--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতৰ স্বাধীনতা দিৱস ১৫ আগষ্ট সমাগত৷ স্বাধীনতা দিৱসত দেশত হ’ব পৰা কুটিঘাতমূলক ঘটনাক প্ৰতিৰোধ কৰিবলৈ এতিয়া সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে দিল্লী আৰক্ষী৷ কটকটীয়া নিৰাপত্তাৰ মাজত লালকিল্লাত উদযাপন কৰা হ’ব স্বাধীনতা দিৱসৰ বিভিন্ন কাৰ্যসূচী ৷ বিভিন্ন সন্ত্ৰাসবাদী সংগঠনৰ ভাবুকি তথা কূটাঘাতমূলক ঘটনা ৰোধ কৰিবলৈ লালকিল্লাত দিল্লী আৰক্ষী ১০০০ তকৈয়ো অধিক ইন্টাৰনেট  প্ৰ’টকল জড়িত চি চি টিভি কেমেৰা মোতায়েন কৰিছে। 

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ সময়ত লস্কৰ -ই-তৈবা আৰু জৈছ -ই-মহম্মদৰ ফালৰ পৰা কোনো ভাবুকি আহিব পাৰে বুলিও ইন্টেলিজেন্স ব্যুৰোয়ে সাৱধান বাণী শুনাইছে৷ কিছুদিন পূৰ্বে জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ এখন ৰাজহুৱা সভাত ভাষণ দি থকা অৱস্থাত হত্যা হৈছিল৷ এনে ঘটনা ভাৰততো সংঘটিত হোৱাৰ আশংকাত শংকিত হৈ পৰিছে দিল্লী আৰক্ষী৷ ইতিমধ্যে দিল্লী আৰক্ষীক ইন্টেলিজেন্স ব্যুৰোয়ে দহ পৃষ্ঠাৰ এখন ৰিপ’ৰ্ট কাৰ্ড প্ৰেৰণ কৰিছে। 

নিউ দিল্লী জিলা, উত্তৰ দিল্লী, দক্ষিণ -পূব আৰু কেন্দ্ৰীয় দিল্লীতো চি চি টিভি কেমেৰাৰ মোতায়েন কৰা হৈছে৷তদুপৰি লালকিল্লাক আগুৰি থকা দিল্লীৰ উত্তৰ আৰু কেন্দ্ৰ অংশত সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে৷ এই কেমেৰা সমূহ উচ্চ ক্ষমতাসম্পন্ন বুলি জানিব পৰা গৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এটা সময় আহিব ভাৰতীয়ই ইংৰাজী ক'বলৈ লাজ পাব : অমিত শ্বাহ
আজিৰে পৰা আৰম্ভ অম্বুবাচী মেলা
অম্বুবাচী মহাযোগক লৈ যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা
পেৰিছ ডায়মণ্ড লীগৰ শীৰ্ষ স্থানত নীৰজ চোপ্ৰা
আটছা'ৰ অনুষ্ঠানত শিক্ষা বিভাগক তুলা-ধুনা সাংসদ কামাখ্যা তাছাৰ
টী বেগ ব্যৱহাৰে আপোনাৰ জীৱনলৈ আনিব পাৰে ভয়ংকৰ বিপদ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত