--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কাশ্মীৰত অৱস্থিত এছিয়াৰ সৰ্ববৃহৎ টিউলিপ বাগিচাখন পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। আৰম্ভ হ’ল ডাল হ্ৰদ আৰু জাবৰৱান পাহাৰৰ মাজত অৱস্থিত টিউলিপ বাগিচাখনে কাশ্মীৰ উপত্যকাত পৰ্যটনৰ বতৰ । 

প্ৰায় ১৫ লাখ টিউলিপ ফুলেৰে শ্ৰীনগৰৰ ইন্দিৰা গান্ধী মেম'ৰিয়েল টিউলিপ গাৰ্ডেনে বিশ্বৰ পৰ্যটকক আকৰ্ষণ কৰিছে । মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই বুধবাৰে কাশ্মীৰত বসন্তৰ আগমন উপলক্ষে ফিটা কাটি এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত বাগিচাখন মুকলি কৰে ।

এই বাগিচাখন খোলাৰ লগে লগে ইয়াত পৰ্যটকৰ শাৰী পৰিলক্ষিত হ’ল। উল্লেখ্য যে জম্মু-কাশ্মীৰৰ তদানীন্তন মুখ্যমন্ত্ৰী গুলাম নবী আজাদে ২০০৭ চনত ‘ইন্দিৰা গান্ধী সোঁৱৰণী টিউলিপ উদ্যান’ স্থাপন কৰিছিল ৷ইয়াৰ আগতে কেন্দ্ৰীয় শাসিত অঞ্চলত পৰ্যটনৰ বতৰ কেৱল গ্ৰীষ্ম আৰু শীতকালত সীমাবদ্ধ আছিল। ‘ইন্দিৰা গান্ধী সোঁৱৰণী টিউলিপ গাৰ্ডেন’ পূৰ্বতে চিৰাজ বাগ নামেৰে জনাজাত আছিল। 

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই এই বাগিচাখন জনসাধাৰণৰ বাবে মুকলি কৰে। বিষয়াসকলে জনোৱা মতে, এই বছৰ দুটা নতুন জাতৰ টিউলিপ ৰোপণ কৰা হৈছে ৷


এই সন্দৰ্ভত বাগিচাখনৰ ভাৰপ্ৰাপ্ত বিষয়া জাভেদ মাছুদে কয়, "আমি ফুলবোৰ ফুলাৰ সময় বৃদ্ধি কৰিবলৈ আৰু দৰ্শনাৰ্থীসকলক দীঘলীয়া সময়ৰ বাবে বাগিচাখন উপভোগ কৰাৰ বাবে পৰ্যায়ক্ৰমে টিউলিপ বাল্ব ৰোপণ কৰিছো ।" মন্ত্ৰমুগ্ধ কৰা টিউলিপৰ উপৰিও, ৫৫ হেক্টৰৰ বাগিচাখনত বিভিন্ন ধৰণৰ বসন্তৰ ফুল যেনে হাইচিন্থ, ডেফোডিল, মুস্কাৰি আৰু চাইক্লেমেনো ৰোপন কৰা হয় ।

জম্মু কাশ্মীৰৰ তথ্য বিভাগে এক টুইটযোগে কয়, "এছিয়াৰ সৰ্ববৃহৎ টিউলিপ গাৰ্ডেনত সম্পূৰ্ণৰূপে ফুলিছে ১.৫ নিযুত টিউলিপ ! মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই আজি বিয়লি ২ বজাত টিউলিপ শ্ব' ২০২৫ উদ্বোধন কৰে, যি বসন্তৰ আগমনৰ কথা স্পষ্ট কৰে ।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প