--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ ৰোষৰ পৰা মুক্ত হোৱা নাই শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউট। পাত্ৰ চাওল কেলেংকাৰী গোচৰত অভিযুক্ত শিৱসেনাৰ নেতাগৰাকীক মুম্বাইৰ এখন বিশেষ আদালতে আজি জিম্মাৰ ম্যাদ বৃদ্ধি কৰি ৮ আগষ্টলৈকে তদন্ত সংস্থাটোৰ জিম্মালৈ প্ৰেৰণ কৰিছে। ইয়াৰ পূৰ্বে সোমবাৰে মুম্বাইৰ মানি লণ্ডাৰিং প্ৰতিৰোধ আইন (পিএমএলএ) আদালতে ৰাউটক উক্ত গোচৰত চাৰি দিনৰ বাবে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰিছিল।

আজি এই জিম্মাৰ ম্যাদ সমাপ্ত হোৱাৰ কথা আছিল যদিও কেন্দ্ৰীয় সংস্থাটোৱে আদালতত পুনৰ নেতাগৰাকীক জিম্মাত বিচাৰি আবেদন কৰাৰ পিছত অতিৰিক্ত চাৰি দিনৰ বাবে জিম্মাৰ ম্যাদ বৃদ্ধি কৰে।

উল্লেখ্য যে যোৱা দেওবাৰে পুৱা ইডিৰ এটা দলে ৰাউটৰ মুম্বাইস্থিত ঘৰত দিনজোৰা তালাচী চলাইছিল। কেন্দ্ৰীয় তদন্ত সংস্থাটোৱে তেওঁৰ ঘৰৰ পৰা ১১.৫০ লাখ টকাৰ নগদ ধন জব্দ কৰিছিল। তালাচীৰ পিছত কেন্দ্ৰীয় সংস্থাটোৱে ৰাউটক আটক কৰিছিল আৰু তেওঁক মুম্বাই কাৰ্যালয়লৈ লৈ যোৱা হৈছিল।

কেইবা ঘণ্টাৰ সোধা-পোছাৰ পিছত এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে নিশালৈ ৰাউটক গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰৰ পিছদিনাই সংস্থাটোৱে ৰাউটক মুম্বাইৰ মানি লণ্ডাৰিং প্ৰতিৰোধ আইন (পিএমএলএ) আদালতৰ সন্মুখত হাজিৰ কৰাইছিল।

ইডি- এ আদালতৰ সন্মুখত গৃহ পুনৰ্বিকাশ প্ৰকল্পত বিত্তীয় অনিয়মৰ জৰিয়তে ৰাউট আৰু তেওঁৰ পৰিয়ালে এক কোটি টকাৰো অধিক মূল্য উপাৰ্জন কৰিছিল বুলি অভিযোগ দাখিল কৰিছিল আৰু এই বিষয়ত অধিক জেৰাৰ বাবে আঠ দিনৰ জিম্মাৰ আবেদন জনাইছিল।

কিন্তু আদালতে ৰাউটক আঠ দিনৰ পৰিৱৰ্তে চাৰি দিনৰ বাবে ইডিৰ জিম্মা মঞ্জুৰ কৰিছিল আৰু শিৱসেনাৰ নেতাগৰাকীক গোচৰটোৰ সন্দৰ্ভত সোধপোচৰ বাবে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটক ৪ দিনৰ জিম্মা যথেষ্ট হ’ব বুলি মন্তব্য কৰিছিল।

আনহাতে সঞ্জয় ৰাউটক প্ৰতিনিধিত্ব কৰা অধিবক্তা অশোক মুণ্ডাৰ্গীয়ে ৰাউটৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা হৈছে বুলি দাবী কৰি এয়া এক ৰাজনৈতিক প্ৰতিশোধ বুলি অভিযোগ কৰিছিল। উল্লেখ্য যে ৰাউটে বিগত সময়চোৱাত কেন্দ্ৰৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰ তথা বিজেপি দলটোক কঠোৰ সমালোচনা কৰি আহিছে।

ইয়াৰ ফলস্বৰূপেই চৰকাৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৰ জৰিয়তে সঞ্জয় ৰাউটৰ বিৰুদ্ধে প্ৰতিশোধ লোৱা বুলি অভিযোগ উত্থাপন হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰটিন দেহত কমিলে নানা ক্ষতি হয়! জানি লওক সৱিশেষ
এমাহৰ ভিতৰতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা
২১ জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন
ৰাজ্যত আগন্তুক ৫ দিনলৈ আহিব বৰষুণ
বিলাসীপাৰাত চলিব অসম ইতিহাসৰ অন্যতম সৰ্ববৃহৎ উচ্ছেদ অভিযান
ডিমৌ-নিতাইপুখুৰী পথত দিনদুপৰতে দুৰ্বৃত্তই লুটি নিলে ১০ লক্ষাধিক টকা