--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেতিয়াবা চিনেমাৰ দৰে ঘটনা বাস্তৱত জীৱনত সংঘটিত হয়। উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত সংঘটিত হোৱা এক ঘটনাই আপোনাকো শিহৰিত কৰি তুলিব। এগৰাকী মহিলা আজিৰে পৰা ২৮ বছৰ পূৰ্বে দলবদ্ধ ধৰ্ষণৰ বলি হৈছিল। এই দলবদ্ধ ধৰ্ষণৰ ফলতে মহিলাগৰাকীয়ে জন্ম দিছিল এটি পুত্ৰ সন্তান। সেই পুত্ৰ সন্তানেই ২৮ বছৰৰ অন্তত মাতৃক কৰিলে ন্যায় প্ৰদান। ২৮ বছৰ পূৰ্বে দলবদ্ধ ধৰ্ষণৰ বলি হোৱা মহিলাগৰাকীয়ে প্ৰাণৰ ভয়ত, সমাজৰ ককৰ্থনাৰ ভয়ত মনে মনে আছিল। 

তাৰ ফলতেই গৰ্ভৱতী হৈ সময়ত তেওঁ জন্ম দিছিল এটি পুত্ৰ সন্তান। সন্তানটিক পাছত এক দম্পতীৰ হাতত তেওঁ তুলি দিছিল। পাছত তেওঁ নিজেও অন্য এজন যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। কিন্তু স্বামীয়ে এদিন পত্নী দলবদ্ধ ধৰ্ষণৰ বলি হোৱা কথা গম পাই পত্নীক ত্যাগ কৰে। আনহাতে পুত্ৰইয়ো সমগ্ৰ ঘটনা গম পোৱাৰ পাছত উভতি আহে নিজ মাতৃৰ কাষলৈ। যেতিয়া পুত্ৰই মাতৃৰ সেই তিক্ত কাহিনীৰ বিষয়ে জানিব পাৰিলে তেওঁ মাতৃক ন্যায় প্ৰদান কৰিব বুলি মনতে সংকল্প লৈছিল। লগে লগে মাতৃক ধৰ্ষণ কৰোতা দুই পাষণ্ডৰ বিৰুদ্ধে গোচৰ দিবলৈ পুত্ৰ আৰক্ষীৰ কাষ চাপে। আৰক্ষীয়ে তদন্তৰ অন্তত এজনক গ্ৰেপ্তাৰ কৰিবলৈয়ো সক্ষম হয়। 

১৯৯৪ চনত বায়েকৰ ঘৰত থাকোতে ওচৰৰে দুই যুৱকৰ হাতত ধৰ্ষণৰ বলি হৈছিল তেতিয়াৰ মহিলাগৰাকী। কিন্তু যুৱক দুজনে প্ৰাণে মৰাৰ ভাবুকি দি মনে মনে থাকিবলৈ বাধ্য কৰাইছিল মহিলাগৰাকীক।পাছত ভিনিহিয়েকৰ সেই ঠাইৰ পৰা বদলি হোৱাত বায়েকৰ সৈতে মহিলাগৰাকীয়েও সেই ঠাই ত্যাগ কৰে। লগতে ধৰ্ষণৰ ফলত জন্ম হোৱা পুত্ৰ সন্তানটিক তুলি দিয়ে অন্য দম্পতীৰ হাতত। 

বৰ্তমানে পুত্ৰই আৰক্ষীৰ কাষ চপাত আৰক্ষীয়ে ডি এন এ পৰীক্ষাৰ সহায়ত এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। পাছে গোচৰটো ইমান বছৰৰ পাছত হ'লেও আৰক্ষীৰ কাষ চপা বুলি জনাৰ লগে লগে পলায়ন কৰে আনটো ধৰ্ষণকাৰীয়ে। বৰ্তমান সেইজন ধৰ্ষণকাৰীৰো সন্ধানত নামি পৰিছে আৰক্ষী। পুত্ৰৰ সাহসিকতাক বহুজনে শলাগিছে। ২৮ বছৰৰ অন্তত হ'লেও মাতৃক পুত্ৰই ন্যায় দিয়া কথাই সকলোতে চৰ্চা লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ