--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতৰ স্বাধীনতা দিৱস ১৫ আগষ্ট সমাগত৷ স্বাধীনতা দিৱসত দেশত হ’ব পৰা কুটিঘাতমূলক ঘটনাক প্ৰতিৰোধ কৰিবলৈ এতিয়া সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে দিল্লী আৰক্ষী৷ কটকটীয়া নিৰাপত্তাৰ মাজত লালকিল্লাত উদযাপন কৰা হ’ব স্বাধীনতা দিৱসৰ বিভিন্ন কাৰ্যসূচী ৷ বিভিন্ন সন্ত্ৰাসবাদী সংগঠনৰ ভাবুকি তথা কূটাঘাতমূলক ঘটনা ৰোধ কৰিবলৈ লালকিল্লাত দিল্লী আৰক্ষী ১০০০ তকৈয়ো অধিক ইন্টাৰনেট  প্ৰ’টকল জড়িত চি চি টিভি কেমেৰা মোতায়েন কৰিছে। 

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ সময়ত লস্কৰ -ই-তৈবা আৰু জৈছ -ই-মহম্মদৰ ফালৰ পৰা কোনো ভাবুকি আহিব পাৰে বুলিও ইন্টেলিজেন্স ব্যুৰোয়ে সাৱধান বাণী শুনাইছে৷ কিছুদিন পূৰ্বে জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ এখন ৰাজহুৱা সভাত ভাষণ দি থকা অৱস্থাত হত্যা হৈছিল৷ এনে ঘটনা ভাৰততো সংঘটিত হোৱাৰ আশংকাত শংকিত হৈ পৰিছে দিল্লী আৰক্ষী৷ ইতিমধ্যে দিল্লী আৰক্ষীক ইন্টেলিজেন্স ব্যুৰোয়ে দহ পৃষ্ঠাৰ এখন ৰিপ’ৰ্ট কাৰ্ড প্ৰেৰণ কৰিছে। 

নিউ দিল্লী জিলা, উত্তৰ দিল্লী, দক্ষিণ -পূব আৰু কেন্দ্ৰীয় দিল্লীতো চি চি টিভি কেমেৰাৰ মোতায়েন কৰা হৈছে৷তদুপৰি লালকিল্লাক আগুৰি থকা দিল্লীৰ উত্তৰ আৰু কেন্দ্ৰ অংশত সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে৷ এই কেমেৰা সমূহ উচ্চ ক্ষমতাসম্পন্ন বুলি জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ