ডিজিটেল ডেস্কঃ কেতিয়াবা চিনেমাৰ দৰে ঘটনা বাস্তৱত জীৱনত সংঘটিত হয়। উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত সংঘটিত হোৱা এক ঘটনাই আপোনাকো শিহৰিত কৰি তুলিব। এগৰাকী মহিলা আজিৰে পৰা ২৮ বছৰ পূৰ্বে দলবদ্ধ ধৰ্ষণৰ বলি হৈছিল। এই দলবদ্ধ ধৰ্ষণৰ ফলতে মহিলাগৰাকীয়ে জন্ম দিছিল এটি পুত্ৰ সন্তান। সেই পুত্ৰ সন্তানেই ২৮ বছৰৰ অন্তত মাতৃক কৰিলে ন্যায় প্ৰদান। ২৮ বছৰ পূৰ্বে দলবদ্ধ ধৰ্ষণৰ বলি হোৱা মহিলাগৰাকীয়ে প্ৰাণৰ ভয়ত, সমাজৰ ককৰ্থনাৰ ভয়ত মনে মনে আছিল।
তাৰ ফলতেই গৰ্ভৱতী হৈ সময়ত তেওঁ জন্ম দিছিল এটি পুত্ৰ সন্তান। সন্তানটিক পাছত এক দম্পতীৰ হাতত তেওঁ তুলি দিছিল। পাছত তেওঁ নিজেও অন্য এজন যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। কিন্তু স্বামীয়ে এদিন পত্নী দলবদ্ধ ধৰ্ষণৰ বলি হোৱা কথা গম পাই পত্নীক ত্যাগ কৰে। আনহাতে পুত্ৰইয়ো সমগ্ৰ ঘটনা গম পোৱাৰ পাছত উভতি আহে নিজ মাতৃৰ কাষলৈ। যেতিয়া পুত্ৰই মাতৃৰ সেই তিক্ত কাহিনীৰ বিষয়ে জানিব পাৰিলে তেওঁ মাতৃক ন্যায় প্ৰদান কৰিব বুলি মনতে সংকল্প লৈছিল। লগে লগে মাতৃক ধৰ্ষণ কৰোতা দুই পাষণ্ডৰ বিৰুদ্ধে গোচৰ দিবলৈ পুত্ৰ আৰক্ষীৰ কাষ চাপে। আৰক্ষীয়ে তদন্তৰ অন্তত এজনক গ্ৰেপ্তাৰ কৰিবলৈয়ো সক্ষম হয়।
১৯৯৪ চনত বায়েকৰ ঘৰত থাকোতে ওচৰৰে দুই যুৱকৰ হাতত ধৰ্ষণৰ বলি হৈছিল তেতিয়াৰ মহিলাগৰাকী। কিন্তু যুৱক দুজনে প্ৰাণে মৰাৰ ভাবুকি দি মনে মনে থাকিবলৈ বাধ্য কৰাইছিল মহিলাগৰাকীক।পাছত ভিনিহিয়েকৰ সেই ঠাইৰ পৰা বদলি হোৱাত বায়েকৰ সৈতে মহিলাগৰাকীয়েও সেই ঠাই ত্যাগ কৰে। লগতে ধৰ্ষণৰ ফলত জন্ম হোৱা পুত্ৰ সন্তানটিক তুলি দিয়ে অন্য দম্পতীৰ হাতত।
বৰ্তমানে পুত্ৰই আৰক্ষীৰ কাষ চপাত আৰক্ষীয়ে ডি এন এ পৰীক্ষাৰ সহায়ত এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। পাছে গোচৰটো ইমান বছৰৰ পাছত হ'লেও আৰক্ষীৰ কাষ চপা বুলি জনাৰ লগে লগে পলায়ন কৰে আনটো ধৰ্ষণকাৰীয়ে। বৰ্তমান সেইজন ধৰ্ষণকাৰীৰো সন্ধানত নামি পৰিছে আৰক্ষী। পুত্ৰৰ সাহসিকতাক বহুজনে শলাগিছে। ২৮ বছৰৰ অন্তত হ'লেও মাতৃক পুত্ৰই ন্যায় দিয়া কথাই সকলোতে চৰ্চা লাভ কৰিছে।