--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ ৰোষৰ পৰা মুক্ত হোৱা নাই শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউট। পাত্ৰ চাওল কেলেংকাৰী গোচৰত অভিযুক্ত শিৱসেনাৰ নেতাগৰাকীক মুম্বাইৰ এখন বিশেষ আদালতে আজি জিম্মাৰ ম্যাদ বৃদ্ধি কৰি ৮ আগষ্টলৈকে তদন্ত সংস্থাটোৰ জিম্মালৈ প্ৰেৰণ কৰিছে। ইয়াৰ পূৰ্বে সোমবাৰে মুম্বাইৰ মানি লণ্ডাৰিং প্ৰতিৰোধ আইন (পিএমএলএ) আদালতে ৰাউটক উক্ত গোচৰত চাৰি দিনৰ বাবে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰিছিল।

আজি এই জিম্মাৰ ম্যাদ সমাপ্ত হোৱাৰ কথা আছিল যদিও কেন্দ্ৰীয় সংস্থাটোৱে আদালতত পুনৰ নেতাগৰাকীক জিম্মাত বিচাৰি আবেদন কৰাৰ পিছত অতিৰিক্ত চাৰি দিনৰ বাবে জিম্মাৰ ম্যাদ বৃদ্ধি কৰে।

উল্লেখ্য যে যোৱা দেওবাৰে পুৱা ইডিৰ এটা দলে ৰাউটৰ মুম্বাইস্থিত ঘৰত দিনজোৰা তালাচী চলাইছিল। কেন্দ্ৰীয় তদন্ত সংস্থাটোৱে তেওঁৰ ঘৰৰ পৰা ১১.৫০ লাখ টকাৰ নগদ ধন জব্দ কৰিছিল। তালাচীৰ পিছত কেন্দ্ৰীয় সংস্থাটোৱে ৰাউটক আটক কৰিছিল আৰু তেওঁক মুম্বাই কাৰ্যালয়লৈ লৈ যোৱা হৈছিল।

কেইবা ঘণ্টাৰ সোধা-পোছাৰ পিছত এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে নিশালৈ ৰাউটক গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰৰ পিছদিনাই সংস্থাটোৱে ৰাউটক মুম্বাইৰ মানি লণ্ডাৰিং প্ৰতিৰোধ আইন (পিএমএলএ) আদালতৰ সন্মুখত হাজিৰ কৰাইছিল।

ইডি- এ আদালতৰ সন্মুখত গৃহ পুনৰ্বিকাশ প্ৰকল্পত বিত্তীয় অনিয়মৰ জৰিয়তে ৰাউট আৰু তেওঁৰ পৰিয়ালে এক কোটি টকাৰো অধিক মূল্য উপাৰ্জন কৰিছিল বুলি অভিযোগ দাখিল কৰিছিল আৰু এই বিষয়ত অধিক জেৰাৰ বাবে আঠ দিনৰ জিম্মাৰ আবেদন জনাইছিল।

কিন্তু আদালতে ৰাউটক আঠ দিনৰ পৰিৱৰ্তে চাৰি দিনৰ বাবে ইডিৰ জিম্মা মঞ্জুৰ কৰিছিল আৰু শিৱসেনাৰ নেতাগৰাকীক গোচৰটোৰ সন্দৰ্ভত সোধপোচৰ বাবে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটক ৪ দিনৰ জিম্মা যথেষ্ট হ’ব বুলি মন্তব্য কৰিছিল।

আনহাতে সঞ্জয় ৰাউটক প্ৰতিনিধিত্ব কৰা অধিবক্তা অশোক মুণ্ডাৰ্গীয়ে ৰাউটৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা হৈছে বুলি দাবী কৰি এয়া এক ৰাজনৈতিক প্ৰতিশোধ বুলি অভিযোগ কৰিছিল। উল্লেখ্য যে ৰাউটে বিগত সময়চোৱাত কেন্দ্ৰৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰ তথা বিজেপি দলটোক কঠোৰ সমালোচনা কৰি আহিছে।

ইয়াৰ ফলস্বৰূপেই চৰকাৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৰ জৰিয়তে সঞ্জয় ৰাউটৰ বিৰুদ্ধে প্ৰতিশোধ লোৱা বুলি অভিযোগ উত্থাপন হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ