য কৰে মুখ্য পৰিচালন সঞ্চালক গৰাকীয়ে। আমাৰ মনোভাৱ স্পষ্ট আৰু দৃঢ় বুলি ভাষণত উল্লেখ কৰি মুখ্য অতিথি গৰাকীয়ে পুনৰ দোহাৰে যে ৰাইজৰ প্রতি দায়বদ্ধতাৰ ক্ষেত্রত থকা স্পষ্টতা আৰু ৰাইজৰ সেৱা কৰাৰ মানসিকতাত থকা দৃঢ়তাৰ ক্ষেত্রত ভৱিষ্যতৰ দিনতো কোনো ধৰণৰ বিচ্যুতি ঘটিবলৈ দিয়া নহয়। এইক্ষেত্রত আমি প্রাগ-জনমভূমিকে ধৰি সকলো এটা পৰিয়াল আৰু আমি সকলোৱেই পৰিয়ালৰ ইজনে সিজনন প্রতি থকা পাৰস্পৰিক দায়িত্বশীলতাৰে ভৱিষ্যতৰ দিনতো আগুৱাই যাম বুলি মন্তব্য কৰাৰ লগতে প্রাগ পৰিয়ালৰ সকলোকে এই ক্ষেত্রত সহযোগিতা আগবঢ়াবলৈ আহবান জনায়। 


বৃহৎ পৰিয়ালটোৰ সুবিধাৰ বাবেই অতি শীঘ্রেই চিকিৎসা সেৱাৰ খণ্ডতো প্রৱেশৰ পৰিকল্পনাৰ বিষয়েও সদৰী কৰে ড° সঞ্জীৱ নাৰায়ণে। ইফালে বিশিষ্ট অতিথিৰূপে প্রাগ নিউজৰ কার্যবাহী সম্পাদক দেৱজিৎ ভূঞাই প্রাগ সতীর্থ সহায় ন্যাসৰ দৰে ব্যতিক্রমী চিন্তা কেৱল প্রাগ পৰিয়ালৰ সাংবাদিকৰ ক্ষেত্ৰতহে সম্ভৱপৰ বুলি মন্তব্য কৰাৰ উপৰি জাতীয় চিন্তা চেতনাৰে উদ্বুদ্ধ হৈ ৰাইজৰ অধিকাৰৰ ক্ষেত্রত নিৰপেক্ষতা আৰু আপোচহীনতা বর্তাই ৰাখিবলৈ সাংবাদিকসকলৰ প্রতি আহবান জনায়। 


আনহাতে, নেতৃত্ব, একতা আৰু লক্ষ্যত উপনীত হোৱাৰ দৃঢ়তাৰ বাবেই প্রাগ নিউজ পৰিয়াল একক, অনন্য ৰূপত উজলি উঠা বুলি মুকলি সভাত মন্তব্য কৰে দৈনিক জনমভূমি কাকতৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকনে। প্রাগ পৰিয়ালৰ দৈনিক জনমভূমিৰে সংযুক্ত হোৱাৰ পাছত পৰিয়ালটোৰ ব্যতিক্রমী চিন্তা আৰু দৃঢ়তাৰ লগতে নতুনত্বৰ প্রয়াসে আকৃষ্ট কৰা বুলি মন্তব্য কৰি বিশিষ্ট সাংবাদিকগৰাকীয়ে ভবিষ্যতৰ দিনতো এই যাত্রা নিৰৱধি হৈ থকাৰ কামনা কৰে। সভাত অন্য এগৰাকী বিশিষ্ট অতিথি ভাস্কৰ কলিতায়ো অনুভৱ ব্যক্ত কৰে। 



মুকলি সভাৰ শেষত অধিৱেশনৰ অন্তিমটো কার্যসূচী সাংস্কৃতিক সন্ধিয়াত বংগকন্যা মর্মিতা মিত্ৰৰ সংগীতানুষ্ঠানে শ্রোতা-দর্শকক সম্মোহিত কৰি তোলে। জুবিন গাৰ্গৰ কন্ঠত প্রাণ পাই উঠা বহুকেইটা সেউজ গীত মর্মিতা মিত্ৰৰ কণ্ঠত প্রাণ পাই উঠাৰ লগতে প্রায় তিনি ঘণ্টাজুৰি শিল্পীগৰাকীয়ে মোহাচ্ছন্ন কবি ৰাখে। মর্মিতা মিত্রৰ গীতৰ অনুষ্ঠানৰ সমান্তৰালকৈ মাজুলীৰ ৰানুমাই বিহুৱা দলৰ বিহু অনুষ্ঠানেও দর্শক-শ্রোতাৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হয়। বিহুৰ পুৰাতন ঐতিহ্যক ধৰি ৰাখি পৰিৱেশন কৰা দলটোৰ অনুষ্ঠানে অধিৱেশনখনৰ সাংস্কৃতিক সন্ধিয়াটোত সোণত সুৱগা চৰায়। বছৰৰ প্রতিটো দিনেই বাতৰিৰ সন্ধানত নানা প্রতিবন্ধকতাৰ সম্মুখীন হোৱা, ৰ'দ-বৰষুণ নেওচি খবৰৰ সন্ধান কৰা শদিয়াৰ পৰা ধুবুৰীলৈ সমৱেত প্রতিগৰাকী সাংবাদিকেই বিহুনামৰ তালে তালে হিয়া উজাৰি কৰা নৃত্য আছিল দৃষ্টিনন্দন। অনুষ্ঠানৰ আঁত ধৰে প্ৰণৱজ্যোতি নদীয়ালে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
নেশ্যনেল ক্রাইম ৰেকৰ্ডছ ব্যুৰ'ৰ উদ্বেগজনক তথ্য, দেশত দৈনিক ৫০০টা শিশুৰ বিৰুদ্ধে অপৰাধ
'দায়িত্ব, সম্পৰ্ক, কামৰ পৰা কিছু সময় বিৰতি !' ইনষ্টাগ্ৰামত পোষ্ট দি কিয় ডিলিট কৰিলে নেহা কক্কৰে ?
বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰাগ সতীর্থ ন্যাসৰ অষ্টম বার্ষিক অধিৱেশন
নিৰামিষভোজীসকলে কেনেকৈ ভিটামিন বি ১২ পাব? এই ৩টা বস্তুৱে অভাৱ পূৰণ কৰাত সহায় কৰিব
অসমৰ প্ৰথমগৰাকী নেতাৰ ৰূপত 'ৱৰ্ল্ড ইক'নমিক ফ'ৰাম'ত ভাষণ দিব ড° হিমন্ত বিশ্ব শর্মাই
কালাইন হাস্পতালৰ জৰুৰী সেৱা আৰু এম্বুলেন্স ব্যৱস্থাৰ দুৰৱস্থাক লৈ স্থানীয় ৰাইজৰ ক্ষোভ
আজি ভোগালী বিহুৰ উৰুকা, ভোগৰ সামগ্ৰীৰে উভৈনদী বজাৰ
চলন্ত ৰে’লৰ ওপৰত ভাঙি পৰিল ক্ৰেন, ২২গৰাকীয়ে হেৰুৱালে প্ৰাণ
কাছাৰৰ সোনাইত মর্মান্তিক ঘটনা, পানীত পৰি চাৰি বছৰৰ শিশুৰ মৃত্যু
এইবাৰ দুখন 'অমৃত ভাৰত এক্সপ্রেছ' পালে অসমে
মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে বাঘৰ সংখ্যা ; উৎফুল্লিত প্ৰকৃতিপ্ৰেমী, পৰ্যটক
উপহাৰ দিবলৈ আজি আহিব প্রধানমন্ত্রী, সৰুসজাই ক্রীড়া প্রকল্প-কলিয়াবৰৰ মৌচন্দা পথাৰত মহা আয়োজন
মহাৰাষ্ট্ৰৰ পৌৰ নিৰ্বাচনত বিজেপিৰ ছুনামি, শিৱ সেনাক উৎখাত কৰি প্ৰথমবাৰৰ বাবে মুম্বাই দখল গেৰুৱা দলৰ
বিশ্ব কাপ চাবলৈ ৫০ কোটিৰ আৱেদন, ফিফাৰ সৰ্বশ্রেষ্ঠ প্রতিযোগিতাক লৈ ফুটবলপ্ৰেমীৰ অভূতপূর্ব উৎসাহ